অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অছুৎ কন্যা

অছুৎ কন্যা ( Achhut Kannya; اچھوت کنیا; अछूत कन्या; অসমীয়া অনুবাদ: অস্পৃশ্য কন্যা) ১৯৩৬ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰ। মুম্বাইৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰাৰম্ভিক কালৰ চুপাৰ-হিট এই ছবিখনত এজনী দলিত ছোৱালীৰ ব্যৰ্থ প্ৰেম আৰু আত্মত্যাগৰ কাহিনী চিত্ৰিত কৰা হৈছে।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৫ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

অছুৎ কন্যা ( Achhut Kannya; اچھوت کنیا; अछूत कन्या; অসমীয়া অনুবাদ: অস্পৃশ্য কন্যা) ১৯৩৬ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী চলচ্চিত্ৰ। মুম্বাইৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰাৰম্ভিক কালৰ চুপাৰ-হিট এই ছবিখনত এজনী দলিত ছোৱালীৰ ব্যৰ্থ প্ৰেম আৰু আত্মত্যাগৰ কাহিনী চিত্ৰিত কৰা হৈছে। কুৰি শতিকাৰ আগভাগৰ ভাৰতীয় সমাজখনত দেখা পোৱা জাতিভেদৰ প্ৰাবল্যৰ উমান ছবিখনত পোৱা যায়।১

বোম্বে টকীজৰ দ্বাৰা নিৰ্মিত বহুকেইখন সফল ছবিৰ অন্যতম আছিল অছুৎ কন্যা। ছবিৰ পৰিচালক আছিল ফ্ৰেঞ্জ্ অ’ষ্টেন, সঙ্গীত পৰিচালক আছিল সৰস্বতী দেৱী আৰু গীতৰ ৰচয়িতা আছিল জে.এচ. কাশ্যপ। মুখ্য ভূমিকাত আছিল অশোক কুমাৰ আৰু দেৱিকা ৰাণী।

কাহিনী

আৰু অশোক কুমাৰ]]

গাঁৱৰ গেলামাল দোকানী মোহনৰ পুত্ৰ প্ৰতাপ (অশোক কুমাৰ) আৰু ৰেলৱে লেভেলক্ৰচিঙৰ ৰখীয়া দুখীয়াৰ জীয়ৰী কস্তুৰী (দেৱিকা ৰাণী) সৰুকালৰ বন্ধু আৰু ডাঙৰ হৈ অহাৰ লগেলগে ইজনে সিজনৰ গভীৰ প্ৰেমত পৰে। কিন্তু দুয়োৰে মাজত বিবাহ সম্ভৱ নহ’ল। কাৰণ প্ৰতাপ আছিল ব্ৰাহ্মণ সন্তান আৰু কস্তুৰী আছিল এজনী অচ্যুৎ কন্যা অৰ্থাৎ নিম্নজাতিৰ ছোৱালী। সেইসময়ৰ ভাৰতীয় সমাজ-ব্যৱস্থাত অসবৰ্ণ বিবাহ প্ৰায় অসম্ভৱ আছিল। প্ৰতাপে বিয়া কৰায় মীৰা নামৰ ছোৱালী এজনীক। আনহাতে কস্তুৰীয়ে পিতাক দুখীয়াৰ দৰে লেভেল ক্ৰচিঙৰ ৰখীয়াৰ চাকৰি কৰা মনু নামৰ ইতিপূৰ্বে বিবাহিত ডেকা এজনৰ সৈতে বিয়াত বহে। যদিও বিয়াৰ পিছতো দুয়ো-দুয়োকে পাহৰিব নোৱাৰিলে, তথাপি নিজৰ নিজৰ সংসাৰৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ চেষ্টা চলাই গ’ল। ইফালে মনুৰ প্ৰথম পত্নী কেজৰীয়ে তাইৰ স্বামীৰ জীৱনত আন এগৰাকী নাৰীৰ প্ৰবেশক সহজভাবে লব নোৱাৰিলে। সেয়েহে তাই প্ৰতাপৰ পত্নী মীৰাৰ সৈতে লগ হৈ কস্তুৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিবলৈ ধৰিলে। সেই ষড়যন্ত্ৰৰ অংশ স্বৰূপে সিহঁত দুয়ো এদিন কস্তুৰীক ওচৰৰ গাঁৱত বহা মেলালৈ লৈ গ’ল আৰু অকলশৰে এৰি থৈ আহিল। সেই মেলাত প্ৰতাপেও এখন দোকান দিছিল। উপায়হীন হৈ কস্তুৰীয়ে দোকান সামৰি ঘৰলৈ গৰুগাড়ীৰে উভতি অহা প্ৰতাপৰ সৈতে একেলগে আহিবলৈ বাধ্য হ’ল। কেজৰী আৰু মীৰাই গৈ মনুক প্ৰতাপ আৰু কস্তুৰী একেলগে থকা বুলি টুটুকীয়া লগালে। গৰুগাড়ী আহি লেভেল ক্ৰচিঙৰ ওচৰ পাওঁতে ক্ৰোধান্বিত মনুৱে প্ৰতাপক আক্ৰমণ কৰিলে। ৰেলপথৰ ওপৰতে দুয়োৰ দবৰা-দবৰি লাগিল। এই কাজিয়াখনক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ আশংকাই দেখা দিলে। ইফালে ৰেল এখন আহি আছে। আসন্ন দুৰ্ঘটনা ৰোধ কৰিবলৈ কস্তুৰী ৰেলপথেৰে দৌৰি গৈ ৰেলখন ৰখাবলৈ চেষ্টা কৰিলে। কিন্তু দুৰ্ভাগ্যবশতঃ তাই ৰেলত কটা গৈ মৃত্যুবৰণ কৰিলে।

সমাজে অস্পৃশ্য বুলি গণ্য কৰা এজনী নিৰ্দোষী ছোৱালীয়ে নিজৰ জীৱনদান দি আসন্ন সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা গাঁৱখনক ৰক্ষা কৰি গ’ল। তেতিয়াহে গাঁৱবাসীয়ে সেই সাধাৰণ ছোৱালীজনীৰ মহত্ব উপলব্ধি কৰিলে।

ভূমিকা

  • দেৱিকা ৰাণী ... কস্তুৰী
  • অশোক কুমাৰ ... প্ৰতাপ
  • পি.এফ. পিঠাৱালা ... মোহন, প্ৰতাপৰ পিতৃ
  • কামতা প্ৰসাদ ... দুখীয়া, কস্তুৰীৰ পিতৃ
  • কিশোৰী লাল ... বাবুলাল বৈদ্য
  • কুসুম কুমাৰী
  • প্ৰমিলা
  • আনৱাৰ
  • ইশৰাত

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Achhut Kanya 1936 film

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অছুৎ কন্যা” প্ৰবন্ধৰ সংশোধন ৫০৪৬৫২ (২৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।