ভি মোহিনী গিৰি (জন্ম ১৯৩৮) এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু কৰ্মী (activist)। তেওঁ নতুন দিল্লীত অৱস্থিত গিল্ড অব চাৰ্ভিছ (Guild of Service) নামৰ সংগঠনটোৰ সভানেত্ৰী। ১৯৭৯ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৱে মহিলা আৰু শিশুৰ শিক্ষা, কৰ্মসংস্থাপন আৰু আৰ্থিক সবলীকৰণৰ হকে কাম কৰি আহিছে।১২ ১৯৭২ চনত তেওঁ নতুন দিল্লীত ৱাৰ ৱিড’জ এছ’ছিয়েছ’ন (War Widows Association) নামৰ সংগঠন এটাও প্ৰতিষ্ঠা কৰে। ১৯৯৫ চনৰ পৰা ১৯৯৮ লৈ ভি মোহিনী গিৰিয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগ (National Commission for Women)-ৰ সভানেত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰে।৩
২০০৭ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।৪
শৈশৱ আৰু শিক্ষা
ভি মোহিনী গিৰিৰ জন্ম হৈছিল ১৯৩৮ চনত লক্ষ্ণৌত। তেওঁৰ পিতৃ শিক্ষাবিদ ভি এছ ৰাম। ভি মোহিনী গিৰিয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫ তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাচীন ভাৰতৰ ইতিহাসৰ অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্ত্তীকালত তেওঁ জি বি পণ্ট বিশ্ববিদ্যালয় (G.B. Pant University) ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।৬
মোহিনী গিৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ বোৱাৰী।
কেৰিয়াৰ
গিৰিয়ে এগৰাকী শিক্ষাবিদ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ত মহিলা শিক্ষাৰ বিভাগ প্ৰতিষ্ঠা কৰে।৫ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত তেওঁ ১৯৭২ চনত নতুন দিল্লীত ৱাৰ ৱিড’জ এছ’ছিয়েছ’ন (War Widows Association) নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে।৭ ২০০০ চনত তেওঁ দক্ষিণ এছিয়াৰ ৱ’মেনছ ইনিচিয়েটিভ অব পিচ ( Women’s Initiative for Peace) প্ৰতিষ্ঠাপক সদস্য হয়।৬
ভি মোহিনী গিৰি নিউ ৱৰ্কত প্ৰতিষ্ঠিত আন্তৰ্জাতিক সংগঠন ’The Hunger Project’ ৰ বৰ্ডৰ সদস্যা।৮
বঁটা আৰু সন্মান
- জীৱনজোৰা কৃতিত্বৰ বঁটা ২০১১, ৰাষ্ট্ৰসংঘ (Lifetime Achievement Award for building a society for all ages by NGO Committee on Ageing, United Nations, 2011)
- পদ্মভূষণ বঁটা, ভাৰত চৰকাৰ
- ৰাজীৱ গান্ধী শিৰোমণি বঁটা (Rajiv Gandhi Shiromani Award)
- আন্তঃৰাষ্ট্ৰীয় শান্তিৰ বঁটা (International Peace Award)
- মিট্টাল বঁটা (Sat Paul Mittal Award of Appreciation for Outstanding Service to humanity)
লগতে চাওক
- V. Mohini Giri; Srinivasan Gokilvani. (1997). Reaching the Unreachable Women's Participation in Panchayat Raj Administration: A Feministic Study on the Role Performance and Experiences of Elected Women in Sivaganga District. Department of Women's Studies, Alagappa University
- V. Mohini Giri. (1999). Kanya: Exploitation of Little Angels. Gyan Publishing House. ISBN 978-81-212-0623-5
- V. Mohini Giri. (2002). Living Death: Trauma of Widowhood in India. Gyan Publishing House. ISBN 978-81-212-0794-2
- V. Mohini Giri. (2006). Deprived Devis: Women's Unequal Status in Society. Gyan Books. ISBN 978-81-212-0856-7
তথ্যসূত্ৰ
- ↑ Pisharoty, Sangeeta Barooah. (27 August 2013). Silver years defined. The Hindu
- ↑ (1 September 2010). Interview with Dr. Mohini Giri. aarpinternational.org
- ↑ Chairpersons of the Commission. NCW Official website
- ↑ Padma Awards Directory (1954–2009). Ministry of Home Affairs
- ↑ (26 November 2013). Illustrious alumni recall glorious days at Lucknow University. The Times of India
- ↑ Dr. V. Mohini Giri profile. The Hunger Project
- ↑ History. War Widows Association, New Delhi, India
- ↑ Global Board of Directors and Officers. The Hunger Project
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভি. মোহিনী গিৰি” প্ৰবন্ধৰ সংশোধন ৬০৩৫০৪ (২৯ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।