অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কাৰ্বি ডিমাছা সংঘৰ্ষ ২০০৫

২০০৫ চনত অসমৰ থলুৱা জনজাতি কাৰ্বি আৰু ডিমাছাসকলৰ মাজত সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষত মুঠতে ১০৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

২০০৫ চনত অসমৰ থলুৱা জনজাতি কাৰ্বি আৰু ডিমাছাসকলৰ মাজত সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষত মুঠতে ১০৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল।১

সংঘৰ্ষ

২০০৫ চনৰ ২৬ ছেপ্তেম্বৰত ডিফু আৰক্ষী থানাৰ অন্তৰ্গত টিছম গাওঁত তিনিজন ডিমাছা অটোচালকক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে। ২০০৫ চনৰ ২ অক্টোবৰত হেমাৰি টেৰাঙ গাঁৱত এটা কাৰ্বি পৰিয়ালৰ ৫ জনকৈ সদস্যক হত্যা কৰা হয়। তাৰ ঠিক দুদিন পিছতেই তিনিজন কাৰ্বিলোকক আপাৰ ডিক্ৰং গাঁৱত হত্যা কৰা হয়। ৮ অক্টোবৰৰ দিনা বৰছিংবে গাঁৱত ৬ জন ডিমাছা আৰু তাৰ পিছদিনা লাংছলিয়েট গাঁৱত আঠজন কাৰ্বিলোকক হত্যা কৰা হয়। তাৰ পিছত ৫ জন ডিমাছাক খেৰণি গাঁৱত হত্যা কৰা হয়। লগতে ১২ অক্টোবৰৰ দিনা এগৰাকী ডিমাছা মহিলাক হত্যা কৰা হয়। ১৬ অক্টোবৰৰ দিনা হোজাইপুৰ, বকলীয়া, যমুনাপুৰ আৰু সিং টেৰণ গাঁৱৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ হয় আৰু পাঁচজনকৈ লোক নিৰুদ্দেশ হয়।২

১৫ অক্টোবৰলৈকে মুঠতে ১২৩ টাকৈ ঘৰ জ্বলাই দিয়া হৈছিল। তাৰে ৬৯ টা ঘৰ কাৰ্বিৰ আৰু ৫৬ টা ডিমাছাৰ আছিল। হাজাৰ হাজাৰ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাই শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছিলগৈ।৩

২৩ জন কাৰ্বি বাছযাত্ৰীক হত্যা

কাৰ্বি ডিমাছা সংঘৰ্ষৰ আটাইতকৈ শোকাৱহ ঘটনাটো হৈছিল ২০০৫ চনৰ ১৭ অক্টোবৰত। সেইদিনা ২৩ জন বাছযাত্ৰীক একেলগে হত্যা কৰা হৈছিল। ঘটনাৰ বিৱৰণীমতে ডিফু অভিমুখে অহা দুখন বাছ কেইজনমান ক’লা কাপোৰ পৰিহিত আক্ৰমণকাৰীয়ে ৰখায় আৰু কাৰ্বি লোক কেইজনক চিনাক্ত কৰি বাছৰ পৰা নামি আহিবলৈ নিৰ্দেশ দিয়ে। তাৰ পিছত ২২ জন যাত্ৰীক তাতেই হত্যা কৰি দুয়োখন বাছত জুই লগাই দিয়ে। ঘটনাস্থলীৰ পৰা পলাই অহা কেইজনমান যাত্ৰীয়ে মিলু আৰক্ষী থানাত খবৰ দিয়ে। এজন আহত যাত্ৰী চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয়।৪৫

শৰণাৰ্থী শিবিৰ

৫৫ টা শৰণাৰ্থী শিবিৰত ২০০ খন গাঁৱৰ ৪৪,৭৪৭ জন মানুহে আশ্ৰয় লৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ (4 august,2014). 471 people died in communal clashes in Assam since 2001: State government. DNA
  2. ↑ (18octobar,2005). Karbi violence: Why it happened
  3. ↑ (15octobar 2005). 123 houses burnt in Assam - Fresh Karbi-Dimasa conflict on eve of peace talks
  4. ↑ (18octobar 2005). 23 Karbis hacked to death in Assam. THE HINDU
  5. ↑ (7 novembar 2005). Say Karbi & You're Dead. OUTLOOK

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজনৈতিক-সাম্প্ৰদায়িক হিংসাত্মক ঘটনাস্বাধীনোত্তৰ অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্বি ডিমাছা সংঘৰ্ষ ২০০৫” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।