অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাৰিয়া ৰেচ্ছা

মাৰিয়া এঞ্জেলিটা ৰেচ্ছা (Maria Angelita Ressa (জন্ম-২ অক্টোবৰ, ১৯৬৩)) হৈছে ফিলিপাইনছৰ এগৰাকী সাংবাদিক আৰু লেখক। তেখেত ফিলিপাইনছৰ অনলাইন সংবাদ ৱেবছাইট ৰেপলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক। তেখেত ফিলিপাইনছৰ প্ৰথমগৰাকী স্বতন্ত্ৰ ন'বেল বঁটা বিজয়ী।

হালনাগাদ: ১৯ জুন ২০২৬ ৬৩৭ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মাৰিয়া এঞ্জেলিটা ৰেচ্ছা (Maria Angelita Ressa (জন্ম-২ অক্টোবৰ, ১৯৬৩)) হৈছে ফিলিপাইনৰ এগৰাকী সাংবাদিক আৰু লেখক। তেখেত ফিলিপাইনছৰ অনলাইন সংবাদ ৱেবছাইট ৰেপলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক। তেখেত ফিলিপাইনছৰ প্ৰথমগৰাকী স্বতন্ত্ৰ ন'বেল বঁটা বিজয়ী। ১ ইয়াৰ পূৰ্বে দুটা দশকজুৰি তেখেতে দক্ষিণ-পূব এছিয়াত 'চিএনএন'ৰ মুখ্য অনুসন্ধানকাৰী সাংবাদিক হিচাপে কাম কৰিছিল। ২০২১ বৰ্ষত সাংবাদিক মাৰিয়া ৰেচ্ছা আৰু ডিমিট্ৰি মুৰাটভক গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে যুটীয়াভাৱে শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২৩

২০২০ বৰ্ষত মাৰিয়াক ২০১২ চনৰ ফিলিপাইনছৰ বিতৰ্কিত চাইবাৰক্ৰাইম-বিৰোধী আইনৰ অধীনত চাইবাৰলিবেলত (cyberlibel) দোষী সাব্যস্ত কৰা হৈছিল। ৪৫ ৬৭ মানৱাধিকাৰ গোট আৰু সংবাদ স্বাধীনতাৰ মঞ্চই এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। ৮৯১০

২০১৮ চনত টাইম আলোচনীয়ে মাৰিয়াক বৰ্ষটোৰ ব্যক্তি হিচাপে নিৰ্বাচিত কৰে। এই সংকলনটিত বিশ্বজুৰি উৰা-বাতৰিৰ বিৰুদ্ধে যুঁজ দিয়া বহুকেইগৰাকী সাংবাদিকক অন্তৰ্ভুক্ত কৰা হৈছিল। ২০১৯ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে তেখেতক উদ্যোগপতি উইলফ্ৰেডো কেঙ-সম্বন্ধীয় এটা অসত্য বাতৰি 'ৰেপলাৰ'ত প্ৰকাশ কৰোৱাৰ বাবে চাইবাৰলিবেলত অভিযুক্ত কৰা হয় আৰু গ্ৰেপ্তাৰ কৰা হয়। ২০২০ চনৰ ১৫ জুন তাৰিখে মেনিলাৰ এখন আদালতে তেখেতৰ চাইবাৰলিবেলৰ অপৰাধত দোষী সাব্যস্ত কৰে।৫ তেখেত আছিল ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ৰডৰিগো ডুটেৰ্টোৰ সৰৱ সমালোচক। সেয়েহে তেখেতৰ গ্ৰেপ্তাৰ আৰু দোষী সাব্যস্তকৰণৰ কথাটো বিৰোধী পক্ষত চৰ্চিত হয় আৰু এই কাৰ্যক ৰাষ্ট্ৰপতিৰ চৰকাৰৰ দ্বাৰা ৰাজনৈতিকভাৱে চালিত হোৱা বুলি আন্তৰ্জাতিক সম্প্ৰদায়ত আলোচিত হয়।১১১২১৩ ৰিপ'টাৰ্ছ উইডাউট বৰ্ডাৰছৰ দ্বাৰা আৰম্ভ হোৱা তথ্য আৰু গণতান্ত্ৰিক আয়োগৰ শীৰ্ষ ২৫গৰাকী ব্যক্তিৰ ভিতৰত মাৰিয়া ৰেচ্ছাও অন্তৰ্ভুক্ত। ১৪

প্ৰাৰম্ভিক জীৱন

১৯৬৩ চনত মেনিলাত মাৰিয়া ৰেচ্ছাৰ জন্ম হৈছিল। সেইখিনি সময়ত তেখেতৰ মাতৃৰ বয়স আছিল ১৮ বছৰ। মাৰিয়াৰ এক বছৰ বয়সত পিতৃৰ দেহাৱসান ঘটে। ইয়াৰ পিছত মাৰিয়াৰ মাতৃ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায় আৰু নিজৰ কন্যা আৰু ভগ্নীক পিতৃৰ পৰিয়ালত থৈ আহে। তেখেতে নিজৰ সন্তানক সঘনাই দেখা-সাক্ষাৎ কৰি আহে। পৰৱৰ্তী সময়ত, মাৰিয়াৰ মাতৃয়ে এগৰাকী ইটালীয়ান-আমেৰিকান ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু ফিলিপাইনছলৈ উভতি আহে। তেওঁলোকে সন্তানক আমেৰিকালৈ লৈ যায়। সেইসময়ত মাৰিয়াৰ বয়স আছিল দহ বছৰ। মাৰিয়াক সতীয়া পিতৃয়ে লালন-পালন কৰে আৰু মাৰিয়াই তেখেতৰ শেষৰ নামটো নিজৰ নামৰ লগত সংযোজন কৰে। মাৰিয়াৰ অভিভাৱক নিউ জাৰ্ছীৰ টমছ নদীলৈ স্থানান্তৰিত হয় আৰু তাতে থকা টমছ ৰিভাৰ হাইস্কুল নৰ্থত তেখেতে পঢ়া-শুনা কৰে।১৫১৬১৭

মাৰিয়া ৰেচ্ছাই প্ৰিন্সটন বিশ্ববিদ্যালয়ৰপৰা আণৱিক জীৱবিজ্ঞান আৰু থিয়েটাৰত প্ৰাক্-বিশ্ববিদ্যালয় শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পৰা তেখেতে ১৯৮৬ চনত ইংৰাজীত কলাৰ স্নাতক, থিয়েটাৰ আৰু নৃত্যত মানপত্ৰ লাভ কৰে।১৮১৯২০২১ ইয়াৰ পিছত তেখেতে ইউনিভাৰ্ছিটি অৱ দ্য ফিলিপাইনছ ডিলিমেনত ৰাজনেতিক থিয়েটাৰ অধ্যয়ন কৰিবলৈ এটা ফুলব্ৰাইট ফেলোশ্বিপ লাভ কৰে।২২২৩

কৰ্মজীৱন

ৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বেনিগনো একিউনো তৃতীয়ৰ সৈতে সাক্ষাৎকাৰৰ এটা মুহূৰ্তত, ২০১৬ চনৰ ৭ জুনত]]

ৰেচ্ছাই কৰ্মজীৱনৰ পাতনি মেলিছিল PTV4 নামৰ এটা চৰকাৰী ষ্টেছনত।২৪ ইয়াৰ পিছত ১৯৮৭ চনত তেখেতে "প্ৰ'ব" নামেৰে এটা স্বতন্ত্ৰ প্ৰডাকছন কোম্পানী সহ-প্ৰতিষ্ঠা কৰে আৰু সমান্তৰালভাৱে মেনিলাৰ চিএনএনৰ সংবাদগোষ্ঠীত ১৯৯৫ চনলৈকে ব্যুৰ' চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত ২০০৫ চনলৈকে তেখেতে জাকাৰ্টাৰ চিএনএন ব্যুৰ'ত কাম কৰে। ২৫ এছিয়াত চিএনএনৰ মুখ্য অনুসন্ধানকাৰী সাংবাদিক হিচাপে কাম কৰি থকাৰ সময়ত মাৰিয়াই আতংকবাদীৰ নেটৱৰ্কৰ অনুসন্ধানত পাৰদৰ্শিতা অৰ্জন কৰে।২৬ তেখেত ছিংগাপুৰত থকা এছ. ৰাজৰত্নম স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিছৰ ৰাজনৈতিক হিংসা আৰু আতংকবাদ গৱেষণাৰ (ICPVTR) আন্তৰ্জাতিক কেন্দ্ৰৰ আৱাসিক লেখকৰ (author-in-residence) আসনত অধিষ্ঠিত হয়। ২৭ ২০২১ চনত মাৰিয়াই মিডিয়া, ৰাজনীতি আৰু ৰাজহুৱা নীতিৰ শ্ৰোণেষ্টেইন চেণ্টাৰত শ্ৰোণেষ্টেইন সভ্যৰ আসনত বহে। ইয়াৰ লগতে হাৰ্ভাৰ্ড কেনেডি স্কুলৰ ৰাজহুৱা নেতৃত্বৰ কেন্দ্ৰত হৌছাৰ নেতা হিচাপে বিবেচিত হয়। ২৮

গ্ৰন্থ

মাৰিয়া ৰেচ্ছাই দক্ষিণ-পূব এছিয়াত উত্থান ঘটা সন্ত্ৰাসবাদক আধাৰ হিচাপে লৈ দুখন গ্ৰন্থ লিখি উলিয়াইছে। কিতাপ দুখন হৈছে-(১) Seeds of Terror: An Eyewitness Account of Al-Qaeda's Newest Center (২০০৩)২৯ আৰু From Bin Laden to Facebook: 10 Days of Abduction, 10 Years of Terrorism (২০১৩).৩০

শিক্ষণ

ৰেচ্ছাই প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বাবে দক্ষিণ পূব এছিয়াত ৰাজনীতি আৰু সংবাদ-সম্পৰ্কীয় পাঠ্যক্ৰম পঢ়াইছিল। ইয়াৰ লগতে ইউনিভাৰ্ছিটি অৱ দ্য ফিলিপাইনছ ডিলিমেনৰ বাবে সম্প্ৰসাৰণ সাংবাদিকতা পঢ়াইছিল।৩১

ৰেপলাৰ

২০১২ চনত মাৰিয়া ৰেচ্ছাই আন তিনিগৰাকী মহিলা প্ৰতিষ্ঠাপক আৰু ১২গৰাকী সাংবাদিক আৰু বিকাশকৰ সৰু দল এটা লগত লৈ ৰেপলাৰ নামৰ এটা অনলাইন সংবাদ ৱেবছাইট প্ৰতিষ্ঠা কৰে। ২০১১ চনৰ আগষ্ট মাহত তেওঁলোকে ফেচবুকত MovePH নামৰ এটা পেজ খুলি এই যাত্ৰা আৰম্ভ কৰে। ৩২ ২০১২ চনৰ ১ জানুৱাৰীত তেওঁলোকে এটা সম্পূৰ্ণ ৱেবছাইট প্ৰস্তুত কৰে। ৩৩ বিশেষ ছাইটটো ফিলিপাইনছত স্থাপিত হোৱা প্ৰথম কেইটা মাল্টিমিডিয়া সংবাদ ৱেবছাইটৰ অন্তৰ্ভুক্ত হয় আৰু দেশখনৰ এটা গুৰুত্বপূৰ্ণ সংবাদ পৰ্টেল হিচাপে বিবেচিত হৈছিল। তেওঁলোকে বহুকেইটা স্থানীয় আৰু আন্তৰ্জাতিক বঁটা লাভ কৰে। মাৰিয়াই ৱেবছাইটটোৰ কাৰ্যবাহী সম্পাদক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰে। ৩৪

শান্তিৰ ন'বেল বঁটা

২০২১ বৰ্ষত মাৰিয়া ৰেচ্ছাক শান্তিৰ ন'বেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হয়। তেখেতক এই বঁটাৰ বাবে মনোনীত কৰিছিল নৰৱেৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী জোনাছ গ'ৰ ষ্টোৰে।৩৫৩ ২০২১ বৰ্ষৰ ৮ অক্টোবৰত ৰেচ্ছাৰ নামটো ডিমিট্ৰি মুৰাটভৰ সৈতে যুটীয়াভাৱে শান্তিৰ ন'বেল বঁটাৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। তেওঁলোকক এই বঁটা প্ৰদান কৰা হয়-গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে। (for their efforts to safeguard freedom of expression, which is a precondition for democracy and lasting peace.)৩৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Arsenault, Adrienne. (April 27, 2017). 'Democracy as we know it is dead': Filipino journalists fight fake news. CBC News
  2. ↑ আৰ্কাইভ কপি
  3. ↑ (31 January 2021). Hektisk nomineringsaktivitet før fredsprisfrist. Dagsavisen
  4. ↑ Regencia, Ted. (2020-06-15). Maria Ressa found guilty in blow to Philippines' press freedom. aljazeera.com
  5. ↑ Ratcliffe, Rebecca. (June 15, 2020). Maria Ressa: Rappler editor found guilty of cyber libel charges in Philippines. The Guardian
  6. ↑ (2020-06-15). Philippines: Maria Ressa's cyber libel verdict 'a method of silencing dissent'. Deutsche Welle (www.dw.com)
  7. ↑ (October 3, 2012). Philippine cybercrime law takes effect amid protests. BBC News
  8. ↑ (2020-06-15). Philippines: CFWIJ condemns cyber libel conviction of Maria Ressa. The Coalition For Women In Journalism
  9. ↑ (2020-06-17). US Senators Durbin, Markey, Leahy slam Ressa libel verdict. Philippine Daily Inquirer
  10. ↑ Cabato, Regine. (June 15, 2020). Conviction of Maria Ressa, hard-hitting Philippine American journalist, sparks condemnation. The Washington Post
  11. ↑ Leung, Hillary. (February 14, 2019). Philippines Journalist Maria Ressa Released on Bail After Arrest for 'Cyber Libel'. Time
  12. ↑ Gonzales, Cathrine. (2020-06-15). Robredo: Ressa's cyber libel conviction a threat to Filipinos' freedom. Philippine Daily Inquirer
  13. ↑ Dancel, Raul. (2020-06-15). Court finds prominent Philippine journalist and Duterte critic Maria Ressa guilty of cyber-libel. The Straits Times
  14. ↑ (September 9, 2018). Maria A. Ressa | Reporters without borders. RSF
  15. ↑ Johnson, Eric. (November 26, 2018). Memo from a 'Facebook nation' to Mark Zuckerberg: You moved fast and broke our country.. Vox
  16. ↑ Amanda Oglesby: TIME person of the year, from Toms River, to trigger Time Square ball dro. Ashbury Park Press, 31. Dezember 2018
  17. ↑ (May 26, 2019). 'Journalists are under attack globally': Maria Ressa. South China Morning Post
  18. ↑ Maria Ressa: HuMan of the year. Spinbusters
  19. ↑ (September 4, 2005). Maria Ressa: The best is yet to come. The Philippine Star
  20. ↑ Q&A with Maria Ressa '86, Filipina journalist and Time 2018 Person of the Year. The Princetonian
  21. ↑ Maria Ressa '86, journalist and 2018 Time Person of the Year, named 2020 Baccalaureate speaker. The Princetonian
  22. ↑ (August 9, 2015). Maria Ressa: 'There's a need for transparency, accountability and consistency'. Southeast Asia Globe
  23. ↑ Maria Ressa. World Economic Forum
  24. ↑ CNN Programs - Anchors/Reporters - Maria Ressa. edition.cnn.com
  25. ↑ (September 9, 2018). Maria A. Ressa · Reporters without borders. RSF
  26. ↑ Life, the news, and Maria Ressa by Doreen Yu
  27. ↑ Maria Ressa invited to author a book on the Asian terrorism threat
  28. ↑ (October 8, 2021). Journalist and Kennedy School fellow Maria Ressa awarded Nobel Peace Prize. The Harvard Gazette
  29. ↑ Ressa, Maria. (2003). Seeds of terror: an eyewitness account of Al-Qaeda's newest center of operations in Southeast Asia. Free Press. ISBN 0-7432-5133-4
  30. ↑ Ressa, Maria. (2013). From Bin Laden to Facebook: 10 days of abduction, 10 years of terrorism. World Scientific. ISBN 978-1-908979-55-1
  31. ↑ Maria Ressa. International Center for Journalists
  32. ↑ MovePH. Facebook
  33. ↑ Ressa, Maria. About Rappler. Rappler
  34. ↑ Ellis-Petersen, Hannah; Ratcliffe, Rebecca. (June 15, 2020). Maria Ressa: everything you need to know about the Rappler editor. The Guardian
  35. ↑ (31 January 2021). Flere fredsprisforslag før fristen gikk ut. Aftenposten. Norwegian News Agency
  36. ↑ (October 8, 2021). The Nobel Peace Prize 2021. NobelPrize.org

সম্পৰ্কিত শ্ৰেণী

শান্তিৰ ন'বেল বঁটা বিজয়ীসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰিয়া ৰেচ্ছা” প্ৰবন্ধৰ সংশোধন ৬১২৯৯৯ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।