অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জামাল আহমেদ ষাশ্বকজী

জামাল আহমেদ ষাশ্বকজী ( جمال أحمد خاشقجي ), এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক। চৌদি আৰবীয় ৰাজতন্ত্ৰ, বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ…

হালনাগাদ: ১৮ জুলাই ২০২৬ ৫৭৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জামাল আহমেদ ষাশ্বকজী ( جمال أحمد خاشقجي ), এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।১ চৌদি আৰবীয় ৰাজতন্ত্ৰ, বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ মতে তুৰস্কৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

জীৱনী

১৩ অক্টোবৰ, ১৯৫৮ চনত চৌদি আৰৱৰ মদিনাত ষাশ্বকজীৰ জন্ম হৈছিল।২ তেওঁৰ ককাক মহম্মদ ষাশ্বকজী, এজন তুৰ্কীৰ ডাক্তৰ আৰু আইতাক চৌদি আৰবৰ আছিল। ককাকে চৌদি আৰবৰ ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক প্ৰথম ৰজা আব্দুল-আজিজ-অল-চৌদৰ ঘৰুৱা চিকিৎসক হিচাপে কাম কৰিছিল।৩ তেওঁৰ সম্পৰ্কীয় ভাতৃ ডডি ফায়েদৰ ব্ৰিটিছ ৰাজকুমাৰী ডায়েনাৰ লগত একেলগে পেৰিছৰ পথ-দুৰ্ঘটনাত মৃত্যু হৈছিল।৪ আমেৰিকাৰ ইণ্ডিয়ানা চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮২ চনত ষাশ্বকজীয়ে বিবিএ ডিগ্ৰী লৈছিল।

১৯৮৩-৮৪ চনত টিহামা বুকষ্টোৰৰ আঞ্চলিক প্ৰবন্ধক হিচাপে ষাশ্বকজীয়ে কৰ্ম জীৱন আৰম্ভ কৰে।৫ জুন ২০১৭ ৰ পৰা তেওঁ আমেৰিকা যুক্তৰাজ্যত থাকি দি ৱাছিংটন পোষ্ট কাকতৰ বাবে লিখা মেলা কৰি আছিল।

চৌদি আৰবীয় ৰাজতন্ত্ৰৰ সৈতে সংঘাত

ষাশ্বকজীৰ ওপৰত চৌদি আৰবীয় চৰকাৰে তেওঁ চৰকাৰৰ বিপক্ষে লিখা সমালোচনামুলক মন্তব্য আৰু প্ৰবন্ধ বোৰৰ বাবে আক্ৰোশমূলক ব্যৱস্থা হাতত লৈছিল। ষাশ্বকজীয়ে নিজে কোৱা মতে চৌদি চৰকাৰে তেওঁৰ টুইটাৰ মন্তব্যবোৰৰ বিৰোধিতা কৰিবৰ বাবে আৰু টুইটাৰতে তেওঁক মন্তব্য দিলেই ভয় ভাবুকি দিবৰ বাবে ভাৰাতীয়া মানুহৰ নিযুক্তি দিছিল।৬ চৌদি আৰবৰ নেতৃত্বত কাষৰীয়া য়েমেন দেশত আক্ৰমণ চলি থকা ঘটনাৰ বিপক্ষেও ষাশ্বকজী সৰব হৈ উঠিছিল।৭ চেপ্তেম্বৰ ২০১৭ ত ষাশ্বকজীয়ে চৌদি আৰব ত্যাগ কৰিছিল।

হত্যা আৰু তদন্ত

২ অক্টোবৰ, ২০১৮ ত ষাশ্বকজীয়ে কিবা কামৰ বাবে তুৰ্কীৰ ইষ্টানবুল চহৰত থকা চৌদি আৰবৰ দূতাৱাসৰ ভিতৰত প্ৰবেশ কৰিছিল কিন্তু আৰু তাৰ পৰা উলাই অহা নাই।৮৯ সেয়ে তুৰ্কী চৰকাৰে তেওঁক নিৰুদ্দেশ হৈছে বুলি ঘোষনা কৰে আৰু ১৫ অক্টোবৰ, ২০১৮ ত চৌদি আৰবীয় বিষয়াৰ সহিতে তুৰ্কীৰ বিষয়া ইষ্টানবুলৰ চৌদি দূতাবাসত প্ৰবেশ কৰে।১০১১ তুৰ্কীৰ চৰকাৰে উক্ত তদন্তৰ ভিত্তিত দূতাৱাসৰ ভিতৰতে ষাশ্বকজীক হত্যা কৰা হৈছে বুলি সন্দেহ কৰিছে। চৌদি আৰবে প্ৰথমে এই কথা অস্বীকাৰ কৰে আৰু ষাশ্বকজী জীৱিত অৱস্থাতে দূতাৱাসৰ পৰা উলাই গৈছিল বুলি দাবী কৰে। কিন্তু তুৰ্কীৰ চৰকাৰে তদন্ত ক্ৰমে পাইছিল যে চৌদি আৰবৰ পৰা ১৫ জনীয়া এটি ঘাটকৰ দলে আগৰে পৰা ষাশ্বকজীৰ বাবে দূতাৱাসৰ ভিতৰত খাপ পিটি আছিল আৰু তেওঁলোকে তাতে ষাশ্বকজীক সোমোৱাৰ লগে লগে ডিঙি চেপি হত্যা কৰে আৰু তেওঁৰ শৱদেহটো টুকুৰা টুকুৰ কৰি কাটি এচিডত গলাই পেলায়।১২ দূতাৱাসৰ পৰা উলাই যোৱা চৌদি আৰবে দাবী কৰা ষাশ্বকজীৰ দৰে মানুহজন ষাশ্বকজীৰ বেশ ধৰি অহা ঘাটক দলৰে সদস্য আছিল বুলি তদন্তত প্ৰকাশ পাই। তুৰ্কীয়ে শেহতীয়া ভাৱে দূতাৱাসৰ ভিতৰত নজৰ ৰখা যন্ত্ৰৰ দ্বাৰা প্ৰাপ্ত শ্ৰাৱ্য তথ্য বিশ্বৰ কেবাখনো দেশক প্ৰদান কৰে যাৰ ফলত সেই দেশ সমূহে চৌদি আৰব চৰকাৰৰ এই দুষ্কৰ্মৰ প্ৰতি সৰব হৈ উঠে। চৌদি আৰবে অৱশেষত দূতাৱাসৰ ভিতৰত হোৱা এক হতাহতিত ষাশ্বকজীৰ মৃত্যু হোৱা বুলি স্বীকাৰ কৰিছে কিন্তু চৰকাৰী ভাৱে হত্যা কৰা হৈছে বুলি স্বীকাৰ কৰা নাই।

মৃত্যুৰ সময়ত ষাশ্বকজীয়ে ইষ্টানবুলত পি এইচ ডি কৰি থকা হেটিছ চেঙিজ নামৰ এগৰাকী মহিলাক বিবাহ কৰিবলৈ মন মেলিছিল আৰু সেই সংক্ৰান্তত কিবা কাগজ-কৰ্মৰ বাবে চৌদি আৰবৰ দূতাৱাসলৈ যাব লগা হৈছিল।১৩ ইতিপূৰ্বে ষাশ্বকজীৰ তিনিবাৰ বিবাহ আৰু তিনিবাৰ বিবাহ বিচ্ছেদ হৈছিল। আমেৰিকা যুক্তৰাজ্যত চৌদি আৰবৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্য্যৰত হৈ থকা খালিদ-বিন-ছলমান ৰাজকুমাৰ মহম্মদ-বিন-ছলমানৰ নিজৰ ভায়েক, যাৰ সৈতে ষাশ্বকজীয়ে ফোনত কথা পতাৰ তথ্য অনুসৰি ষাশ্বকজীক ৰাষ্ট্ৰদূত জনে তেওঁৰ কাগজ-কৰ্মৰ বাবে ইষ্টানবুলৰ চৌদি দূতাৱাসলৈ যাবলৈ উপদেশ দিছিল আৰু দূতাৱাসৰ ভিতৰত একো ভয় নাই বুলি অভয় দানো দিছিল। আমেৰিকাৰ কেন্দ্ৰীয় গুপ্তচৰী সংস্থা চিআইএ ৰ দ্বাৰা ধৰা পেলোৱা এই তথ্যৰ ভিত্তিত চৌদি ৰাজপৰিয়াল বিশেষকৈ ৰাজকুমাৰ মহম্মদ-বিন-ছলমানক হত্যাকাণ্ডৰ লগত গভীৰ ভাৱে জড়িত হৈ থকাৰ বিষয়ে চিআইএ য়ে অনুমান কৰিছে বুলি দি ৱাছিংটন পোষ্ট কাকতে ১৬ নৱেম্বৰ ২০১৮ ত বাতৰি প্ৰকাশ কৰে।১৪ আমেৰিকাই অবশ্যে চৰকাৰী ভাৱে ৰাজকুমাৰ মহম্মদ বিন ছলমানক হত্যাকাণ্ডৰ বাবে প্ৰত্যক্ষ ভাৱে জগৰীয়া বুলি কবলৈ বিচৰা নাই যদিও হত্যাকাণ্ডত জড়িত বুলি চৌদি চৰকাৰৰ কেবাজনো বিষয়াৰ ওপৰত শাস্তিমূলক নিষেধাজ্ঞা আৰোপ কৰে। ১৫

তথ্যসূত্ৰ

  1. ↑ (2012). Speakers. International Public Relations Association – Gulf Chapter (IPRA-GC)
  2. ↑ Who is Jamal Khashoggi?. Al Jazeera
  3. ↑ (10 October 2018). Who Is Jamal Khashoggi? A Saudi Insider Who Became an Exiled Critic. Bloomberg
  4. ↑ Philippe Martinat. (10 October 2018). Disparition du journaliste saoudien Jamal Khashoggi, le mystère demeure. Le Parisien
  5. ↑ Jamal Khashoggi. World Economic Forum
  6. ↑ Opinion – Saudi Arabia wasn't always this repressive. Now it's unbearable.. The Washington Post
  7. ↑ (11 September 2018). Saudi journalist Jamal Khashoggi tells BBC: 'The Oslo Accords are dead'. The Washington Post
  8. ↑ ‘Tell Your Boss’: Recording Is Seen to Link Saudi Crown Prince More Strongly to Khashoggi Killing
  9. ↑ Coskun, Orhan. Exclusive: Turkish police believe Saudi journalist Khashoggi was killed in consulate – sources. Reuters
  10. ↑ (9 October 2018). Turkey to search Saudi Consulate for missing journalist. The Washington Post
  11. ↑ (15 October 2018). Turkish prosecutors 'find evidence of Jamal Khashoggi killing'. Al Jazeera
  12. ↑ Umut Uras. (31 October 2018). Turkey: Khashoggi strangled immediately after entering consulate. Al Jazeera
  13. ↑ Prengel, Kate. (12 October 2018). Hatice Cengiz, Jamal Khashoggi's Fiancee: 5 Fast Facts You Need to Know
  14. ↑ www.washingtonpost.com/world/national-security/c
  15. ↑ Jamal Khashoggi obituary, Ian Black, 19 October 2018, The Guardian

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকচৌদি আৰৱৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামাল আহমেদ ষাশ্বকজী” প্ৰবন্ধৰ সংশোধন ৬১৮০৪৩ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।