অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাওমছ

চাওমছ (Chawmos, লগতে cawmōs, ghona chawmos yat, খোৱাৰ ভাষাত "chitrimas", 'চাতুৰ্মাছ্য'ৰপৰা উদ্ভৱ হোৱা) হৈছে পাকিস্তানৰ কালাশ লোকসকলৰ এক উৎসৱ। ইয়াক কেতিয়াবা chaumos বুলিও বানান কৰা হয়। এই উৎসৱ দুই সপ্তাহজুৰি শীতকালীন অয়নান্তৰ (৭-২২ ডিচেম্বৰ) সময়ত চাওমছ মাষ্ট্ৰুক মাহৰ আৰম্ভণিতে উদ্‌যাপন কৰা হয়।

হালনাগাদ: ১৯ মাৰ্চ ২০২৬ ৪৪৪ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

চাওমছ (Chawmos, লগতে cawmōs, ghona chawmos yat, খোৱাৰ ভাষাত "chitrimas", 'চাতুৰ্মাছ্য'ৰপৰা উদ্ভৱ হোৱা) হৈছে পাকিস্তানৰ কালাশ লোকসকলৰ এক উৎসৱ। ইয়াক কেতিয়াবা chaumos বুলিও বানান কৰা হয়। এই উৎসৱ দুই সপ্তাহজুৰি শীতকালীন অয়নান্তৰ (৭-২২ ডিচেম্বৰ) সময়ত চাওমছ মাষ্ট্ৰুক মাহৰ আৰম্ভণিতে উদ্‌যাপন কৰা হয়।১

চাওমছ উৎসৱ ৰুম্বুৰ আৰু বুম্বুৰেট গাঁৱত কোনো বাদ্যযন্ত্ৰ অবিহনে পালন কৰা হয়, কিন্তু বিৰিৰ গাঁৱত বাদ্যযন্ত্ৰৰ সৈতে উদ্‌যাপন কৰা হয়। কালাশ লোকসকলে তেওঁলোকৰ খেতিৰ কাম শেষ কৰি বছৰটোৰ বাবে পনীৰ, ফল-মূল, শাক-পাচলি আৰু শস্য জমা কৰাৰ পাছতে চাওমছ উৎসৱৰ আগমন ঘটে।২৩

ৰীতি-নীতি

চাওমছৰ প্ৰথম সপ্তাহ (৭-১৪ ডিচেম্বৰ) কেৱল কালাশ লোকসকলৰ বাবে। কিছুমান ৰীতি-নীতিৰ পিছত কালাশ ছোৱালীয়ে তেওঁলোকৰ দৰা নিৰ্বাচন কৰে। এই সময়ছোৱাত সমগ্ৰ জনসাধাৰণ ঘৰৰ ভিতৰতে থাকে। পাহাৰৰ ওপৰত বহি সূৰ্যই নিৰ্দিষ্ট কক্ষপথত উপনীত হোৱা প্ৰত্যক্ষ কৰা জ্যেষ্ঠসকলে নৱবৰ্ষৰ আগমন ঘোষণা নকৰালৈকে ভোজ-ভাত খাই এই উৎসৱ উদ্‌যাপন কৰা হয়। শিশুসকল পাহাৰলৈ যায়, য’ত তেওঁলোকে ল’ৰা আৰু ছোৱালী হিচাপে দুভাগত বিভক্ত হয় আৰু পৃথকে পৃথকে একোখন ডাঙৰ জুই (bonfire) জ্বলায়।

চাওমছৰ দ্বিতীয় সপ্তাহত (১৫-২২ ডিচেম্বৰ), লোকসকলে নৃত্য আৰু সংগীতৰ জৰিয়তে তেওঁলোকৰ দেৱতাক ধন্যবাদ জনায়। উৎসৱৰ এই অংশটো ৰাজহুৱা। ইয়াত প্ৰচুৰ সংগীত আৰু নৃত্যৰ লগতে বহুতো ছাগলী বলি দিয়া হয়। এই সময়ছোৱা বালিমেইন দেৱতাৰ নামত উৎসৰ্গা কৰা হয়, যিগৰাকী দেৱতাই কালাশসকলৰ পৌৰাণিক জন্মভূমি চিয়ামৰপৰা ভোজৰ সময়ছোৱাত দৰ্শন দিয়ে বুলি বিশ্বাস কৰা হয়। পূৰ্বপুৰুষসকলৰ নামত উছৰ্গিত বংশৰ জ্যেষ্ঠাক মঠবোৰত খাদ্য বলি ৰূপে আগবঢ়োৱা হয়।

চাওমছত অশুদ্ধ আৰু দীক্ষা নোলোৱা ব্যক্তিক প্ৰৱেশৰ অনুমতি দিয়া নহয়; মহিলা আৰু শিশুৰ ওপৰত জ্বলি থকা খৰি জোকাৰি আৰু পুৰুষৰ বাবে এক বিশেষ অগ্নি ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক শুদ্ধ কৰিব লাগে। এই অনুষ্ঠানত এজন শামানে পুৰুষসকলৰ ওপৰত জুনাইপাৰৰ ডাল জোকাৰে। বছৰৰ শেষত হোৱা কাৰ্নিভাল সদৃশ ৰীতি-নীতিৰ দৰে এই সময়ত দেৱতাসকলৰ 'পুৰণি নিয়ম'সমূহ বলবৎ হৈ নাথাকে।

চাওমছৰ মূল অনুষ্ঠানটো টোক গছৰ তলত, ইন্দ্ৰৰ স্থান বুলি কোৱা "ইন্দ্ৰুনকোট" বা "ইন্দ্ৰেইন"ত অনুষ্ঠিত হয়। ইন্দ্ৰুনকোটক কেতিয়াবা বালুমেইনৰ ভাতৃ তথা পশুধনৰ প্ৰভু ইন্দ্ৰৰ বুলি বিশ্বাস কৰা হয়। শুদ্ধ বুলি বিবেচিত যুৱকসকলে পূৰ্বপুৰুষৰ ছদ্মবেশ ধৰি তেওঁলোকক পূজা কৰে আৰু ৰুটি অৰ্পণ কৰে; তেওঁলোকে ইজনে সিজনক ধৰি এটা শৃংখল গঠন কৰে আৰু সাপৰ দৰে গোটেই গাঁওখনত ঘূৰি ফুৰে।

পুৰুষসকলক দুটা দলত ভাগ কৰা হয়: শুদ্ধ দলটোৱে অতীতৰ সন্মানীয় গীতবোৰ গাব লাগে, কিন্তু অশুদ্ধ দলটোৱে সম্পূৰ্ণ বেলেগ তালত উদ্দাম আৰু অশ্লীল গীত গায়। ইয়াৰ লগতে এক 'লিংগ পৰিৱৰ্তন' প্ৰক্ৰিয়াও চলে: পুৰুষে মহিলাৰ দৰে আৰু মহিলাই পুৰুষৰ দৰে সাজ-পাৰ পিন্ধে (বালুমেইনকো আংশিকভাৱে মহিলা হিচাপে গণ্য কৰা হয় আৰু তেওঁ ইচ্ছানুসৰি দুয়োটা ৰূপলৈ সলনি হ'ব পাৰে)।৪

চাওমছৰ প্ৰাৰ্থনাৰ সময়ত বালংকুৰুৰ গাঁৱৰ বাহিৰৰ এখন ওখ মালভূমিত এক শোভাযাত্ৰা উলিওৱা হয় য’ত গোটেই নিশা ধৰি নৃত্য আৰম্ভ হয়। উৎসৱটো আৰু বহু দিন ধৰি চলে আৰু উপত্যকাৰ বিভিন্ন স্থানলৈ স্থানান্তৰিত হয়। সকলো উৎসৱৰ ভিতৰত এয়া আটাইতকৈ ৰোমাঞ্চকৰ। ঠাণ্ডা বতৰ আৰু তুষাৰপাতৰ মাজতে ছোৱালীয়ে নৃত্য কৰে আৰু ল’ৰাবোৰে বিভিন্ন শীতকালীন খেল খেলে। বাট-পথ বন্ধ হোৱা আৰু প্ৰবল তুষাৰপাতৰ বাবে পৰ্যটকসকলে এই উৎসৱত খুব কমেইহে অংশ লয়।

তথ্যসূত্ৰ

  1. ↑ Savilakehari celebrated as Chawmoss festival going on in Kalash Valley. www.thenews.com.pk
  2. ↑ Uploader. (2019-12-17). Week-long 'winter Chawmoss festival' attracting tourists in Kalash Valley. Associated Press Of Pakistan
  3. ↑ Planet, Lonely. Thorn Tree - The kalasha Winter Festival (Chawmoss). www.lonelyplanet.com
  4. ↑ Davey, Steve. (2016-04-12). Around the World in 500 Festivals: From Burning Man in the US to Kumbh Mela in Allahabad—The World's Most Spectacular Celebrations. Simon and Schuster. ISBN 978-1-5107-0592-0

সম্পৰ্কিত শ্ৰেণী

লোক-সংস্কৃতিউৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাওমছ” প্ৰবন্ধৰ সংশোধন ৫৯০৫৬০ (১৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।