লোক-সংস্কৃতি
৯২ প্ৰবন্ধ
-
জাপানী লোককথা
জাপানী লোককথা ত জাপান আৰু জাপানী জনসাধাৰণৰ অনানুষ্ঠানিকভাৱে শিকি অহা লোক পৰম্পৰাক সামৰি লোৱা হৈছে, যিবোৰ তেওঁলোকৰ মৌখিক পৰম্পৰা, ৰীতি-নীতি আৰু বস্তুগত সংস্কৃতিত প্ৰকাশ পাইছে। জাপানী ভাষাত লোককথাৰ বৰ্ণনাৰ বাবে মিনকান ডেনশ্বো (民間伝承; "মানুহৰ মাজত যোগাযোগ") শব্দটো ব্যৱহাৰ কৰা হয়।
-
তিৰুৱথিৰকালী
তিৰুৱথিৰকালী কেৰালাৰ মহিলাৰ এক অনন্য গোট নৃত্য। ধৰ্মীয় অনুষ্ঠানৰ অংশ হিচাপে আৰু ইয়াৰ বাহিৰেও মহিলাসকলে সৰু সৰু গোটত এই নৃত্য পৰিৱেশন কৰে। সাধাৰণতে ধনুমা মাহৰ ওনাম আৰু তিৰুৱতীৰদিনা মহিলাসকলে শিৱ মন্দিৰ আদিত শিৱ পাৰ্বতীৰ প্ৰশংসা গীত গাই এই শিল্পৰূপ প্ৰদৰ্শন কৰে।
-
দক্ষিণ ৰায়
দক্ষিণ ৰায় হৈছে বাংলাদেশ আৰু ভাৰতৰ সুন্দৰবন অঞ্চলত জাতি-ধৰ্ম নিৰ্বিশেষে পূজিত এগৰাকী লোকদেৱতা। তেওঁক পশু আৰু দানৱৰ নিয়ন্ত্ৰক বা বাঘৰ ৰাজা বুলি গণ্য কৰা হয়। সুন্দৰবনৰ অধিবাসীসকলে দক্ষিণ ৰায়ক সুন্দৰবনৰ ভাটি অঞ্চলৰ অধিপতি হিচাপে পূজা কৰে।
-
দহি-হাণ্ডী
দহি হাণ্ডী ( Dahi Handi ) কৃষ্ণ জন্মাষ্টমীৰ সৈতে জড়িত এক মনোৰঞ্জন আৰু প্ৰতিযোগিতামূলক অনুষ্ঠান। ই কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা আগষ্ট বা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হয়। ইয়াৰ লগত জড়িত সম্প্ৰদায়সমূহে দৈ (দহি), মাখন বা আন গাখীৰ ভিত্তিক খাদ্যৰে ভৰা মাটিৰ পাত্ৰ এটা সুবিধাজনক বা ওখ উচ্চতাত ওলোমাই থোৱা থয়।
-
দেৱনাৰায়ণ
দেৱনাৰায়ণ (Devnarayan) ভাৰতৰ ৰাজস্থানৰ এজন লোকদেৱতা। তেওঁ বিষ্ণুৰ অৱতাৰ আছিল আৰু তেওঁক বেছিভাগেই ৰাজস্থান আৰু উত্তৰ-পশ্চিম মধ্যপ্ৰদেশত পূজা কৰা হয়। পৰম্পৰা অনুসৰি ৯৬৮ চনৰ বিক্ৰম সংভাত (৯১১ খ্ৰীষ্টাব্দ)ত হিন্দু পঞ্জিকাৰ মাঘ মাহৰ উজ্জ্বল অৰ্ধ (শুকল সপ্তমী)ৰ সপ্তম দিনা শ্ৰী সৱৈ ভোজ আৰু সদু মাতা ৰ…
-
নাইট হাণ্টিং
নাইট হাণ্টিং বা স্থানীয় ভাষাত বোমেনা (জোংখা: བོད་མན་) হৈছে ভূটানৰ পশ্চিম অংশ, বিশেষকৈ হা, পাৰো আৰু বুমথাং জিলা অঞ্চলত বিগত সময়চোৱাত দেখা পোৱা এটা পৰম্পৰাগত প্ৰণয় প্ৰথা। এই প্ৰথাটোত পুৰুষে নিশাৰ সময়ত গোপনে ছোৱালীৰ ঘৰত সোমাই সংগ বিচাৰিছিল।
-
নীলা শিয়াল
নীলা শিয়াল এটা সাধুকথা যিটো সমগ্ৰ ভাৰত উপমহাদেশতে পৰিচিত।
-
পাকিস্তানী লোক-সংগীত
পাকিস্তানী লোকসংগীত বুলিলে পাকিস্তানত উৎপত্তি হোৱা স্থানীয় লোক-সংগীতৰ ধাৰাটোক বুজোৱা হয়।
-
পুহকৰ
হিন্দু সমাজত মানুহ এজন ঢুকোৱাৰ পাছত তেওঁৰ শ দাহন কৰাৰ পাছতে তেওঁৰ মৃত্যুৰ বাৰ, তিথি আৰু নক্ষত্ৰ বহুতে চাই লয়। কিয়নো প্ৰত্যেকে ভাল দিন বা তিথিত মৃত্যু হোৱাটো কামনা কৰে। ঢুকোৱাৰ দিনটোও যদি অশুভবাৰৰ সৈতে অশুভ তিথি আৰু নক্ষত্ৰৰ সংযোগ ঘটে তেতিয়া তাক পুহকৰ (পুষ্কৰ) আখ্যা দিয়া হয়।
-
বইটা বন্দনা
বইটা বন্দনা (Boita Bandana) বা ডাংগা ভাছা ভাৰতৰ ওড়িশা প্ৰদেশত বাৰ্ষিকভাৱে উদযাপিত পৰম্পৰাগত সমুদ্ৰ আৰু নৌকা সম্পৰ্কীয় এক উৎসৱ। এই নামটোৰ অৰ্থ হ'ব পাৰে "নাও ভঁহাই দিয়া লোকাচাৰ আৰু প্ৰজ্বলিত বন্তিৰে কৰা পূজা" আৰু ই আহিছে সজ্জিত নাও নিৰ্মাণৰ পৰম্পৰাৰ পৰা, যিবোৰ পূৰ্বপুৰুষৰ যাত্ৰাৰ প্ৰতীকী ইংগিত…
-
বক্ষ বান্ধনি
বক্ষ বান্ধনি বা স্তন বান্ধনি হৈছে কাপোৰৰ ফিটা বা উদ্দেশ্যপ্ৰণোদিতভাৱে নিৰ্মিত অন্তৰ্বাসৰ দৰে সংকুচিত পদাৰ্থৰে স্তন চেপেটা কৰি লুকুৱাই ৰখা। বক্ষবন্ধনীৰ বিকল্প হিচাপে বা উপযুক্ততাৰ কাৰণেও বান্ধনি ব্যৱহাৰ কৰিব পাৰি।
-
বাতাক উপাখ্যান
বাতাক উপাখ্যান হৈছে ইণ্ডোনেছিয়াৰ উত্তৰ ছুমাত্ৰাৰ বাতাক জনগোষ্ঠীৰ আদি বিশ্বাস, যিটো খ্ৰীষ্টান ধৰ্ম (প্ৰটেষ্টাণ্ট বা কেথলিক) বা ইছলাম ধৰ্ম আহিবৰ আগতে গ্ৰহণ কৰা হৈছিল।
-
বীৰ লৰিক
বীৰ লৰিক (Veer Lorik) ভাৰতৰ বিহাৰ আৰু পূব উত্তৰ প্ৰদেশৰ ভোজপুৰী লোককথাৰ অংশ। এছ এম পাণ্ডেৰ মতে ইয়াক অহিৰে ৰামায়ণ বুলি গণ্য কৰে। বীৰ লৰিক পূব উত্তৰ প্ৰদেশৰ আহীৰৰ কিংবদন্তিৰ এটা ঐশ্বৰিক চৰিত্ৰ। উত্তৰ প্ৰদেশৰ সোণভদ্ৰাৰ সোণ নদীৰ পাৰত থকা বীৰ লৰিক শিলত এটা প্ৰেম কাহিনী সন্নিবিষ্ট কৰা হৈছে।
-
বৃক্ষ বিবাহ
বৃক্ষ বিবাহ ( ইংৰাজী: Tree Marriage)হৈছে পূৰ্বতে কিছুমান জনবিশ্বাসৰ ভেটিত সাধাৰণ চহা মানুহে পালন কৰা এক উৎসৱ। অপুত্ৰক বা কেও কিছু নোহোৱা মানুহে বৃক্ষ বিবাহ পাতি দি পুণ্য অৰ্জন কৰিছিল। বৃক্ষ বিবাহত প্ৰথমে কোনো ৰাজহুৱা স্থান, আলিৰ কাষ বা চ'কত আঁহত আৰু বট গছ দুজোপা ৰোৱে।
-
ভাৰতত সাজ-পোছাক
ভাৰতত সাজ-পোছাক বিভিন্ন জাতি, ভূগোল, জলবায়ু, আৰু ভাৰতৰ প্ৰতিটো অঞ্চলৰ মানুহৰ সাংস্কৃতিক পৰম্পৰা অনুসৰি ভিন্ন হয়। ঐতিহাসিকভাৱে ভাৰতত কাপোৰৰ বিকাশ ঘটিছিল কাউপিনা, লাংগোটা, আচকান, লুঙি, শাৰী আদি সাধাৰণ কাপোৰৰ পৰা, যিবোৰ অনুষ্ঠান আৰু নৃত্য প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
-
ভাৰতৰ লোকসংস্কৃতি
ভাৰতৰ লোকসংস্কৃতিই (ইংৰাজী: Folklore of India) ভাৰতীয় গণৰাজ্য আৰু ভাৰতীয় উপমহাদেশৰ লোকসংস্কৃতিক সামৰি লয়। ভাৰত এক নৃগোষ্ঠীয় আৰু ধৰ্মীয়ভাৱে বৈচিত্ৰ্যপূৰ্ণ দেশ।
-
ভাৱাইয়া আৰু ছতকা গীত
অসমীয়া মৌখিক প্ৰেম-প্ৰণয়মূলক গীতৰ ভিতৰত গোৱালপাৰা অঞ্চলত প্ৰচলিত ভাৱাইয়া আৰু ছতকা গীতবোৰ উল্লেখযোগ্য। লিৰিকেল সৌন্দৰ্য এই দুয়োবিধ গীতৰ অন্যতম বৈশিষ্ট্য। আন আন লোকগীতৰ দৰে ভাৱাইয়া আৰু ছতকা কোনো ধৰণৰ ধৰ্মীয় অনুষঙ্গত গোৱা নহয়, হিন্দু-মুছলমান আদি বিভিন্ন ধৰ্মৰ লোকে এই গীতবোৰ অতি আনন্দেৰে শুনে।
-
মানসকলৰ নাম
মানসকলৰ নাম (မြန်မာ အမည်)ৰ ক্ষেত্ৰত পশ্চিমীয়া নামসমূহৰ দৰে ধাৰাবাহিক গঠন নাথাকে। ভিয়েটনামী নামৰ বাহিৰে মেইনলেণ্ড দক্ষিণ-পূৱ এছিয়াৰ অন্য জাতিসমূহৰ দৰে, ম্যানমাৰৰ লোকসকলে মাতৃনাম বা পিতৃনামৰ কোনো প্ৰচলন নাৰাখে আৰু পৰিয়ালৰ নাম ব্যৱহাৰৰো পৰম্পৰা নাই।
-
মৰিচ নৃত্য
মৰিচ নৃত্য ইংৰাজ লোকগাথাৰ পৰা উদ্ভৱ হোৱা এটা জনপ্ৰিয় লোকনৃত্যৰ ৰূপ। সুন্দৰভাৱে সজ্জিত নৃত্যশিল্পীৰ দলৰ ছন্দোবদ্ধ পদক্ষেপৰ জৰিয়তে এই নৃত্য প্ৰদৰ্শিত হয়। তেওঁলোকৰ সৈতে সঙ্গীত দিবলৈ থাকে এক দল বাদ্যযন্ত্ৰবাদক বা কোনো একক সঙ্গীতশিল্পী।
-
লেগং নৃত্য
লেগং (Legong) ইণ্ডোনেছিয়াৰ বালিৰ পৰম্পৰাগত নৃত্যৰ এক প্ৰকাৰ। ই এক পৰিশোধিত নৃত্যৰ ৰূপ, যাৰ বৈশিষ্ট্য হৈছে সংকেতপূৰ্ণ আঙুলিৰ গতি, জটিল পদ সঞ্চালন আৰু ইংগিতপ্ৰধান প্ৰকাশভংগী আৰু মুখৰ অভিব্যক্তি।
-
লোক-চিকিৎসক
কবিৰাজ, বৈদ্য বা লোক চিকিৎসক (ইংৰাজী: Folk healer) হৈছে পৰম্পৰাগত চিকিৎসা পদ্ধতি, বনৌষধি, আৰু পৰামৰ্শৰ শক্তি বা মন্ত্ৰ শক্তিৰ ব্যৱহাৰ কৰি ৰোগ নিৰাময় কলা অভ্যাস কৰা কোনো অনুজ্ঞাপত্ৰবিহীন ব্যক্তি।
-
লোক-বাদ্য
লোক-বাদ্য (ইংৰাজী: Folk instrument) হৈছে কিছুমান পৰম্পৰাগত বাদ্যযন্ত্ৰ যিবোৰ পৰম্পৰাগত লোক-সংগীতৰ সৈতে বজোৱা হয়, আৰু সাধাৰণতে শাস্ত্ৰীয় সংগীত বা সংশ্লিষ্ট সংস্কৃতিৰ অন্যান্য অভিজাত আৰু আনুষ্ঠানিক সংগীত ধাৰাসমূহত ব্যৱহাৰ কৰা নহয়, যদিও ইয়াৰ সৈতে জড়িত বাদ্যযন্ত্ৰ হয়তো ব্যৱহাৰ কৰা হ'ব পাৰে।
-
লোকগাথাত লিংগভিত্তিক ভূমিকা
লিংগভিত্তিক ভূমিকা লোকগাথা, পৰীকথা, আৰু আন জীৱনশৈলীৰ কাহিনীত গুৰুত্বপূৰ্ণভাৱে প্ৰতিফলিত হয়। এই কাহিনীবোৰে প্ৰায়ে এক সমাজত লিংগৰ ভূমিকা কিদৰে বিতৰণ কৰা হয়, তাৰ প্ৰতিফলন কৰে।
-
শাঙ্গো উৎসৱ
শাঙ্গো উৎসৱ হৈছে য়োৰুবা জনগোষ্ঠীৰ মাজত বছৰি উদ্যাপন কৰা এটা ধৰ্মীয়-সাংস্কৃতিক উৎসৱ। এই উৎসৱ শাঙ্গোৰ সন্মানত পালন কৰা হয়, যি আছিল বজ্ৰ আৰু অগ্নিৰ দেৱতা তথা অয়ো সাম্ৰাজ্যৰ তৃতীয় ৰজা। তেওঁ নিজৰ জ্যেষ্ঠ ভাতৃ আজাকাৰ পাছত সিংহাসনত আৰোহণ কৰিছিল।
-
শিয়ালৰ শিং
শিয়ালৰ শিং হৈছে এটা পৌৰাণিক হাড়ৰ শঙ্কু আকৃতিৰ এক্সক্ৰেছেন্স যিটো মাজে মাজে সোণালী শিয়ালৰ মূৰৰ খুলিত গজি উঠে বুলি কোৱা হয়। ই দক্ষিণ এছিয়াৰ যাদুকৰী শক্তিৰ সৈতে জড়িত। ইয়াৰ অস্তিত্বৰ প্ৰমাণৰ অভাৱৰ পিছতো ইয়াক বাস্তৱ বুলি বহুলভাৱে বিশ্বাস কৰা হয়।
-
শিশুৰ লোককথা
শিশু আৰু কম বয়সীয়াসকলৰ লোককথা বা লোক-সংস্কৃতিক শিশু লোককথা (ইংৰাজী: Childlore) বুলি কোৱা হয়। এনে লোককথাৰ ভিতৰত শিশুৰ গীত-মাত, যেনে বিদ্যালয়ৰ খেলপথাৰত খেলা খেল-ধেমালি আৰু শিশু গীত আদিক অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰখনৰ আটাইতকৈ পৰিচিত গৱেষক আছিল ইয়না আৰু পিটাৰ অপি (Iona and Peter Opie)।
-
সুৱা সংগীত
সুয়া সংগীত হ'ল দীপাৱলী উৎসৱৰ সময়ত ছত্তীশগড় ৰাজ্যৰ গণ্ড জনগোষ্ঠীৰ মহিলাসকলে গোৱা লোকগীত। ‘সুৱা’ নামটো ‘কপৌ’ শব্দৰ পৰাই আহিছে। কপৌ এটা বুদ্ধিমান চৰাই যিয়ে মানুহৰ শব্দ শুনিলে ঠিক অনুকৰণ কৰি পুনৰাবৃত্তি কৰিব পাৰে।
-
হাজা গেৰবা
হাজা গেৰবা অসমত বসবাস কৰা ডিমাছা জনগোষ্ঠীৰ এক পৱিত্ৰ পূজা৷ গাঁৱৰ পৰিসীমাৰ মাজত যাতে বেমাৰ-আজাৰ নহয় আৰু মানুহ সুখ-সন্তোষে থাকিব পাৰে, তাৰবাবেই এই পূজা কৰা হয়৷ ’গেৰবা’ৰ অৰ্থ ভগৱানক ভোগ দিয়া৷ পূজাৰ দিনা গাঁৱৰ সকলো পুৰুষ গোট খাই গাঁৱত অনিষ্ট কৰিব পৰা অপদেৱতা বা ৰাক্ষসজনৰ উদ্দেশ্যে ভক্তিভাবে সেৱা…
-
হেইক্ৰু হিডংবা
"হেইক্ৰু হিডংবা" (মণিপুৰী নাও খেল উৎসৱ) হৈছে প্ৰতি বছৰে মেইটেই কেলেণ্ডাৰ মাহৰ লেংবানৰ ১১ তাৰিখে ইম্ফলৰ সাগোলবণ্ড বিজয় গোবিন্দ লেইকাইৰ লেকত ধৰ্মীয়, প্ৰথা আৰু অন্যান্য পৰম্পৰাগত সৃষ্টিৰ বিশ্বাসৰ উপাদানৰ সৈতে অনুষ্ঠিত হোৱা এক সামাজিক-ধৰ্মীয় অনুষ্ঠান।
-
হৰিদাস পাল
হৰিদাস পাল হৈছে 'পাল' উপাধি থকা এজন বাঙালী হিন্দু ব্যক্তিৰ নাম। কোৱা হয় যে, এই নামৰ ব্যক্তি এক সময়ত বাংলাত ধনী, মহানুভৱ আৰু প্ৰভাৱশালী ব্যক্তি আছিল। বিপুল বিত্তশালী হয়েও সৎ আৰু দয়ালু ব্যক্তি হিচাপে সমাজত গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমান বাংলা ভাষাত "হৰিদাস পাল" নামটো এটা প্ৰবাদ ৰূপে পৰিণত হৈছে।