২০১৩ চনৰ ৬ জানুৱাৰীত অসমৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমা ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন (পঞ্জীয়নভুক্ত) শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰাৰ লগতে জাতীয় সংগীত অসমৰ জাতীয় গীত পৰিৱেশন কৰি এক নতুন অভিলেখ সৃষ্টি কৰে।১২৩ এই অনুষ্ঠানৰ মূল লক্ষ্য আছিল বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা আৰু মহাপুৰুষ শংকৰদেৱৰ বিশ্বজনীন আদৰ্শ আৰু সাংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়া।৪ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদ্যোগত আৰু সংঘৰ তিতাবৰ জিলাৰ উদ্যোগত কেইবামাহো ধৰি চলা অনুশীলনৰ অন্তত অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলোৱা হয়। প্ৰায় ৫০ সহস্ৰাধিক জনতা, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা এছিয়ান বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত এই দুয়োটা অনুষ্ঠান পৰিৱেশন কৰা হয়।৪
অভিলেখৰ প্ৰস্তুতি
শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সংঘ তিতাবৰ জিলাই যুটীয়া ভাৱে এক অভিলেখ গঢ়াৰ কথা সিদ্ধান্ত লৈছিল।৪ বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ বিশ্বজনীন আদৰ্শ আৰু সাংস্কৃতিক বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়াই এই অনুষ্ঠানৰ মূল লক্ষ্য আছিল।৪ প্ৰথমতে, শ্ৰীমন্ত শংকৰদেৱ সংঘই ১১ হাজাৰ লোকে খোল বজাই অভিলেখ গঢ়াৰ কথা সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ব্যাপক সঁহাৰি আহিছিল। অৱশেষত তেওঁলোকে এই সংখ্যা ১৪,৮৩৩ জনলৈ বৃদ্ধি কৰিছিল। কেইবামাহো ধৰি চলা অনুশীলনৰ অন্তত ২০১৩ চনৰ ৬ জানুৱাৰীত এই অভিলেখ গঢ়াৰ প্ৰচেষ্টা চলোৱা হয়।১
আখৰা প্ৰথমতে, অসমৰ বিভিন্ন জিলাৰ সংঘৰ সাংস্কৃতিক সম্পাদকসকলে নিজ নিজ স্থানৰ শিল্পীসকলৰ সৈতে অনুশীলন আৰম্ভ কৰিছিল। অৱশেষত মূল অনুষ্ঠানৰ আগদিনা তিতাবৰৰ ন-আলিৰ সমন্বয় ক্ষেত্ৰত সকলোৱে মিলি একেলগে অন্তিম আখৰা কৰে।
উদ্বোধনী সভা
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তৰ সভাপতিত্বত উদ্বোধনী সভা অনুষ্ঠিত হৈছিল। গৌৰৱ গগৈয়ে স্মৃতিগ্ৰন্থ খিত দিত ধেই দাও উন্মোচন কৰে।৩ এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, তেওঁৰ পুত্ৰ গৌৰৱ গগৈ, শ্ৰী মন্ত সংঘৰ অন্যতম প্ৰতিষ্ঠাতা সোণাৰাম চুতীয়া, সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত, বিধায়ক অৰুণ ফুকন আৰু ৰণজিৎ দাস উপস্থিত আছিল।১
খোলবাদনৰ অনুষ্ঠান
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বছৰজোৰা প্ৰচেষ্টাৰ অন্তত ২০১৩ চনৰ ৬ জানুৱাৰী তাৰিখে তিতাবৰ মহকুমা ন-আলিৰ কাষৰ সমন্বয় ক্ষেত্ৰত অসমৰ উপৰি বহিঃৰাজ্যৰ ১৪,৮৩৩ জন শিল্পীয়ে খোলবাদ্য পৰিৱেশন কৰি অভিলেখ স্থাপন কৰে।৫২ সমন্বয় ক্ষেত্ৰত ৩০০×৭০ মিটাৰ আয়তনৰ বিশাল পথাৰত বিয়লি ১ বাজি ৫ মিনিটৰ পৰা ১৫ মিনিটৰ বাবে এই অনুষ্ঠান আৰম্ভ হয়।৪ বিশাল পথাৰখনত ৫০ সহস্ৰাধিক জনতা, ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ তথা এছিয়ান বুক অফ ৰেকৰ্ডছৰ প্ৰতিনিধিৰ উপস্থিতিত এই অনুষ্ঠান পৰিৱেশন কৰা হয়।৪ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে খোলত চাপৰ মাৰি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।৩ ইয়াৰ পিছতেই ১৪,৮৩৩ জন শিল্পীয়ে একেলগে খোল বাদন কৰে।২ ১০ মিনিট যোৱাৰ পিছতেই ১ বাজি ২০ মিনিটত পৰ্যবেক্ষেক অভিজিত বৰুৱাই কাৰ্যসূচী সফলতাৰে সামৰণি পৰিল বুলি ঘোষণা কৰে।৪
ইয়াৰ পিছত অভিজিত বৰুৱাই থাওকতে লোৱা সিদ্ধান্ত মৰ্মে বায়ন শিল্পীসকলক একেলগে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি আন এক বিশ্ব অভিলেখৰ বাবে সাজু হ’বলৈ আহ্বান জনায়।৪ লগে লগে সকলো শিল্পীয়ে অসমৰ জাতীয় সংগীত অসমৰ জাতীয় গীত পৰিৱেশন কৰে। ঠিক ১ মিনিট ২০ ছেকেণ্ডত জাতীয় সংগীত পৰিৱেশন সমাপ্ত কৰা হয়।৪
অভিলেখ
এই অনুষ্ঠানটোৰ পৰ্যবেক্ষক হিচাপে আছিল গীনিজ বুক অফ ৰেকৰ্ডৰ উত্তৰ-পূব ভাৰতৰ প্ৰতিনিধি অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰ। এই অনুষ্ঠানটোৱে ১০ মিনিট অতিক্ৰম কৰাৰ পিছতেই অভিজিত বৰুৱাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নামভৰ্তি হ’ল বুলি ঘোষণা কৰে।৫ লগতে তেওঁ ইয়াকো জনাই যে, বিশ্ব অভিলেখৰ বাবে এছিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰাবলৈ প্ৰস্তাৱ দিয়া হৈছে। অংকিতা বৰঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত আৰু প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকাৰ হাতত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ স্মাৰক আৰু আনুষ্ঠানিক প্ৰমাণ-পত্ৰ প্ৰদান কৰে।১
আনহাতে, পূৰ্বৰ সিদ্ধান্ত নথকাৰ হেতু জাতীয় সংগীতৰ বাবে আনুষ্ঠানিক প্ৰমাণ-পত্ৰ আৰু স্মাৰক প্ৰদান কৰিব নোৱাৰিলে।৪ প্ৰতিনিধিদ্বয় অভিজিত বৰুৱা আৰু অংকিতা বৰঠাকুৰে কয় যে, এছিয়া বুক অফ ৰেকৰ্ডছ আৰু গীনিজ বুক অফ ৰেকৰ্ডছৰ বাবে তেওঁলোকে অনুষ্ঠানিক যোগাযোগ সম্পন্ন কৰিব।৪৫
প্ৰতিক্ৰিয়া
এই অনুষ্ঠানৰ উদ্বোধনী সভাত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে, শংকৰদেৱৰ দৰ্শন আৰু আদৰ্শৰ যিমানেই প্ৰসাৰ আৰু জনপ্ৰিয়তা বাঢ়িব সিমানেই সমাজত শান্তি-সম্প্ৰতি আৰু সমন্বয় গঢ় লৈ উঠিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্তই কয় যে, এই সফলতা কেৱল সংঘৰ ৰাইজৰে নহয়, সমগ্ৰ অসমবাসীৰে সফলতা। লগতে তেওঁ কয় যে, বিশ্বত মহাপুৰুষজনাক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সেয়া এক পদক্ষেপ আছিল।৪
বাহ্যিক সংযোগ
- ইউ টিউবত এই অনুষ্ঠানৰ এটি ভিডিঅ'
- টিভিত সম্প্ৰচাৰিত হোৱা বাতৰিৰ ভিডিঅ'
- Khol and the gang: 15,000 Indians play traditional drums for 15 minutes in attempt to set record for largest percussion ensemble
- Mass Khol playing world record attempted in India
- Assam’s khol players set new record
তথ্যসূত্ৰ
- ↑ (7 January, 2013). ১৫ হাজাৰ বায়নৰ খোলত চাপৰ, অভিলেখ. The Dainik Janambhumi. পৃ. 1,12
- ↑ (07 January 2013). Assam’s khol players set new record. News Live
- ↑ (৭ জানুৱাৰী, ২০১৩). দেৱবাদ্য ধ্বনিৰে বিশ্ব অভিলেখ তিতাবৰত. অসমীয়া খবৰ. পৃ. ১, ৬
- ↑ (৭ জানুৱাৰী, ২০১৩). ১৪,৮৩৩ শিল্পীৰে খোলবাদনেৰে. আমাৰ অসম. পৃ. ১
- ↑ (January 07, 2013). Assam’s khol players set new record. khaleejtimes
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিতাবৰত খোল বাদনেৰে অভিলেখ” প্ৰবন্ধৰ সংশোধন ৪২৭৮৪৩ (৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।