অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা

১৯৭৭ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ পৰা ১৪ কিঃমিঃ পশ্চিমে টেকেলা গাঁৱত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কঢ়িয়াই অনা Tu 124 jet, V 643 পুষ্পক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৬৪৭ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

১৯৭৭ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া যোৰহাট নগৰৰ পৰা ১৪ কিঃমিঃ পশ্চিমে টেকেলা গাঁৱত ভাৰতৰ প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইক কঢ়িয়াই অনা Tu 124 jet, V 643 পুষ্পক বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল।১ দেশাইৰ লগত আছিল পুত্ৰ কান্তিভাই দেশাই, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেম খাণ্ডু থুংগন১ আৰু ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক জন ল’ব’। বিমানখনৰ যাত্ৰীসকলক শেষ মূহুৰ্তলৈকে বচোৱাৰ চেষ্টা কৰি পাঁচোজন বৈমানিকেই নিজৰ প্ৰাণ আহুতি দিছিল।২ টেকেলা গাঁৱৰ ধাননি পথাৰত বিমানখনৰ আগভাগৰ অংশটো দি দুৰ্ঘটনাটোত পতিত হৈছিল। ফলত ককপিটটো চুচূৰ্মৈ হৈ গৈছিল আৰু বিমানখনৰ পাছৰ অংশৰ ক্ষয়-ক্ষতি কমকৈ হৈছিল। এই বিমানখনৰ চালক কেইজন আছিল: উইং কমাণ্ডাৰ ক্লাৰেঞ্চ ডি লিমা (Wing Commander Clarence D'Lima), উইং কমাণ্ডাৰ যোগিন্দৰ সিং (Wing Commander Joginder Singh), স্কোৱাড্ৰন লীডাৰ মেথিউ চাইৰিয়াক (Squadron Leader Mathew Cyriac), স্কোৱাড্ৰন লীডাৰ ভি ভি এছ শংকৰ (Squadron Leader V V S Sankar) আৰু ফ্লাইট লেফটেনেণ্ট অ’ পি অৰোৰা (Flight Lieutenant O P Arora)।২৩

বৈমানিক

ভাৰতৰ ভি. আই. পি ফ্লাইটবোৰ পৰিচালনা কৰে বিমান বাহিনীৰ কমিউনিকেশ্যন স্কোৱাড্ৰনবোৰে। তাত কিছুমান অভিজ্ঞ ব্যক্তিক চালক হিচাপে নিযুক্তি দিয়া হয়। উইং কমাণ্ডাৰ মি. মলহোট্ৰাক প্ৰথমে পুষ্পকৰ বিশেষ ভ্ৰমণৰ দায়িত্ব দিয়া হৈছিল যদিও কিবা কাৰণত তেওঁ সেই দায়িত্ব উইং কমাণ্ডাৰ ডি. লিমা লৈ হস্তান্তৰ কৰিছিল। সেই সুদক্ষ চালকজনক আন চাৰিজন অভিজ্ঞ চালকে সহায় কৰিছিল। এই দুৰ্ঘটনাত আটাইকেইজন বৈমানিকৰ মৃত্যু হয়।৪

দুৰ্ঘটনাৰ ৰিপ’ৰ্ট

শুকুৰবাৰে মোৰাৰজী দেশাই উত্তৰ-পূব ভাৰতৰ ছদিনীয়া ভ্ৰমণসূচী লৈ যোৰহাটলৈ আহিছিল। লগত আছিল অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পি কি থুংগন, ইণ্টেলিজেঞ্চ ব্যুৰোৰ সঞ্চালক জন ল’ব’ (Intelligence Burea Director John Lobo) আৰু পুত্ৰ কান্তিলাল দেশাই।২ পালম বিমান বন্দৰৰ পৰা তেওঁলোক সন্ধিয়া ৫ বাজি ৩ মিনিটত যোৰহাটলৈ বুলি ৰাওনা হৈছিল। প্ৰায় দুঘণ্টা ত্ৰিশ মিনিটৰ পিছত বিমানখন টেকেলা গাঁৱত দুৰ্ঘটনাত পতিত হৈছিল।৩

দুৰ্ঘটনাৰ ৰিপ’ৰ্ট মতে, এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ অন্তিমটো বাৰ্তাত ৭বাজি ৪২ মিনিটত Tupolev-124K বিমানখন বিমান বন্দৰৰ ৰাণৱেৰ লগত সংৰেখিত (align) আছিল বুলি জনা গৈছিল।২ এয়াৰ মাৰ্শ্বেল ডি. চুবাইহ (Air Marshall D Subaiah)ৰ ভাষ্য মতে বিমানখন অৱতৰণৰ পূৰ্বে বহু তললৈ নামি আহিছিল আৰু ৰাণৱে পোৱাৰ আগ মূহুৰ্তত গছ-গছনিক খুন্দা মাৰে। এয়েই আছিল বিমানখন দুৰ্ঘটনা হোৱাৰ মূল কাৰণ। বিমানখন বেছি উচ্চতাত থকাৰ বাবে আৰু ৰাণৱেৰ লগত বিমানখন সংৰেখিত (align) নাছিল বাবে প্ৰথমবাৰ অৱতৰণ কৰিব নোৱাৰিছিল। দ্বিতীয় বাৰ অৱতৰণ কৰিবলৈ লওঁতে বিমান চালক সকলে 'timed circuit' landingৰ জৰিয়তে বিমানখন অৱতৰণ কৰোৱাৰ চেষ্টা কৰিছিল।৩

ক্ষয়-ক্ষতি

এই দুৰ্ঘটনাটোত বিমানখনৰ মূল অংশত থকা যাত্ৰীসকলৰ এজনো নিহত হোৱা নাছিল। যিকেইজন নিহত হৈছিল তেওঁলোক বিমানখনৰ চালকহে আছিল। বিমানখনে জোকাৰ মাৰোঁতে আসনৰ সন্মুখৰ টেবুলত খুন্দা খাই প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে মাত্ৰ নাকতহে আঘাত পাইছিল আৰু তাৰ পৰা তেজ নিগৰি আহিছিল।৪

উদ্ধাৰ অভিযান

এই দুৰ্ঘটনাটোত বিমানখনৰ চালক ডি লিমা ককপিটৰ পিছৰ অংশত তেওঁৰ পিছফালৰ অভাৰঅলটোৰ পিছফালি হাউলি ৰৈছিল। বাকী চাৰিজন চালকৰ মৃতদেহবোৰ বিমানখনৰ প্ৰথম খুন্দা খোৱা ঠাইৰ পৰা ৰৈ যোৱা ঠাইলৈকে সিঁচৰতি হৈ পৰিছিল। তেওঁলোকৰ দেহৰ অৱশিষ্ট অংশবোৰ গাঁৱৰ যুৱকসকলে বিচাৰি আনি ধ্বংসপ্ৰাপ্ত বিমানখনৰ ওচৰত গোটাইছিলহি।

সামৰিক বাহিনীত খবৰ যি সময়ত গাঁৱৰ কিছুসংখ্যক লোক ধ্বংসপ্ৰাপ্ত বিমানখনৰ ওচৰত স্বেচ্ছাসেৱকৰ কামত লাগি আছিল, সেই সময়তে আন কেইজনমান লোকে ৰৰৈয়া বিমান বন্দৰত খবৰটো দিবলৈ ব্যৱস্থা কৰিছিল। সেই সময়ত টেকেলা গাঁৱত তাঁৰসেৱাৰ কোনো ব্যৱস্থা নাছিল। অঞ্চলটোৰ ভিতৰত একমাত্ৰ গাড়ীখন আছিল গাঁৱৰে শিক্ষক তৰুণ চুতীয়াৰ। ড্ৰাইভাৰ নথকা বাবে নিজৰ "হাফটন" গাড়ীখন (মিনি ট্ৰাক) লৈ ভালদৰে চলাব নজনা স্বত্বেও দুজনমানক লগত লৈ ৰৰৈয়া বিমান ঘাটিত খবৰ দিবলৈ গৈছিল। গাঁৱৰ ৰাইজে আঘাতপ্ৰাপ্তসকলক যিপাৰি শুশ্ৰূষা কৰি থাকিল। ১০ কিঃমিঃ দূৰৈৰ ৰৰৈয়ালৈ যোৱাৰ পথত আধাবাটতে গাড়ীখনত বিজুতি ঘটিছিল। সেই দুজন লোকে ওচৰৰ চাইকেল যোগাৰ কৰি পাঁচ কিঃমিঃ পথ অতিক্ৰম কৰিছিল। কিছুসময়ৰ পাছত গাড়ী ভাল হৈ উঠিছিল। সেইখন গাড়ীয়েই সামৰিক বাহিনীৰ গাড়ীক ৰৰৈয়াৰ পৰা দুৰ্ঘটনাস্থলীলৈ বাট দেখুৱাই লৈ আহিছিল। একে সময়তে পুষ্পকৰ কম আঘাতপ্ৰাপ্ত যাত্ৰী সাংবাদিক মি. গোবিন্দ কুট্টী গাঁৱৰ শিক্ষক হিতেশ্বৰ বৰুৱা, হিলেধৰ বৰাই চাৰি কিঃমিঃ দূৰৈৰ চাপ্লাই ডিপ’ত খবৰ দিবলৈ গৈছিল।৪

সামৰিক বাহিনীৰ আগমন ৰৰৈয়াৰ পৰা ঘটনাটো ঘটাৰ প্ৰায় তিনি ঘণ্টামানৰ মূৰত এম্বুলেন্স আৰু সামৰিক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈছিল। ৰাস্তাৰ পৰা প্ৰধানমন্ত্ৰী আৰু সতীৰ্থসকলে আশ্ৰয় লোৱাৰ ঠাইলৈ সোমোৱা বাটটো দুফুটমানহে বহল আছিল। সেয়ে গাড়ী সোমোৱাত অসুবিধা হৈছিল। অৱশেষত নিৰাপত্তীৰক্ষীৰ সহায় নোলোৱাকৈ গাঁৱৰ মানুহৰ কান্ধত ধৰি দেশায় আৰু সতীৰ্থসকল গাড়ীলৈ আহিছিল। মৃত চালক কেইজনক ধ্বংসপ্ৰাপ্ত বিমানখনৰ ওচৰতে বায়ুসেনাৰ দায়িত্বত এৰি তেওঁলোক ৰৰৈয়া বায়ুসেনা চিকিৎসালয়লৈ গৈছিল।৪

বিমান প্ৰায় চাৰিমাহমান দৰ্শনাৰ্থীৰ ভিৰৰ বাবে পুষ্পকৰ বাকী অংশ পথাৰতে পৰি আছিল। ঘটনাৰ কেইদিনমান পাছতে অ’ত ত’ত পৰি থকা অংশবোৰ গোটাই পেলোৱা হৈছিল। চাৰিমাহমানৰ মূৰত গেছ-জুইৰে পুষ্পকক টুকুৰা-টুকুৰকৈ কাটি টুকুৰাবোৰ লৈ যোৱা হৈছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Nandini R Iyer. (September 02, 2009). Ex-Arunachal CM flying with Morarji Desai recalls 1977 horror. HT Media Limited
  2. ↑ TNN. (Sep 3, 2009). Flashback: When Morarji walked out of a plane wreck. Times of India
  3. ↑ BIJU BABU CYRIAC. (NOV 3). Accident Report of Tu 124 jet, V 643 Pushpak at Jorhat. Warbirds of India
  4. ↑ (1993). মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা. প্ৰান্তিক. পৃ. ২০, ২১ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

বিমান দুৰ্ঘটনাস্বাধীনোত্তৰ অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোৰাৰজী দেশাইৰ বিমান দুৰ্ঘটনা” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৮০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।