অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুলাগিট্টি নৰসাম্মা

চুলাগিট্টি নৰসাম্মা (Sulagitti Narasamma; ১৯২০ – ২৫ ডিচেম্বৰ ২০১৮) কৰ্ণাটক ৰাজ্যৰ টুমকুৰ জিলাৰ পাৱাগাডা চহৰৰ এগৰাকী ভাৰতীয় ধাই আছিল। তেওঁ কৰ্ণাটকৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত পিছপৰা অঞ্চলবোৰত কোনো চিকিৎসা সুবিধা নোহোৱাকৈ ৭০ বছৰ ধৰি সেৱা আগবঢ়াইছিল।

হালনাগাদ: ২৭ ছেপ্তেম্বৰ ২০২১ ২৮৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চুলাগিট্টি নৰসাম্মা (Sulagitti Narasamma; ১৯২০ – ২৫ ডিচেম্বৰ ২০১৮)১ কৰ্ণাটক ৰাজ্যৰ টুমকুৰ জিলাৰ পাৱাগাডা চহৰৰ এগৰাকী ভাৰতীয় ধাই আছিল। তেওঁ কৰ্ণাটকৰ চিকিৎসা সেৱাৰ পৰা বঞ্চিত পিছপৰা অঞ্চলবোৰত কোনো চিকিৎসা সুবিধা নোহোৱাকৈ ৭০ বছৰ ধৰি সেৱা আগবঢ়াইছিল। তেওঁৰ জীৱনকালত ২০,০০০ৰো অধিক পৰম্পৰাগত প্ৰসৱ বিনামূলীয়াকৈ সম্পাদন কৰিছিল।২৩৪ সমাজলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক বঁটা আৰু ২০১৮ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল।৫৬

জীৱনী

১৯২০ চনত মহীশূৰ ৰাজ্যৰ টুমকুৰ জিলাৰ পাৱাগাডা গাঁৱৰ কৃষ্ণপুৰাত যাযাবৰ অঘৰী সংস্কৃতিত নৰসম্মাৰ জন্ম হৈছিল। তেওঁৰ মাতৃভাষা তেলেগু আছিল। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল আৰু নিৰক্ষৰ হৈ ডাঙৰ-দীঘল হৈছিল। তেওঁ ১২ বছৰ বয়সত তেওঁৰ স্বামী অঞ্জিনাপ্পাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁৰ ১২টা সন্তান আছিল। যদিও শিশু অৱস্থাত তাৰে চাৰিজনৰ মৃত্যু হৈছিল। ইয়াৰ লগতে তেওঁৰ ৩৬টা নাতি-নাতিনী আছিল।৭৪৮ তেওঁ তেওঁৰ আইতাক মাৰিজেমাইমাৰ পৰা ধাই বিদ্যা শিকিছিল। তেওঁৰ আইতাক এগৰাকী বিশিষ্ট ধাই আছিল আৰু তেওঁ নৰসাম্মাৰ নিজৰ পাঁচটা কেঁচুৱা প্ৰসৱ কৰাত সহায় কৰিছিল। ১৯৪০ চনত ২০ বছৰ বয়সত নৰসাম্মাই তেওঁৰ প্ৰথমবাৰৰ বাবে ধাইৰ কাম আৰম্ভ কৰিছিল। তেওঁ তেওঁৰ খুড়ীয়েকৰ কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰাৰ জৰিয়তে ধাই বিদ্যাৰ প্ৰয়োগৰ আৰম্ভণি কৰিছিল।৭

যেতিয়াই যাযাবৰ অঘৰী জনজাতি তেওঁৰ গাঁৱত উপস্থিত হয় নৰসাম্মাই তাইৰ ধাই বিদ্যাৰ দক্ষতা অনুশীলন কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ গৰ্ভৱতী মহিলাসকলৰ বাবে প্ৰাকৃতিক ঔষধ প্ৰস্তুত কৰাৰ কলাও শিকিছিল আৰু সোনকালেই কেঁচুৱাটোৰ স্বাস্থ্য আৰু স্থিতি পৰীক্ষা কৰিবলৈ সক্ষম হৈছিল।৯ কোনো সঁজুলি ব্যৱহাৰ নকৰাকৈ গৰ্ভত থাকোঁতে তেওঁ ভ্ৰূণৰ স্পন্দন চিনাক্ত কৰিবলৈ সক্ষম হৈছিল বুলি জানিব পৰা গৈছে।১০

২০১৮ চনলৈ আৰু ৯৭ বছৰ বয়সত নৰসাম্মাই ১৫,০০০ তকৈও অধিক কেঁচুৱা প্ৰসৱ কৰাত সহায় কৰিছিল। তেওঁক 'কৃষ্ণপুৰাৰ ধাই' বুলি বৰ্ণনা কৰা হয়। লগতে তেওঁৰ নামৰ সৈতে 'চুলাগিট্টি' শব্দ জড়িত হৈ পৰে। কানাড়া ভাষাত 'চুলাগিট্টি' শব্দৰ অৰ্থ হৈছে 'ধাই'।১১৯

ৰ (সোঁফালে) পৰা পদ্মশ্ৰী লাভ কৰা নৰসাম্মা (বাওঁফালে), ২০১৮]]

মৃত্যু

স্বাস্থ্যজনিত জটিলতাৰ বাবে নৰসাম্মাক ২০১৮ চনৰ নৱেম্বৰত সিদ্ধগংগা চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল আৰু পিছত ২৯ নৱেম্বৰ ২০১৮ ত বিজিএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। ২০১৮ চনৰ ২৫ ডিচেম্বৰত কৰ্ণাটকৰ কেংগেৰীৰ বিজিএছ গ্লেনিগলছ গ্লোবেল হস্পিটেলত হাঁওফাঁওৰ দীৰ্ঘম্যাদী ৰোগত আক্ৰান্ত হৈ ৯৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।৮

২০১৮ চনৰ ২৫ ডিচেম্বৰ তাৰিখে নৰসাম্মাৰ নশ্বৰদেহ জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে টুমাকুৰুৰ গ্লাছ হাউচত ৰখা হৈছিল। কেইবাজনো মন্ত্ৰী, প্ৰাক্তন মন্ত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ হাজাৰ বিখ্যাত লোকৰ উপৰিও হাজাৰ লোকেও বিদেহী আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২৬ ডিচেম্বৰ তাৰিখে নৰসাম্মাক টুমাকুৰু চহৰৰ উপকণ্ঠৰ গংগাচন্দ্ৰা গাঁৱত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টি ক্ৰিয়া সম্পন্ন কৰা হয়। লগতে এক একৰ ভূমিৰ আধা একৰ মাটি তেওঁৰ প্ৰতি উছৰ্গা কৰি এটা স্মাৰকৰ বাবে ৰাখি থোৱা হৈছিল।১২

বঁটা আৰু সন্মান

নৰসাম্মাই তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছিল ২০১২ চনত তেওঁ কৰ্ণাটক ৰাজ্য চৰকাৰৰ ডি দেৱৰাজ উৰ্ছ বঁটা লাভ কৰিছিল।১০ ২০১৩ চনত তেওঁ কিট্টুৰ ৰাণী চেন্নাম্মা বঁটা লাভ কৰিছিল। ২০১৩ চনতে তেওঁ কৰ্ণাটক ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ৰাজ্যোৎসৱ বঁটা লাভ কৰিছিল।১৩ একেবছৰে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নাগৰিক বঁটা কৰে।১৪ চুলাগিট্টি নৰসাম্মায়ে ২০১৪ চনত টুমকুৰ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।১৫ ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৫

তথ্যসূত্ৰ

  1. ↑ (25 December 2018). Padma Shri awardee Sulagitti Narasamma passes away at 98. The Economic Times
  2. ↑ Govt. of India. Padma Awards 2018. padmaawards.gov.in. 2018, padmaawards
  3. ↑ GovOfIndia. Story of Dr. Sulagatti Narasamma, Janani Amma – Padma Awardee 2018 in Social Work. Online Edition MyGov India. 2018, MyGov India
  4. ↑ Prajwal Bhat. Meet the Padma awardee from K’taka who helped deliver babies for 70 yrs, free of cost. Online Edition of thenewsminute. 2018, thenewsminute
  5. ↑ Staff. Photos: Illaiyaraja, Ghulam Mustafa Khan, 41 others given Padma awards. Online Edition of Zee News. 2018, Express News Service
  6. ↑ India.com News Desk. MS Dhoni, Pankaj Advani Conferred With Padma Bhushan; Complete List. Online Edition of india.com. 2018, india.com
  7. ↑ H Devaraja. Dr Narasamma reads gentle pulse of foetus. Online Edition of newindianexpress, dated 04 February 2018. 2018, Express News Service
  8. ↑ newindianexpress.com News Desk. Well known midwife Sulagitti Narasamma who helped thousands of women deliver babies, no more. Online Edition of newindianexpress.com. 2018, newindianexpress.com
  9. ↑ indiatimes.com News Desk. 97-YO Midwife Cum Farm Labourer Recognised For Lifetime Work, Get Padma Shri. Online Edition of indiatimes.com. 2018, indiatimes.com
  10. ↑ (2018-12-25). Sulagitti Narasamma, Padma Shri awardee midwife who delivered 15,000 babies, dies at 98. dna
  11. ↑ (30 January 2018). Sulagitti admitted to Bengaluru hospital. Deccan Chronicle
  12. ↑ newindianexpress.com News Desk. Narasamma laid to rest with state honours. Online Edition of newindianexpress.com. 2018, newindianexpress.com
  13. ↑ DHNS. Ko Channabasappa among 58 Rajyotsava awardees. Online Edition of deccanherald.com. 2013, deccanherald.com
  14. ↑ Ministry of Social Justice & Empowerment. The President Confers First National Award for Senior Citizens – Vayoshreshtha Samman, 2013. Govt. of India official press release. 2013, pib.nic.in
  15. ↑ (2018-12-25). Padma Shri awardee Sulagitti Narasamma passes away at 98. The Economic Times

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুলাগিট্টি নৰসাম্মা” প্ৰবন্ধৰ সংশোধন ৩০১৪২৪ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।