লোক-সংস্কৃতি
৯২ প্ৰবন্ধ
-
বেহৰুপিয়া শিল্পী
বেহৰুপিয়া বা বাহৰুপিয়া ভাৰত, নেপাল আৰু বাংলাদেশৰ পৰম্পৰাগত পৰিৱেশন কলাৰ এজন মনোৰঞ্জনকাৰী শিল্পী। এসময়ৰ জনপ্ৰিয় আৰু ব্যাপকভাবে প্ৰচলিত এই শিল্পকৰ্মটো এতিয়া হ্ৰাস পাইছে আৰু বেছিভাগ অনুশীলনকাৰীয়ে দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে।
-
ভাৰতীয় লোক-সংগীত
ভাৰতৰ বিপুল সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবেই ভাৰতীয় লোক-সংগীত বৈচিত্ৰ্যপূৰ্ণ। এই বিশাল ৰাষ্ট্ৰখনৰ বিভিন্ন অঞ্চলত, বিভিন্ন ভাষা আৰু উপভাষাত নিজা নিজা লোক-সংগীত গোৱা হয় আৰু প্ৰব্ৰজনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ভাৰতীয় লোক-সংগীতে প্ৰসাৰ লাভ কৰিছে।
-
মাকো
মাকো হ'ল তাঁত ববৰ কাৰণে ব্যৱহাৰ কৰা যতন, য’ত মহুৰা ভৰাই তাঁত বোৱা হয়। অসমত প্ৰচলিত মাকোৰ ভাগ দুটা হ'ল: চৰিয়া মাকো আৰু ফলীয়া মাকো। বিহুগীতত 'ক'লীয়া নাহৰৰ মাকো' আৰু 'হাতীদাঁতৰ মাকো'ৰ উল্লেখ আছে।
-
মাচিলোট ভগৱতী
মাচিলোট ভগৱতী ( Muchilot Bhagavathi) উত্তৰ মালাবাৰৰ ভানিয়াৰ সম্প্ৰদায়ৰ টিউটেলাৰী দেৱতা। শিৱালয় ষ্টোথ্ৰামত উল্লেখ কৰা ১০৮টা শিৱ মন্দিৰৰ সৈতে মিল থকা উত্তৰ কেৰালা ত বিস্তৃত ১০৮টা মাচিলোট মন্দিৰ আছে।
-
মাপিলা থেয়াম
মাপিলা থেয়াম উত্তৰ মালাবাৰত বিশেষকৈ কাছাৰাগোড জিলাত পৰিবেশন কৰা থেয়ামৰ এটা আঞ্চলিক ৰূপ, ই মালাবাৰ উপকূলৰ মাপিলা মুছলমানসকলৰ সৈতে জড়িত। এই থেয়ামক মাভিলান, কোপ্পালান আৰু ভান্নান সম্প্ৰদায়ে দেৱতা হিচাপে গ্ৰহণ কৰে আৰু হিন্দু আৰু মুছলমানৰ সহযোগত এই কাম কৰে।
-
মেলা পট
মেলা পট এক উৎসৱ। ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ জম্মু সংমণ্ডলৰ ডোডা জিলাৰ ভাদেৰৱাহ তহচিলৰ খাখল গাঁৱত নাগ সংস্কৃতিৰ প্ৰতীক হিচাপে প্ৰতি বছৰে নগা পঞ্চমীৰ দিনা অনুষ্ঠিত হোৱা ই তিনিদিনীয়া উৎসৱ।
-
ম্হ পূজা
ম্হা পূজা(দেৱনাগৰী: म्हপুজা) নৱবৰ্ষ উদযাপনৰ অংশ হিচাপে আত্মাক শুদ্ধ আৰু সবলীকৰণৰ বাবে নেপালৰ নেৱাৰসকলে কৰা বাৰ্ষিক অনুষ্ঠান। স্বন্তি (উৎসৱ)ৰ সময়ত হোৱা নেপালৰ ৰাষ্ট্ৰীয় চান্দ্ৰ কেলেণ্ডাৰ নেপাল সংবতৰ নৱবৰ্ষৰ দিনা ইয়াক অনুষ্ঠিত কৰা হয়।
-
লাখেই নৃত্য
লাখেই বা লা-খে অথবা লাখেয় ঈশ্বৰৰ শোভাযাত্ৰাত কৰা অসুৰৰ এক নৃত্য। ই নেপালৰ পৰিচিত লোকনৃত্য৷ কোনো প্ৰাচীন ৰাজপ্ৰসাদৰ সম্মুখত থকা আৰু হিন্দু মন্দিৰেৰে সুসজ্জিত নেপালৰ কাঠমাণ্ডুৰ ঐতিহাসিক প্লাজা দৰবাৰ চৌহদত হিন্দু স্বৰ্গৰ ৰজা ইন্দ্ৰক পূজা কৰা ইন্দ্ৰ যাত্ৰাৰ অন্তিম দিনটোত এই ঠাই সদায় শ্ৰদ্ধালু লোকেৰে…
-
লাঠমাৰ হোলী
লাঠমাৰ হোলী (Lathmar Holi) অৰ্থাৎ লাঠিৰে খেলা হোলী যঁজা চহৰ হিচাপে জনাজাত বৰছানা আৰু নন্দগাঁৱত পালন কৰা এক হিন্দু ধৰ্মীয় উৎসৱ; এই দুই চহৰক ক্ৰমে ৰাধা আৰু কৃষ্ণ নগৰ বুলিও জনা যায়। প্ৰতি বছৰে হোলীৰ সময়ছোৱাত হাজাৰ হাজাৰ ভক্ত আৰু পৰ্যটক এই চহৰদুখনলৈ গৈ এই উৎসৱ উদযাপন কৰে।
-
সিদ্দাৱেশা
সিদ্দাৱেশা একপ্ৰকাৰৰ ধৰ্মীয় আৰু পৰম্পৰাগত লোকনৃত্য। চুলিয়াৰ আৰেভাহছে লোকসকলে তুলু পঞ্জিকাত সুগ্গী মাহৰ পূৰ্ণিমাৰ সময়ত এই নৃত্য প্ৰদৰ্শন কৰে। এই মাহত চুগী নালিকেও পৰিৱেশন কৰা হয়। সন্ধিয়াৰপৰা ৰাতিপুৱালৈকে সিদ্দাৱেশা অনুষ্ঠান অনুষ্ঠিত হয়, নৃত্যশিল্পীসকলে সকলো সামাজিক স্তৰৰ লোকৰ ঘৰলৈ যায়।
-
হুদুম গীত
হুদুম গীত হৈছে হুদুম পূজা উপলক্ষে পৰিৱেশন কৰা এবিধ লোকগীত। অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত এই গীতৰ প্ৰচলন আছে।
-
ৰাজবংশী বিয়াগীত
কোচ বংশৰপৰা প্ৰৱাহিত আৰু ৰজাৰ বংশধৰ বুলি পৰিচয় প্ৰদান কৰা ৰাজবংশীসকলৰ উৎসব-পাৰ্বন, নিয়ম-নীতি, আচাৰ-ব্যৱহাৰ আদি বিভিন্ন দিশতে তেওঁলোকৰ সুকীয়া বৈশিষ্ট্য আছে। সেয়া খাদ্যৰ ক্ষেত্ৰতেই হওক, সাজপাৰৰ ক্ষেত্ৰতেই হওক বা উৎসৱ-অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক।
-
আ নিয়া
আ নিয়া (Áine) জহকাল, ধন আৰু সাৰ্বভৌমত্বৰ আইৰিছ দেৱী। তেওঁ গ্ৰীষ্মৰ মাজভাগ আৰু সূৰ্য্যৰ সৈতে জড়িত, আৰু কেতিয়াবা ৰঙা ঘোঁৰাৰ দ্বাৰাও ইয়াক প্ৰতিনিধিত্ব কৰা হয়। আৰু একাধিক আইৰিছ পৰিয়ালে তেওঁক পূৰ্বপুৰুষ বুলি দাবী কৰে।
-
আদি পেৰুক্কু
আদি পেৰুক্কু হৈছে এক হিন্দু উৎসৱ, যিটো তামিল মাহ ‘আদি’ৰ ১৮তম দিনা তামিল লোকসকলে উদযাপন কৰে। এই উৎসৱত সাধাৰণতে মৌচুমী ঋতুত নদীৰ জলস্তৰ বৃদ্ধিক চিহ্নিত কৰিবলৈ আৰু পানীৰ জীৱনদায়ী গুণৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ নদীৰ পাৰত প্ৰাৰ্থনা কৰা হয়। এই দিনটোত হিন্দু দেৱী আম্মানৰ বিভিন্ন ৰীতি-নীতিৰে পূজা কৰা হয়।
-
আলমাবট্ৰিব
আলমাবট্ৰিব (Almabtrieb, ছুইজাৰলেণ্ডত: আলপাবজুগ, আলপাবফাৰ্ট, বা ফৰাচী ভাষীত চুইজাৰলেণ্ড: ডেছালপেছ; জাৰ্মান ভাষা আক্ষৰিক অৰ্থত: পাহাৰীয়া চৰণীয়া পথাৰৰ পৰা ঘূৰি অহা) ইউৰোপ ৰ আলপাইন অঞ্চলত বাৰ্ষিক অনুষ্ঠান, ছেপ্টেম্বৰৰ শেষৰ ফালে বা অক্টোবৰৰ আৰম্ভণিতে হোৱা গৰু-ম’হৰ ঘৰলৈ ঘূৰি অহা বুজায়।
-
আলামিক্কালী
আলামিক্কালী ( Alamikkali)ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ মাংগালোৰ আৰু কেৰালাৰ কাছাৰগোড়ৰ কিছু অঞ্চলত পালিত এক লোক উৎসৱ। এই উৎসৱে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয় ঐক্যৰ পৰিচয় দিয়ে। কাছাৰগোড় জিলাত কানহাংগাড়ৰ সমীপত অৱস্থিত আলামীপল্লী।
-
আলিণ্ডি
আলিণ্ডি (Alindi), যাক ফুটা বেনাদিৰ বুলিও জনা যায়, এবিধ ছোমালি বস্ত্ৰ। সাধাৰণতে পৰম্পৰাগত সাজ-পাৰৰ অংশ হিচাপে পৰিধান কৰা এই কাপোৰবিধ ইয়াৰ বিভিন্ন ৰঙীন আঁচৰ দ্বাৰা চিনাক্ত কৰিব পৰা যায়।
-
আৰ্য পুংকানি
আৰ্য পুংকানি, যাক আৰ্যকৰাকানি বুলিও কোৱা হয়, ভাৰতৰ কেৰালাৰ উত্তৰ মালাবাৰ অঞ্চলত পূজা কৰা এগৰাকী নাৰী দেৱতা। আৰ্য পুংকানীক আৰ্য্য পুংকানী থেয়াম(নৃত্য) হিচাপে পূজা আৰু পৰিবেশন কৰা হয়। আৰ্য পুংকানিৰ থেয়ামৰ সৈতে বাপ্পিৰিয়ান থেয়ামও এই মন্দিৰত কৰা হয়।
-
ইউক্ৰেইনৰ নৃত্য
ইউক্ৰেইনীয় নৃত্য বুলিলে পৰম্পৰাগত লোক নৃত্যক বুজায় আৰু ই ইউক্ৰেইনীয় ইউক্ৰেইনৰ ভিতৰৰ একাধিক জনগোষ্ঠীৰ পৰা উৎপত্তি হোৱা নৃত্যকো বুজাব পাৰে। ঘৰুৱা লোকনৃত্য হৈছে কোনো বিশেষ ভূখণ্ডত কৰা লোকনৃত্য আৰু পৰম্পৰাগতভাৱে বিয়া বা উৎসৱৰ দৰে সাধাৰণ পৰিস্থিতিত, বৈশিষ্ট্যপূৰ্ণ গতি, ছন্দ, সাজ-পোছাক আদিৰে কৰা…
-
এৰুথুকালি
এৰুথুকালি (ইংৰাজী: Erutukali, কেতিয়াবা এৰুথু কালি বুলিও লিখা হয়) হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এটা লোকশিল্প। এই লোকনৃত্য আৰু লোকানুষ্ঠানটো মূলতঃ মাভিলাৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়।
-
কুট্টিচাথান থেয়্যাম
কুট্টিচাথান থেয়্যাম (Kuttichathan Theyyam ) যাক সস্তপ্পন থেয়্যাম বুলিও জনা যায় ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ অংশত কৰা থেয়্যাম। যিহেতু কুট্টিচাথান থেয়্যামৰ দেৱতা কান্নুৰ জিলাৰ পায়নুৰৰ কলাকট্টু ইল্লামৰ পৰা ব্ৰাহ্মণ পৰিয়ালৰ সৈতে জড়িত, এই থেয়্যামক কলাকট্টু কুট্টিচাথান বুলিও কোৱা হয়।
-
গুলিকান থেয়্যাম
গুলিকান থেয়্যাম ( Gulikan Theyyam) ক ভগৱান শিৱ বুলি পূজা কৰা হয়। গুলিকান থেয়্যাম ভাৰতৰ কেৰালা ৰাজ্যৰ জনপ্ৰিয় ধৰ্মীয় লোকনৃত্য কলিয়াট্টমৰ অংশ। তুলুনাডু অঞ্চলত এই দেৱতাক হিন্দু সংস্কৃতিৰ প্ৰভু গুলিগা দৈভা হিচাপে পূজা কৰা হয়। গুলিকান কাভুছ নামৰ সৰু সৰু মন্দিৰবোৰত গুলিকানক পূজা কৰা হয়।
-
গোঁসাই উলিওৱা মেলা
গোঁসাই উলিওৱা মেলা মধ্য অসমৰ নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলাত অনুষ্ঠিত এক লোক-উৎসৱ। এই উৎসৱ ব’হাগ-জেঠ মাহত পালন কৰা হয়।
-
গোষ্ঠাষ্টমী
গোষ্ঠাষ্টমীৰ জৰিয়তে মানৱ জাতিৰ কল্যাণৰ বাবে বৃন্দাবনৰ মনোৰম পৰিবেশ সৃষ্টিৰে ভগৱানৰ উপাসনাৰ মন্দিৰত গো-মাতৃ আৰু গোপাল কৃষ্ণৰ পূজা-অৰ্চনা কৰা হয়। কৃষি আৰু মানুহৰ প্ৰাত্যহিক জীৱনৰ নানা কাৰ্যত বিভিন্ন ধৰণে সহায় কৰা গৰুক পূজা-অৰ্চনাৰ দ্বাৰা মানুহৰ প্ৰতি আগবঢ়োৱা অৱদানৰ গোষ্ঠাষ্টমীৰ দ্বাৰা শলাগ লোৱাৰ…
-
গৰোলস্কি চুইয়েণ্টো
গৰোলস্কি চুইয়েণ্টো (ইংৰাজী: Gorolski Święto; আক্ষৰিক অৰ্থ: গৰোলৰ উৎসৱ; Festiwal Gorolskigo) হ’ল আগষ্ট মাহৰ প্ৰথম সপ্তাহান্তত চেক গণৰাজ্যৰ জাবলুনকভত অনুষ্ঠিত হোৱা এক বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু লোক উৎসৱ। ই শুকুৰবাৰৰ পৰা দেওবাৰলৈকে চলে।
-
ঘুমট
ঘুমট (Ghumot; ইষ্ট ইণ্ডিয়ান: घुमट বা ಘುಮೋಟ) বা গুমোট বা ঘুমত ভাৰতৰ গোৱাৰপৰা অহা এটি মেমব্ৰেন'ফোন বাদ্যযন্ত্ৰ। ঘুমট হৈছে মাটিৰ পাত্ৰৰ দুয়োফাল খোলাকৈ নিৰ্মিত এটি টান বাদ্য; ডাঙৰ খোলাটোত গুঁইৰ চামৰাৰে (ড্ৰাম মেমব্ৰেন) আৰোপণ কৰা হয়।
-
চন্দ্ৰক নমাই অনা
চন্দ্ৰক নমাই অনা (ইংৰাজী: Drawing down the Moon), যাক 'দেৱীক নমাই অনা' বুলিও জনা যায়, হৈছে বহুতো সমসাময়িক ৱিকা (Wicca) পৰম্পৰাৰ এক কেন্দ্ৰীয় ধৰ্মীয় ৰীতি।
-
চাওমছ
চাওমছ (Chawmos, লগতে cawmōs, ghona chawmos yat, খোৱাৰ ভাষাত "chitrimas", 'চাতুৰ্মাছ্য'ৰপৰা উদ্ভৱ হোৱা) হৈছে পাকিস্তানৰ কালাশ লোকসকলৰ এক উৎসৱ। ইয়াক কেতিয়াবা chaumos বুলিও বানান কৰা হয়। এই উৎসৱ দুই সপ্তাহজুৰি শীতকালীন অয়নান্তৰ (৭-২২ ডিচেম্বৰ) সময়ত চাওমছ মাষ্ট্ৰুক মাহৰ আৰম্ভণিতে উদ্যাপন কৰা হয়।
-
চাভিট্টু নাদকম
চাভিট্টু নাদকম (Chavittu Nadakam) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত উৎপত্তি হোৱা এক বিশেষ নাট্যশৈলী। ইয়াৰ উৎপত্তিস্থল হিচাপে সাধাৰণতে কোচিৰ ফ'ৰ্ট কোচি অঞ্চলক ধৰা হয়, আৰু ই মূলতঃ সেই অঞ্চলৰ লেটিন খ্ৰীষ্টান সম্প্ৰদায়ৰ সৈতে জড়িত।
-
চিলাম যোশী উৎসৱ
চিলাম যোশী উৎসৱ (ইংৰাজী: Chilam Joshi Festival, যাক চিলিম যোশী বুলিও লিখা হয়) হৈছে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কালাশা উপত্যকাত বাস কৰা কালাশ লোকসকলে উদযাপন কৰা এটা উৎসৱ। ই কালাশা সম্প্ৰদায়ৰ ভিতৰত বসন্তৰ আগমনক সূচায় আৰু প্ৰতি বছৰে ১৩ মে’ৰ পৰা ১৬ মে’লৈকে উদযাপন কৰা হয়।