অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হোমাই ভ্যাৰাৱালা

হোমাই ভ্যাৰাৱালা (Homai Vyarawalla; ৯ ডিচেম্বৰ ১৯১৩ – ১৫ জানুৱাৰী ২০১২) আছিল ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক। তেখেত সাধাৰণতে ছদ্মনাম "ডালডা ১৩" নামেৰে পৰিচিত। তেওঁ ১৯৩০ৰ দশকত ফটো সাংবাদিকতাৰ জগত খনৰ জড়িত হৈছিল আৰু ১৯৭০ৰ দশকৰ প্ৰথমাৰ্ধত তেওঁ অৱসৰ গ্ৰহণ কৰে।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৫ ২৯৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

হোমাই ভ্যাৰাৱালা (Homai Vyarawalla; ৯ ডিচেম্বৰ ১৯১৩ – ১৫ জানুৱাৰী ২০১২) আছিল ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক। তেখেত সাধাৰণতে ছদ্মনাম "ডালডা ১৩" নামেৰে পৰিচিত।১২ তেওঁ ১৯৩০ৰ দশকত ফটো সাংবাদিকতাৰ জগত খনৰ জড়িত হৈছিল আৰু ১৯৭০ৰ দশকৰ প্ৰথমাৰ্ধত তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০১১ চনত ভাৰত চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।৩৪

২০১৭ চনৰ ৯ ডিচেম্বৰ তাৰিখে গুগুলে তেওঁৰ ১০৪তম জন্মদিনৰ লগত সংগতি ৰাখি এক ডুদল প্ৰদৰ্শন কৰে।

ব্যক্তিগত জীৱন

হোমাই ভ্যাৰাৱালায়ে মাণিকশাও জামছেদজী ভ্যাৰাৱালাৰ লগত বিবাহপাশত আৱদ্ধ হৈ। তেওঁ এজন একাউটেণ্ট আৰু টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ ফটোগ্ৰাফাৰ আছিল।৫

তেখেতৰ মৃত্যুৰ পিছত হোমাই ভ্যাৰাৱালায়ে ভাদডৰালৈ গুচি আহে আৰু ১৯৭৩ চনত ফটোগ্ৰাফী এৰি দিয়ে।

তাৰপিছত তেওঁ ৰাজস্থানৰ পিলানীলৈ যায়। তেওঁৰ পুত্ৰ ফাৰুক বিৰলা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, পিলানীৰ অধ্যাপক আছিল। ১৯৮২ চনত তেওঁ পুত্ৰৰ লগত আকৌ বৰডালৈ ঘূৰি আহে।৬ ১৯৮৯ চনত তেওঁৰ পুত্ৰৰ কেঞ্চাৰ ৰোগত মৃত্যু হোৱাৰ পিছত তেওঁ বৰডাৰ এক এপাৰ্টমেণ্টলৈ গুচি আহে আৰু নিজৰ সময় বাগিছাত অতিবাহিত কৰিছিল।৭

কৰ্মজীৱন

১৯৩০ৰ দশকত ভ্যাৰাৱালায়ে তেওঁৰ কৰ্মজীৱনৰ পাতনি মেলিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মুম্বাইৰ এখনি আলোচনীত তেওঁৰ এলানি বিখ্যাত ক'লা আৰু বগা আলোকচিত্ৰ প্ৰকাশ হৈছিল।৮ কৰ্ম জীৱনৰ পাতনিত যিহেতু তেওঁক কোনোৱে চিনি নাপাইছিল আৰু মহিলা হোৱাৰ বাবে তেওঁৰ ফটো তেখেতৰ স্বামীৰ নামত প্ৰকাশিত হৈছিল।৯

লাহে লাহে তেওঁৰ ফটোগ্ৰাফী ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত হবলৈ ধৰে। ১৯৪২ চনত তেওঁ দিল্লীৰ ব্ৰিটিছ তথ্য সেৱাত যোগদান কৰে। সেই সময়ছোৱাত তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত বিভিন্ন ৰাজনৈতিক আৰু ৰাষ্ট্ৰীয় নেতাৰ ফটো তুলিবলৈ সুযোগ পায়। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল মোহনদাস কৰমচান্দ গান্ধী, জৱাহৰলাল নেহৰু, মুহাম্মদ আলি জিন্নাহ আৰু ইন্দিৰা গান্ধী।৯

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু তেখেতৰ প্ৰিয় ফটোৰ বিষয় আছিল।

তেওঁৰ বেছিভাগ ফটো "ডালডা ১৩" ছদ্মনামত প্ৰকাশ হৈছিল।১০.

১৯৭০ চনত তেওঁৰ স্বামীৰ মৃত্যুৰ লগে লগে তেওঁ পেশাদাৰী ফটোগ্ৰাফী সম্পূৰ্ণৰূপে এৰি দিয়ে।১১ পিছলৈ তেওঁ তেখেতৰ ফটোগ্ৰাফৰ সংগ্ৰহখিনি কলাৰ লগত জড়িত দিল্লীৰ আলকাজী ফাউণ্ডেচনক দিয়ে।

২০১০ চনত ৰাষ্ট্ৰীয় আধুনিক কলা গেলেৰী আৰু আলকাজী ফাউণ্ডেচনৰ যুটীয়া প্ৰচেষ্টাত তেওঁৰ ফটোগ্ৰাফ সমূহ প্ৰদৰ্শিত কৰা হয়।৮

২০১৭ চনৰ ৯ ডিচেম্বৰ তাৰিখে গুগুলে তেওঁৰ ১০৪তম জন্মদিন উপলক্ষে এক ডুদল প্ৰদৰ্শন কৰে। ১২

মৃত্যু

২০১২ চনৰ ১৫ জানুৱাৰী তাৰিখে শ্বাস-প্ৰশ্বাসজনিত ৰোগত তেওঁ বৰোডাত শেষ নিশ্বাস ত্যাগ কৰে।

তথ্যসূত্ৰ

  1. ↑ Pandya, Haresh. (2012). Homai Vyarawalla, Indian Photojournalist, Dies at 98. The New York Times
  2. ↑ (2017-03-24). Homai Vyarawalla: India's First Female Photojournalist · #IndianWomenInHistory. Feminism in India
  3. ↑ (23 January 2011). An iconic observer – The curious life and times of Homai Vyarawalla. The Telegraph
  4. ↑ (25 January 2011). Homai gets Padma Vibhushan. The Times of India
  5. ↑ Pandya, Haresh. (2012). Homai Vyarawalla, Indian Photojournalist, Dies at 98. The New York Times
  6. ↑ Homai Vyarawalla: First lady of the lens
  7. ↑ Sabeena., Gadihoke,. (2010). India in focus: camera chronicles of Homai Vyarawalla. Mapin Publishing in association with Parzor Foundation. ISBN 1935677071
  8. ↑ (3 March 2011). Meet India's first lady photographer Homai Vyarawalla. Rediff.com
  9. ↑ Gadihoke, Sabeena. Homai Vyarawalla: India's First Female Photojournalist. Time
  10. ↑ Homai Vyarawalla: First lady of the lens
  11. ↑ Haresh Pandya, "Homai Vyarawalla, Pioneering Indian Photojournalist, Dies at 98", New York Times, 29 January 2012
  12. ↑ Kalam, M. (2017-12-09). Homai Vyarawalla: Google Doodle celebrates India’s first female photojournalist. TechObserver

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকফটোগ্ৰাফাৰপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোমাই ভ্যাৰাৱালা” প্ৰবন্ধৰ সংশোধন ৫৩৭১৩১ (৪ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।