ছিলঠীয়া নাগৰী লিপি বা জালালাবাদী নাগৰী লিপি (Sylheti Nagari, ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ Silôṭi Nagôri, ছিলটি নাগৰী) হৈছে ছিলঠীয়া ভাষা লিখাৰ বিলাকৰ মাজৰ এবিধ লিপি। এই লিপিবিধ বিলুপ্তপ্ৰায়, ইয়াৰ কাৰণ হৈছে বঙালী বৰ্ণমালাৰ প্ৰসাৰ। বিশেষকৈ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াক বঙালী ভাষাৰ এবিধ উপভাষা বুলি ধৰা হৈছিল আৰু সেইবাবে ইয়াৰ বাবে নিজা কোনো লিপি থকাৰ প্ৰয়োজন বোধ কৰা হোৱা নাছিল। সেইবাবে ছিলঠীয়া ভাষাৰ বাবে পূৰ্বী নাগৰী লিপি (বঙালী-অসমীয়া লিপি) গ্ৰহণ কৰা হৈছিল যি বিধ অসমীয়া আৰু বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ছিলঠীয়া নাগৰী লিপিক জালালাবাদী নাগৰী, মছলমানী নাগৰী আৰু ফুল নাগৰী বুলিও জনা যায়।
বৰ্ণমালা
ছিলঠীয়া নাগৰী লিপিত মুঠ ৩২টা আখৰ চিনাক্ত কৰা হৈছে। ইয়াৰে ৫টা স্বৰবৰ্ণ আৰু আৰু ২৭টা ব্যঞ্জনবৰ্ণ।
স্বৰবৰ্ণ
ছিলঠীয়া নাগৰী লিপিৰ সৰ্বসম্মত স্বৰবৰ্ণ সংখ্যা আছিল ৫টা। যদিও বিভিন্ন গ্ৰন্থত আৰু কেইটামান স্বৰবৰ্ণৰ উল্লেখ পোৱা যায়। যেনেদৰে, শ্ৰী অচ্যুতচৰণ চৌধুৰীৰ শ্ৰীহট্টেৰ ইতিবৃত্ত (শ্ৰীহট্টৰ/ছিলঠৰ ইতিবৃত্ত) কিতাপৰ পৰিশিষ্টত "শ্ৰীহট্টেৰ মোছলমানী নাগৰাক্ষৰ" শিৰোনামত উল্লেখ কৰা নাগৰী বৰ্ণমালাত স্বৰবৰ্ণ দেখা যায় ৬টা। তাত সৰ্বসম্মত ৫টা বৰ্ণৰ লগতে "ঐ" উচ্চাৰণৰ আৰু এটা চিহ্নৰ উল্লেখ আছে। উল্লেখ্য যে, বৰ্ণমালাৰ স্বৰবৰ্ণৰ আশ্ৰসমূহৰ ধাৰাবাহিকতা হুবহু অসমীয়া বৰ্ণমালা আৰু বঙালী বৰ্ণমালাৰ ধাৰাবাহিকতাৰ অনুসৰণ নকৰে।
| ছিলঠীয়া নাগৰী লিপি | ꠀ | ꠁ | ꠃ | ꠄ | ꠅ |
| অসমীয়া লিপ্যন্তৰ | আ | ই | উ | এ | অ |
ব্যঞ্জনবৰ্ণ
ছিলঠীয়া নাগৰী লিপিত ২৭টা ব্যঞ্জনবৰ্ণ আছে। ইয়াৰ বাহিৰেও বিভিন্ন প্ৰতীক এই লিপিত অন্তৰ্ভুক্ত হৈছে।
| ছিলঠীয়া নাগৰী লিপি | ꠇ | ꠈ | ꠉ | ꠊ | ꠌ | ꠍ | ꠎ | ꠏ | ꠐ | ꠑ | ꠒ | ꠓ | ꠔ | ꠕ | ꠖ | ꠗ | ꠘ | ꠙ | ꠚ | ꠛ | ꠜ | ꠝ | ꠞ | ꠟ | ꠠ | ꠡ | ꠢ |
| অসমীয়া লিপ্যন্তৰ | ক | খ | গ | ঘ | চ | ছ | জ | ঝ | ট | ঠ | ড | ঢ | ত | থ | দ | ধ | ন | প | ফ | ব | ভ | ম | ৰ | ল | ড় | স | হ |
স্বৰচিহ্ন আৰু অন্যান্য বৰ্ণ
| ছিলঠীয়া নাগৰী লিপি | ꠣ | ꠤ | ꠥ | ꠦ | ꠂ | ꠧ | ꠋ |
| অসমীয়া লিপ্যন্তৰ | া | ি | ু | ে | ৈ | ো | ং |
সংখ্যা
নমুনা পাঠ
ছিলঠীয়া নাগৰী লিপিত ছিলঠীয়া ভাষাꠗꠣꠞꠣ ১: ꠢꠇꠟ ꠝꠣꠘꠥ ꠡꠣꠗꠤꠘꠜꠣꠛꠦ ꠢꠝꠣꠘ ꠁꠎ꠆ꠎꠔ ꠀꠞ ꠢꠇ ꠟꠁꠀ ꠙꠄꠖꠣ ‘ꠅꠄ। ꠔꠣꠞꠣꠞ ꠛꠤꠛꠦꠇ ꠀꠞ ꠀꠇꠟ ꠀꠍꠦ। ꠅꠔꠣꠞ ꠟꠣꠉꠤ ꠢꠇꠟꠞ ꠄꠇꠎꠘꠦ ꠀꠞꠇꠎꠘꠞ ꠟꠉꠦ ꠛꠤꠞꠣꠖꠞꠤꠞ ꠝꠘ ꠟꠁꠀ ꠀꠌꠞꠘ ꠇꠞꠣ ꠃꠌꠤꠔ। বঙালী লিপিত ছিলঠীয়া ভাষাধাব়া ১: হকল মানু স্বাধীনভাবে হমান ইজ্জত আব় হক লইয়া পয়দা ‘অয়। তাব়াব় বিবেক আব় আকল আছে। অতাব় লাগি হকলব় একজনে আব়কজনব় লগে বিব়াদব়িৰ মন লইয়া আচব়ণ কব়া উচিত। অসমীয়া অনুবাদদফা ১: সকলো মানুহে স্বাধীনভাৱে সমান ঠাকুৰালি আৰু অধিকাৰৰ সৈতে জন্ম লয়। সকলোৰে বিবেক আৰু জ্ঞান-বুদ্ধি আছে আৰু সকলোৱে এজনে আনজনক ভাই-ভাই হিচাপে ব্যৱহাৰ কৰিব লাগে।
ইউনিক’ড
ইউনিক’ডৰ ২০০৫ চনৰ মাৰ্চত প্ৰকাশিত ৪.১ সংস্কৰণত ছিলঠীয়া নাগৰী লিপিক অন্তৰ্ভুক্ত কৰা হয়। ছিলঠীয়া নাগৰীৰ ইউনিক’ড ব্লকটো U+A800 ৰ পৰা U+A82F ক'ড বিন্দুলৈ বিয়পি আছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিলঠীয়া নাগৰী” প্ৰবন্ধৰ সংশোধন ৬১২১১৮ (১৪ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।