ৰামেশ্বৰী নেহৰু, জন্ম: ১০ ডিচেম্বৰ ১৮৮৬ চন – মৃত্যু: ৮ নৱেম্বৰ ১৯৬৬ চন; ভাৰতৰ এগৰাকী সমাজকৰ্মী আৰু নেত্ৰী আছিল। তেওঁ সমাজৰ দৰিদ্ৰ শ্ৰেণী মানুহ আৰু মহিলাসকলৰ উত্থানৰ বাবে কাম কৰিছিল। তেওঁৰ জন্ম নাম আছিল ৰামেশ্বৰী ৰাইনা।
কেৰিয়াৰ
তেওঁ ১৯০৯ চনৰপৰা ১৯২৪ চনলৈ মহিলাৰ বাবে প্ৰকাশিত হিন্দী মাহেকীয়া আলোচনী স্ত্ৰী দৰ্পন সম্পাদনা কৰিছিল। তেওঁ সৰ্বভাৰতীয় মহিলা সন্মিলনৰ (AIWC)১ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ১৯৪২ চনত তেওঁ ইয়াৰ সভানেত্ৰী নিৰ্বাচিত হয়।২ তেওঁ কোপেনহেগেনত অনুষ্ঠিত হোৱা বিশ্ব মহিলা কংগ্ৰেছ আৰু কাইৰোত অনুষ্ঠিত হোৱা প্ৰথম আফ্ৰিকান-এছিয়ান মহিলা সন্মিলন (১৯৬১)ত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিয়ে।৩
বিশ্ব সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ বাবে চুক্তি আহ্বান কৰাৰ চুক্তিখনৰ স্বাক্ষৰকাৰীসকলৰ ভিতৰত তেওঁ আছিল এক অন্যতম সদস্য।[4]৪৫ এই চুক্তিৰ ফলত মানৱ ইতিহাসত প্ৰথমবাৰৰ বাবে, বিশ্ব শান্তিৰ হকে এখন বিশ্ব সংবিধানসভা পৃথিৱীৰ ফেডাৰেচনৰ বাবে সংবিধানৰ খচৰা আৰু গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়।৬
ব্যক্তিগত জীৱন
১৯০২ চনত তেওঁ মতিলাল নেহৰুৰ ভতিজা আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভাগিনীয়েক ব্ৰিজলাল নেহৰুৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ পুত্ৰ ব্ৰজ কুমাৰ নেহৰু ভাৰতীয় চৰকাৰী কৰ্মচাৰী আছিল আৰু তেওঁ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বঁটা আৰু সন্মান
ৰামেশ্বৰী নেহৰুক তেওঁৰ সামাজিক কামৰ বাবে ভাৰত চৰকাৰে ১৯৫৫ চনত ভাৰতৰ সৰ্বোচ্চ অসমাৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে,৭ আৰু ১৯৬১ চনত তেওঁ লেনিন শান্তি বঁটা লাভ কৰে।৮ ১৯৮৭ চনত তেওঁৰ স্মৃতিত ভাৰতৰ ডাকসেৱা বিভাগে তেওঁৰ চিত্ৰ সম্বলিত ডাক টিকট প্ৰৱৰ্তন কৰে।
অধিক পঢ়ক
- Om Prakash Paliwal. (1986). Rameshwari Nehru, Patriot and Internationalist. National Book Trust, India
- «View of I primi passi del femminismo indiano: Rameshwari e Uma Nehru nell'India di inizio Novecento | Storia delle Donne», 10 luglio 2020. oaj.fupress.net/index.php/sdd/article/view/2520/.
তথ্যসূত্ৰ
- ↑ Sonia Gandhi. (2004). Two Alone, Two Together: Letters Between Indira Gandhi and Jawaharlal Nehru 1922–1964. Penguin Books India. পৃ. xxii. ISBN 9780143032458
- ↑ Past Presidents. AIWC: All India Women's Conference
- ↑ Sharma, d n. (1969). Afro-asian Group In The U.n
- ↑ Letters from Thane Read asking Helen Keller to sign the World Constitution for world peace. 1961. Helen Keller Archive. American Foundation for the Blind
- ↑ Letter from World Constitution Coordinating Committee to Helen, enclosing current materials. Helen Keller Archive. American Foundation for the Blind
- ↑ Preparing earth constitution. The Encyclopedia of World Problems - Union of International Associations (UIA). Global Strategies & Solutions - The Encyclopedia of World Problems
- ↑ Padma Awards Directory (1954–2013). Ministry of Home Affairs
- ↑ Vijay Prashad (2008) The Darker Nations: A People's History of the Third World. New Pres. p, 53
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামেশ্বৰী নেহৰু” প্ৰবন্ধৰ সংশোধন ৫৮৪৮২৬ (৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।