হুদুম গীত হৈছে হুদুম পূজা উপলক্ষে পৰিৱেশন কৰা এবিধ লোকগীত। অসমৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত এই গীতৰ প্ৰচলন আছে।
উদ্দেশ্য আৰু বিৱৰণ
সাধাৰণতে অনাবৃষ্টিৰ সময়ত মাজ নিশা পথাৰৰ মাজত মূলতঃ নাৰীসকলে হুদুম পূজা পাতে। হুদুমক বৃষ্টিদাতা দেৱতা বুলি ভবা হয়। মৃদঙ্গ বাদকৰ বাহিৰে কোনো পুৰুষে হুদুম-পূজাত যোগ দিব নোৱাৰে। নাৰীসকলে বিবসনা হৈ গীত-পদ গাই গাই হুদুমদেৱতালৈ পূজা আগ বঢ়ায়। হুদুম-পূজাৰ প্ৰসঙ্গত গোৱা গীতবোৰৰ নামেই হুদুম গীত। এই গীতবোৰৰ কিছুমানত অশ্লীল শব্দৰ প্ৰয়োগ পৰিদৃষ্ট হয়। উদাহৰণ স্বৰূপে;১
জাগৰে জাগৰে হুদুম আজিকাৰ ৰাতি। গৃহস্থীয়া কৰে পূজা দিয়া ধূপ চাইলন বাতি।। আকাশতে কৰ পূজা আকাশ কাওলী। পাতালতে কৰ পূজা এক কাল লাগালি।। ... হুদুমেৰ মাও বন্দী হইল যোৰ মাৰেয়া তলেৰে। হুদুম হুদুমৰে হুদুমে কি কাজ কৰিল ৰে।। হুদুমেৰ ঘৰ সাত ভাই কাৰে খেতত পানী নাই। আছে পানী গাঙ্গতে ঢালিয়া দিব জমিতে।...২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হুদুম গীত” প্ৰবন্ধৰ সংশোধন ৫২৭৬৭০ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।