অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পল্লৱী আয়াৰ

পল্লৱী আয়াৰ বৰ্তমান বেইজিঙত বাস কৰা এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। ইয়াৰ পূৰ্বে তেওঁ দ্য হিন্দুৰ ইণ্ডোনেছিয়াৰ সংবাদদাতা, বিজনেছ ষ্টেণ্ডাৰ্ডৰ ইউৰোপ সংবাদদাতা আৰু দ্য হিন্দুৰ চীন ব্যুৰোৰ মুৰব্বী আছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

পল্লৱী আয়াৰ বৰ্তমান বেইজিঙত বাস কৰা এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখক। ইয়াৰ পূৰ্বে তেওঁ দ্য হিন্দুৰ ইণ্ডোনেছিয়াৰ সংবাদদাতা, বিজনেছ ষ্টেণ্ডাৰ্ডৰ ইউৰোপ সংবাদদাতা আৰু দ্য হিন্দুৰ চীন ব্যুৰোৰ মুৰব্বী আছিল।

জীৱনী

আয়াৰ ভাৰতীয় সাংবাদিক স্বামীনাথন আয়াৰৰ১ কন্যা, তেওঁৰ মাতৃ বাতৰি পঢ়োঁতা স্বামীনাথনৰ প্ৰাক্তন পত্নী গীতাঞ্জলি আয়াৰ২ জন্ম নাম, অম্বেগাঁওকাৰ।৩ দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেনছ কলেজৰপৰা দৰ্শনত বি.এ, অক্সফৰ্ডৰ ছেইণ্ট এডমাণ্ড হলৰপৰা আধুনিক ইতিহাসত এম.এ. ডিগ্ৰী৪ আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰপৰা বিশ্বব্যাপী সংবাদ মাধ্যম আৰু যোগাযোগত এম.এছ.চি. ডিগ্ৰী লাভ কৰে। ১৯৯৯ চনত ষ্টাৰ নিউজৰ সাংবাদিক হয় আৰু অৱশেষত ২০০৬ চনত দ্য হিন্দুৰ চীন দেশৰ ব্যুৰোৰ মুৰব্বী হয়। ২০০৭ চনত ৰিপ’ৰ্টত উৎকৃষ্টতাৰ বাবে প্ৰেম ভাটিয়া সোঁৱৰণী বঁটাৰে সন্মানিত হয়। ২০০৭ চনত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ৰয়টাৰ্ছ ইনষ্টিটিউট ফৰ দ্য ষ্টাডি অৱ জাৰ্নেলিজমৰ ফেলো আছিল।৫

২০০৮ চনৰ ছেপ্টেম্বৰ মাহত প্ৰথম পুত্ৰ সন্তান জন্ম দিয়ে।

২০০৮ চনৰ জুলাই মাহত চীনত তেওঁৰ অভিজ্ঞতাৰ ওপৰত তেওঁৰ প্ৰথমখন গ্ৰন্থ স্মোক এণ্ড মিৰাৰ্ছ (হাৰ্পাৰকলিন্স) প্ৰকাশ কৰে। ২০০৮ চনৰ বাবে এই কিতাপখনে ভোডাফোন-ক্ৰছৱৰ্ড ৰিডাৰ্ছ চয়ছ বঁটা লাভ কৰে। ২০১৬ চনৰ পেৰেণ্টিং স্মৃতিগ্ৰন্থ বেবীজ এণ্ড বাইলাইনছ আৰু ২০১১ চনৰ উপন্যাস চাইনিজ হুইস্কাৰছৰ লেখিকাও। ভাৰতীয় বজাৰৰ বাবে বিশেষভাৱে নিৰ্মিত গাইড ডিস্কভাৰ চাইনা নামৰ ল’নলি প্লেনেটৰ নতুন সংস্কৰণৰ মুখ্য লেখিকা আছিল তেওঁ। ইয়াৰ উপৰি তেওঁ পঞ্জাবী পাৰ্মিজন: ডিচপেচছ ফ্ৰম এ ইউৰোপ ইন ক্ৰাইচিছ উইথ পেংগুইন ইণ্ডিয়া আৰু নিউ অল্ড ৱৰ্ল্ড° এণ ইণ্ডিয়ান জাৰ্নেলিষ্ট ডিস্কভাৰছ দ্য চেঞ্জিং ফেচ অৱ ইউৰোপ উইথ চেণ্ট মাৰ্টিনছ প্ৰেছ প্ৰকাশ কৰিছে।৬৭৮৯১০

২০১৪ চনত তেওঁ বিশ্ব অৰ্থনৈতিক মঞ্চৰ এগৰাকী যুৱ গ্ল'বেল লিডাৰ।১১

তথ্যসূত্ৰ

  1. ↑ (27 January 2010). About Swami. Swaminomics (web site of Swaminathan Aiyar)
  2. ↑ (8 June 2023). Gitanjali Aiyar's Cause of Death: Award-Winning Doordarshan Anchor dies at 71. Janbharat Times
  3. ↑ Khadpekar, Nirmala. (29 July 2020). The Name as Family - Forever and Ever. LinkedIn Pulse
  4. ↑ St Edmund Hall, Oxford
  5. ↑ (2007–2008). Fellowships: Ms Pallavi Aiyar. Reuters Institute for the Study of Journalism
  6. ↑ Pallavi Aiyar profile at Reuters Institute
  7. ↑ (12 April 2007). Prem Bhatia award for Pallavi Aiyar. দ্য হিন্দু
  8. ↑ Hor-Chung Lau, Joyce. (16 July 2008). Book review: Smoke and Mirrors. The New York Times
  9. ↑ (17 May 2008). Chat with Pallavi Aiyar on China. Rediff.com
  10. ↑ Pallavi Aiyar profile in harpercollins website. HarperCollins
  11. ↑ Former Fellow among Young Global Leaders Class of 2014

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পল্লৱী আয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৯৫১৭৪ (২৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।