অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অসমত হোৱা ভূমিকম্প (১৯৪৭)

১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল। ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

১৯৪৭ চনৰ ২৯ জুলাই তাৰিখে হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত সৃষ্টি হোৱা ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৩ ৰিখটাৰ স্কেল।১ ভাৰতৰ সীমান্তৱৰ্তী এলেকা (সেই সময়ত ব্ৰিটিছ ইণ্ডিয়াৰ অধীনত আছিল) আৰু চীনত ইয়াক অনুভৱ কৰা হৈছিল। কিছুমান সূত্ৰই ভূমিকম্পৰ অভিকেন্দ্ৰটো ভাৰতত আৰু কিছুমানে চীনত বুলি কৈছে।২৩ চীনৰ মতে, তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ নাং কাণ্টিতহে এই ভূমিকম্পৰ অনুভৱ কৰা হৈছিল।৪

ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰ অঞ্চলৰ কিছুমান দেৱালত ফাঁট মেলা দেখা গৈছিল। গুৱাহাটীত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰাৰ কথাও শুনা যায়।৩

ভূমিকম্প

এই ভূমিকম্পটো ভাৰত আৰু তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ সীমান্তৰ ওচৰত অৱস্থিত আছিল। কিছুমান উৎস অনুসৰি ইয়াৰ উপকেন্দ্ৰ ভাৰতত, আৰু কিছুমানে তিব্বতত স্থাপন কৰিছে।৫৩ এই ভূমিকম্পত মুক্ত হোৱা ভূকম্পীয় শক্তি প্ৰায় 1.5×1020 নিউটন-মিটাৰ আছিল।৬ ভূমিকম্পটোৰ প্ৰকৃত কাঠামো সুস্পষ্টভাৱে জানিব পৰা হোৱা নাই।৭ চীনাৰ গ্ৰন্থসমূহত এই ভূমিকম্পটো সাধাৰণতে তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ নাং জিলাৰ ওচৰত অৱস্থিত বুলি উল্লেখ কৰা হয়।৮

ক্ষতি

ডিব্ৰুগড়, যোৰহাট আৰু তেজপুৰত ঘৰৰ ভিনালীত ফাট ধৰা পৰিছিল। গুৱাহাটীত বিদ্যুৎ যোগান ব্যাহত হৈছিল।৩

আন ভূকম্পীয় ঘটনা

এই সীমান্ত অঞ্চলটো ১৯৫০ চনৰ ১৫ আগষ্টত ৮.৬ প্ৰাবল্যৰ অসম–তিব্বত ভূমিকম্প, ১৯৫০ৰে আক্ৰান্ত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ "Global Seismicity: 1900 - 1999" by E. R. Engdahl and A. Villaseñor
  2. ↑ আৰ্কাইভ কপি
  3. ↑ aasc.nic.in/course%20material/Disaster/documenta
  4. ↑ "青藏块体8级左右地震前中强地震活动图像的相似性演化" by 朱红彬
  5. ↑ National Geophysical Data Center / World Data Service (NGDC/WDS). (1972). Significant Earthquake Database. National Geophysical Data Center, NOAA
  6. ↑ Delescluse, M.; Chamot-Rooke, N. (2007). Instantaneous deformation and kinematics of the India-Australia Plate. Geophysical Journal International. পৃ. 818
  7. ↑ Sengupta, P.; Nath, S. K.; Thingbaijam, K. K. S. (2011). Fractal analysis of major faults in India on a regional scale. Journal of the Geological Society of India. পৃ. 229
  8. ↑ "青藏块体8级左右地震前中强地震活动图像的相似性演化" by 朱红彬

সম্পৰ্কিত শ্ৰেণী

প্ৰাকৃতিক দুৰ্যোগভূমিকম্পস্বাধীনোত্তৰ অসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত হোৱা ভূমিকম্প (১৯৪৭)” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৮৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।