অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুন্নিকল অজিতা

কুন্নিকল অজিতা (Kunnikkal Ajitha, জন্ম: ১৯৫০) এগৰাকী প্ৰাক্তন ভাৰতীয় নক্সালবাদী যিয়ে ১৯৬০ চনত কেৰালাত নক্সালবাদী আন্দোলনত সক্ৰিয় অংশ লৈছিল যেতিয়া এই গোটটোৱে থালাছেৰী আৰু পুলপালী থানাত সশস্ত্ৰ অভিযান চলাই দুজন আৰক্ষীক হত্যা কৰিছিল।

হালনাগাদ: ২ জুলাই ২০২৬ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কুন্নিকল অজিতা (Kunnikkal Ajitha, জন্ম: ১৯৫০) এগৰাকী প্ৰাক্তন ভাৰতীয় নক্সালবাদী যিয়ে ১৯৬০ চনত কেৰালাত নক্সালবাদী আন্দোলনত সক্ৰিয় অংশ লৈছিল যেতিয়া এই গোটটোৱে থালাছেৰী আৰু পুলপালী থানাত সশস্ত্ৰ অভিযান চলাই দুজন আৰক্ষীক হত্যা কৰিছিল। ইয়াৰ পিছত অজিতাক গ্ৰেপ্তাৰ কৰি বিচাৰ আৰু ৯ বছৰৰ কাৰাদণ্ড বিহা হয়।১

কাৰাদণ্ডৰ পিছত অজিতাই সশস্ত্ৰ সংগ্ৰাম আন্দোলনৰ পৰা বিচ্ছেদ ঘটায় আৰু বৰ্তমান কেৰেলাৰ সামাজিক পৰিৱেশত সক্ৰিয় উপস্থিতি থকা এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু সমাজ সংস্কাৰক। ১৯৯৩ চনত তেওঁ প্ৰতিষ্ঠা কৰা বেচৰকাৰী সংস্থা আনৱেছীয়ে এতিয়া কেৰেলা ত্ৰী বেধি (কেৰালা মহিলা মঞ্চ)ৰ গঠনকাৰী, নেচনেল মিছন ফৰ এম্পাৱাৰমেণ্ট অৱ উইমেনৰ সৈতে সমন্বয়ত মহিলাৰ অধিকাৰৰ বাবে২ কাম কৰে।৩

অজিতাৰ প্ৰাক্তন সহকৰ্মী ইয়াকুবৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু এই দম্পতীৰ ক্লিণ্ট নামৰ এজন পুত্ৰ আৰু গাৰ্গী নামৰ এগৰাকী কন্যা আছে।তেওঁ এগৰাকী গোড়া নাস্তিক।৪

প্ৰাৰম্ভিক বছৰবোৰ

কুন্নিকল অজিতা
কুন্নিকল অজিতাছবি: Sreejithkoiloth · CC BY-SA 4.0
কুন্নিকল অজিতা
কুন্নিকল অজিতাছবি: Kannanshanmugam,shanmugamstudio,Kollam · CC BY 3.0

১৯৫০ চনৰ এপ্ৰিল মাহত ভাৰতৰ কেৰেলাৰ কোঝিকোডত নক্সালবাদী আন্দোলনৰ সক্ৰিয় সমৰ্থক কুনিকল নাৰায়ণন আৰু মন্দাকিনীৰ ঘৰত কে অজিতাৰ জন্ম হয়। তেওঁৰ প্ৰাৰম্ভিক শিক্ষা কোজিকোড়ত হৈছিল। অজিতাই কলেজ পোৱাৰ সময়লৈকে সমাজৰ প্ৰতি মোহভংগ হৈ নক্সাল আন্দোলনৰ লগত জড়িত হ'বলৈ ধৰিলে। প্ৰি-ডিগ্ৰী পাঠ্যক্ৰম কৰি থাকোঁতে কলেজ এৰি তেওঁ এগৰাকী সক্ৰিয় নক্সালবাদী হৈ পৰিছিল।৪

থালাছেৰী আৰু পুলপালী থানাত আক্ৰমণ

১৯৬০ চনৰ শেষৰ ফালে অজিতাই ৱায়ানাডৰ জনজাতীয় আৰু গাঁৱৰ মানুহৰ ওপৰত সামন্ত আৰু আৰক্ষীয়ে কৰা অত্যাচাৰৰ বিৰুদ্ধে কাম কৰা উগ্ৰপন্থী কৰ্মী আৰিক্কাড ভাৰ্গেছৰ সৈতে জড়িত হৈ পৰে। ১৯৬৮ চনত তেওঁলোকে এটা গোট গঠন কৰি অস্ত্ৰ তুলি লোৱাৰ সিদ্ধান্ত লয়। অজিতা আছিল এই গোটৰ একমাত্ৰ মহিলা সদস্য।৫

১৯৬৮ চনৰ ২২ নৱেম্বৰত অজিতাৰ পিতৃ কুন্নিকল নাৰায়ণৰ নেতৃত্বত প্ৰায় ৩০০ জনীয়া সশস্ত্ৰ গেৰিলাৰ এটা দলে অস্ত্ৰ চুৰিৰ লক্ষ্যৰে থালাছেৰী আৰক্ষী থানা৫ আক্ৰমণ কৰাৰ বিফল চেষ্টা কৰে।

৪৮ ঘণ্টাৰ পাছত ১৯৬৮ চনৰ ২৪ নৱেম্বৰত ভাৰ্গেজৰ নেতৃত্বত আৰু থেট্টামালা কৃষ্ণকটি, কুৰিচিয়ান কুঞ্জিৰামন, কিষাণ থমমান, ফিলিপ এম প্ৰসাদ আৰু অজিতাৰে গঠিত এই গোটটোৱে পুলপালিত মালাবাৰ বিশেষ আৰক্ষী শিবিৰটোক লক্ষ্য কৰি ৭০০০ কৃষকক লৈ যায়। পুলপল্লী দেৱাস্বম কৰ্তৃপক্ষই উচ্ছেদৰ বিৰুদ্ধে আন্দোলন কৰে। এই সশস্ত্ৰ আক্ৰমণত ২ জন আৰক্ষী জোৱান, এজন বেতাঁৰ অপাৰেটৰ আৰু এজন চাব ইন্সপেক্টৰৰ মৃত্যু হয়। পিছলৈ এই গোটটোৱে স্থানীয় দুজন মালিকৰ খেতিপথাৰ আক্ৰমণ কৰি তাত মজুত কৰা খাদ্য শস্য আদিবাসীসকলক বিতৰণ কৰে।৪ অভিযানৰ অন্তত উগ্ৰপন্থীয়ে ৱায়ানাডৰ ঘন অৰণ্যত প্ৰৱেশ কৰি আত্মগোপন কৰে। কিন্তু কেইদিনমান তীব্ৰ অনুসন্ধানৰ অন্তত তেওঁলোকক আৰক্ষীয়ে বন্দী কৰে।৫ ভাৰ্গেজক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হৈছিল। গোটটোৰ এজন নেতা কিছান থমমানো বোমা বিস্ফোৰণত নিহত হয়।৪

কাৰাগাৰৰ জীৱন

বন্দী হোৱাৰ পিছত অজিতাই থানাত অত্যাচাৰ সহ্য কৰা বুলি খবৰ পোৱা গৈছিল; তেখেতক জনসাধাৰণৰ আগত পেৰেড কৰা হৈছিল৬৭ পৰৱৰ্তী সময়ৰ বিচাৰৰ পিছত অজিতাক ৯ বছৰৰ একাকী কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

তেওঁ কাৰ্যকালৰ প্ৰথমাৰ্ধ ত্ৰিবেন্দ্ৰমৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু পিছৰ অৰ্ধেক সময় কানান’ৰ কাৰাগাৰত কটায় য’ত তেওঁৰ পিতৃ-মাতৃও কাৰাগাৰত আছিল। অজিতাই কাৰাগাৰত থকা সময়খিনি কেৰালাৰ মহিলাসকলে বিশেষকৈ যৌনকৰ্মীসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিছিল।৫

সামাজিক কৰ্মজীৱন

কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত অজিতাই স্বাভাৱিক জীৱন আৰম্ভ কৰাৰ চেষ্টা চলাই ইয়াকুবক বিয়া কৰাই এটি কন্যা সন্তান জন্ম দিয়ে। কিন্তু ১৯৮৮ চনত মুম্বাইত মহিলা সংগঠনৰ এখন সন্মিলনে তেওঁক সামাজিক সক্ৰিয়তালৈ ঘূৰি আহিবলৈ প্ৰভাৱিত কৰাৰ ফলত তেওঁ কোজিকোড় (কেলিকাট)ত ভিত্তি কৰি 'বোধনা' (সজাগতা) নামৰ এটা সংগঠন প্ৰতিষ্ঠা কৰে।৪

সংগঠনটো বেছি দিন আগবাঢ়িব নোৱাৰিলেও অজিতাই ১৯৯৩ চনত আনৱেশী (the Searcher) নামৰ আন এটা সংস্থা গঠন কৰে। কেৰালাৰ বহুতো চাঞ্চল্যকৰ মানৱ অধিকাৰ গোচৰৰ৮৯ তেওঁ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।

আইচক্ৰীম পাৰ্লাৰৰ কেচ

আইচক্ৰীম পাৰ্লাৰৰ গোচৰ (১৯৯৭)ত কোজিকোড়ৰ স্থানীয় আইচক্ৰীম পাৰ্লাৰত নাবালক ছোৱালীক যৌন শোষণ কৰা হৈছিল যিয়ে পিছলৈ যৌন শোষণ কৰিবলৈ শান্তকাৰী ঔষধৰ সৈতে যোগ কৰা আইচক্ৰীমৰ ব্যৱস্থা কৰিছিল। এই কেলেংকাৰীৰ সূত্ৰপাত ঘটে যেতিয়া পাঁচগৰাকী নাবালিকা ছোৱালীয়ে অজিতাৰ কাষ চাপে যিয়ে৷ তেওঁলোকে আনৱেশীৰ তত্বাৱধানত ব্যক্তিগত তদন্ত চলাই আৰক্ষীক এই বিষয়ে অৱগত কৰে। তেওঁলোকে মহানগৰীৰ ৰে’লপথত উদ্ধাৰ হোৱা দুগৰাকী কিশোৰীৰ মৃতদেহ গোচৰৰ সৈতে ইয়াৰ দৃঢ় সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপন কৰে। সেই সময়ৰ কেৰেলাৰ উদ্যোগ মন্ত্ৰী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ (আই ইউ এম এল) নেতা পি কে কুনহালিকুট্টীৰ নাম, চি পি এম নেতা টি পি দাসন আৰু কিছুমান কাষ্টম বিষয়াৰ দৰে বহুতো পৰিচিত নাম অভিযুক্তৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।১০

বিচাৰৰ সময়ত ভুক্তভোগী পাঁচজনৰ ভিতৰত দুজনে নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰে। ২০০৫ চনত কেৰালা উচ্চ ন্যায়ালয়ে এই আবেদন খাৰিজ কৰে আৰু উচ্চতম ন্যায়ালয়ে ২০০৬ চনত প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি গোচৰ খাৰিজ কৰে।১০

তথ্যসূত্ৰ

  1. ↑ Article FrontLine
  2. ↑ Anweshi. anweshi.org
  3. ↑ Anweshi. anweshi.org
  4. ↑ Rediff On The NeT: The Rediff Interview: Ajitha. www.rediff.com
  5. ↑ The Legacy of Ajitha: Unearthing a Subaltern Indian Revolutionary and Political Prisoner. naxalrevolution.blogspot.ae
  6. ↑ (22 June 2008). A Naxal remembers - Latest News & Updates at Daily News & Analysis
  7. ↑ Welcome to Kerala window. www.keralawindow.net
  8. ↑ Anweshi Archives - FeministsIndia. FeministsIndia
  9. ↑ India Samachar - News from India - NRI News - Hindi, English Samachar. www.samachar.com
  10. ↑ Anweshi Archives - FeministsIndia. FeministsIndia

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীনাস্তিকতাবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুন্নিকল অজিতা” প্ৰবন্ধৰ সংশোধন ৬১৫১৯৮ (২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।