অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ

২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱসত অসমৰ ধেমাজিত হৈছিল। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল। এই বোমা বিস্ফোৰণত ১৮ মানুহ নিহত আৰু ৪০ জন আহত হৈছিল।

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱসত অসমৰ ধেমাজিত হৈছিল। ধেমাজি মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা শিশুৰ ওপৰত চলোৱা এই বোমা বিস্ফোৰণৰ দায়িত্ব সংযুক্ত মুক্তি বাহিনী, অসমে লৈছিল। এই বোমা বিস্ফোৰণত ১৮ মানুহ নিহত আৰু ৪০ জন আহত হৈছিল। ইয়াৰ ভুক্তভোগী ১২ৰ পৰা ১৪ বছৰ বয়সৰ শিশু আৰু তেওঁলোকৰ মাতৃ আছিল।১২৩৪৫

বিৱৰণ

২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপনৰ বাবে ধেমাজি মহাবিদ্যালয়ৰ পেৰেড স্থানত বহুতো লোক ঘাইকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ মাতৃ গোট খাইছিল। পুৱা ৯ বাজি ৩০ মিনিটত বোমা বিস্ফোৰিত হয়। ইয়াৰ ফলত ১৮ জন মানুহ নিহত আৰু কেইবাজনো আহত হয়।১২৩৪ আৰক্ষীৰ মতে বোমাটো মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ কাষত সংস্থাপন কৰা হৈছিল৪ আৰু ৰিমোট কনট্ৰলৰ সহায়ত বিস্ফোৰণ ঘটোৱা হৈছিল।২ যেতিয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলে প্ৰৱেশ দ্বাৰেৰে পাৰ হৈ গৈছিল তেতিয়া বোমাটো বিস্ফোৰিত হয়।৪

তাৎক্ষণিক প্ৰতিক্ৰিয়া

বিস্ফোৰণৰ পিছত স্থানীয় লোকসকলে সেই স্থানৰ আৰক্ষীৰ বাহনসমূহক পেৰেড স্থানৰ সুৰক্ষাত অক্ষম হোৱাৰ বাবে আক্ৰমণ কৰে। উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচে লাঠী চাৰ্জ আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয়।১৩ ধেমাজিৰ আৰক্ষী অধীক্ষক টি. থাংগো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আবু চুফীয়ানক কৰ্তব্যত গাফিলতিৰ বাবে তাৎক্ষণিক ভাৱে নিলম্বিত কৰা হয়। ইয়াৰ লগতে সুৰক্ষা ব্যৱস্থাৰ সুৰুঙাৰ বাবে জিলা উপয়ুক্তক বদলি কৰা হয়।২৩৪

প্ৰতিক্ৰিয়া

বিস্ফোৰণত আহত সকলক ধেমাজি অসামৰিক চিকিৎসালয় আৰু ১০ গৰাকী গুৰুতৰ ভাবে আহত ব্যক্তিক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।২৩৪ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই বিস্ফোৰণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।২৩ ইয়াৰ লগতে তেওঁ ১৬ আগষ্ট দিনটোক প্ৰতি বছৰে বিস্ফোৰণত আহত ব্যক্তিৰ স্মৃতিত "শোক দিৱস" পালন কৰাৰ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ বিস্ফোৰণত নিহত সকললৈ ৩ লাখ আৰু আহত সকললৈ ৫০ হাজাৰ টকা একঁকালীন সাহায্য ঘোষণা কৰে।২ ধেমাজি আৰু লখিমপুৰ ৰ সদৌ অসম ছাত্ৰ সন্থাৰ শাখায়ে বিস্ফোৰণৰ প্ৰতিবাদত ১৬ আগষ্টত ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান কৰে।২৪৪

বিস্ফোৰণৰ দায়িত্ব

আৰক্ষীৰ প্ৰাথমিক তদন্তত বিস্ফোৰণত সংযুক্ত অসম মুক্তি বাহিনী জড়িত আছে বুলি উল্লেখ কৰিছিল যদিও তেওঁলোকে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাছিল।৪ বিস্ফোৰণৰ পাঁচ বছৰ পিছত ২০০৯ চনৰ ১৩ ডিচেম্বৰত সংযুক্ত অসম মুক্তি বাহিনীৰ সেনাধ্যক্ষ পৰেশ বৰুৱায়ে ইমেইল যোগে ইয়াৰ দায়িত্ব স্বীকাৰ কৰে আৰু ৰাজহুৱাকৈ ক্ষমা খোজে।৫

ন্যায়ালয়ৰ ৰায়

২০১৯ চনৰ ২০ জুন তাৰিখে ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে ধেমাজি বোমা বিস্ফোৰণ ৰায় দিয়ে। ধেমাজি বোমা বিস্ফোৰণৰ ১৫ জন অভিযুক্তৰ ৬ জনক দোষী সাব্যস্ত কৰা হয়। ৮ জনক উপযুক্ত সাক্ষী প্ৰমাণ নথকাৰ বাবে ৰেহাই দিয়া হয়। মুহী সন্দিকৈ, যতীন দুৱৰী, দীপাঞ্জলী গোহাঁই, লীলা গগৈ ওৰফে লীলা খানক যাৱৎজীৱন কাৰাদণ্ড আনহাতে প্ৰশান্ত ভূঞা,হেমেন গগৈক চাৰি বছৰৰ কাৰদণ্ডৰ ৰায় দিয়া হয়।

তথ্যসূত্ৰ

  1. ↑ (15 August 2004). Bombs kills many at Indian parade. BBC News
  2. ↑ Talukdar, Sushanta. (Aug 16, 2004). 16 killed, 40 injured in Assam blast. The Hindu
  3. ↑ (August 15, 2004). 17 killed in Assam blast, Dhemaji SP suspended. Rediff News
  4. ↑ Rahman, Isfaqur. (August 22, 2004). Killing of School Kids in Assam. People’s Democracy
  5. ↑ (Dec 13, 2009). ULFA apologises for 2004 I-Day parade ground bombing. City Bengaluru

সম্পৰ্কিত শ্ৰেণী

স্বাধীনোত্তৰ অসমসন্ত্ৰাসবাদী আক্ৰমণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০০৪ চনৰ ধেমাজিৰ বোমা বিস্ফোৰণ” প্ৰবন্ধৰ সংশোধন ৪০০৩৯৩ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।