অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণমল জগন্নাথন

কৃষ্ণমল জগন্নাথন (জন্ম: ১৬ জুন ১৯২৬) তামিলনাডু ৰাজ্যৰ এজন ভাৰতীয় সমাজ কৰ্মী। তেওঁ আৰু তেওঁৰ স্বামী শংকৰলিংগম জগন্নাথনে (১৯১২ – ১২ ফেব্ৰুৱাৰী ২০১৩) সামাজিক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোক গান্ধীবাদী কৰ্মী।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কৃষ্ণমল জগন্নাথন (জন্ম: ১৬ জুন ১৯২৬) তামিলনাডু ৰাজ্যৰ এজন ভাৰতীয় সমাজ কৰ্মী। তেওঁ আৰু তেওঁৰ স্বামী শংকৰলিংগম জগন্নাথনে (১৯১২ – ১২ ফেব্ৰুৱাৰী ২০১৩)১ সামাজিক অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোক গান্ধীবাদী কৰ্মী। তেওঁৰ কামৰ ভিতৰত আছিল ভূমিহীন আৰু দুখীয়া লোকৰ উন্নয়ন; তেওঁ কেতিয়াবা চৰকাৰৰ লগতে ডাঙৰ উদ্যোগৰ বিৰুদ্ধেও যুঁজিছে। ইয়াৰ পূৰ্বে তেওঁ স্বামীৰ সৈতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সৈতে জড়িত আছিল আৰু বিনোবা ভাৱেৰ ঘনিষ্ঠ সহযোগীও আছিল। ২০০৮ চনত তেওঁ তেওঁৰ স্বামীৰ সৈতে একেলগে ৰাইট লাইভলিহুড বঁটা লাভ কৰে।২ তেওঁক ২০২০ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ দিয়া হৈছিল।৩

প্ৰাথমিক জীৱন

১৯২৬ চনত দলিত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল জগন্নাথনে।৪ গৰ্ভাৱস্থাৰ চূড়ান্ত পৰ্যায়ত থাকিও কঠোৰ পৰিশ্ৰম কৰা আৰু কাম কৰি যাবলগীয়া হোৱা মাতৃ নাগমমলক পৰ্যবেক্ষণ কৰি তেওঁ দৈনন্দিন জীৱনত সামাজিক অন্যায় আৰু দৰিদ্ৰতা সম্বন্ধে বীতশ্ৰদ্ধ হয়।৫ দৰিদ্ৰ পৰিয়ালৰ হোৱাৰ পিছতো বিশ্ববিদ্যালয়ৰ শিক্ষা লাভ কৰিবলৈ সক্ষম হয় আৰু অতি সোনকালেই তেওঁ গান্ধীবাদী সৰ্বোদয়া আন্দোলনৰ লগত জড়িত হৈ পৰে। সৰ্বোদয়ৰ যোগেদিহে তেওঁ শংকৰলিংগমক লগ পাইছিল, যিজন পিছলৈ তাইৰ স্বামী হয়। শংকৰলিংগম এটা ধনী পৰিয়ালৰপৰা আহিছিল যদিও গান্ধীয়ে অসহযোগ আন্দোলন আৰু নাগৰিক অবাধ্যতাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১৯৩০ চনত কলেজীয়া শিক্ষা বন্ধ কৰি দিয়ে।৪ কৃষ্ণমলে মহাত্মা গান্ধীৰ সহযোগী হৈ কাম কৰিছিল৫ আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ সৈতে সাক্ষাৎ কৰিছিল।৬ পিছলৈ শংকৰলিংগই ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰে আৰু ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে বছৰ বছৰ ধৰি কাৰাগাৰত কটায়।৪ কেৱল স্বাধীন ভাৰতত বিবাহৰ সিদ্ধান্ত লৈ শংকৰলিংগম আৰু কৃষ্ণমলে ১৯৫০ চনত বিবাহপাশত আবদ্ধ হয়।৫ পিছলৈ তেওঁ বেদাৰন্যামত লৱণ সত্যগ্ৰহ পদযাত্ৰাৰ নেতৃত্ব দিয়ে, এইবাৰ প্ৰতিবাদত নহয়, বৰঞ্চ ২০০৬ চনত এই অনুষ্ঠানৰ প্লেটিনাম জয়ন্তী স্মৃতিত।৭

তথ্যসূত্ৰ

  1. ↑ Archived copy
  2. ↑ Krishnammal and Sankaralingam Jagannathan / LAFTI. The Right Livelihood Award
  3. ↑ (26 January 2020). Arun Jaitley, Sushma Swaraj, George Fernandes given Padma Vibhushan posthumously. Here's full list of Padma award recipients. The Economic Times
  4. ↑ Krishnammal and Sankaralingam Jagannathan / LAFTI (India) – on Right Livelihood Awards' website
  5. ↑ Gandhian' couple get alternate Nobel – OneIndia.com
  6. ↑ (5 November 2008). Krishnammal Jagannathan. SDSU College of Health and Human Service
  7. ↑ Congressmen re-enact Salt Satyagraha march The Hindu

সম্পৰ্কিত শ্ৰেণী

দলিত মহিলাসমাজকৰ্মীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণমল জগন্নাথন” প্ৰবন্ধৰ সংশোধন ৫৯৮২৮০ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।