অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গুপ্ত লিপি

গুপ্ত লিপি (কেতিয়াবা গুপ্ত ব্ৰাহ্মী লিপি বা উত্তৰ-ব্ৰাহ্মী লিপি বুলিও কোৱা হয়) হৈছে সংস্কৃত ভাষা লিখিবলৈ ব্যৱহৃত এটা প্ৰাচীন লিপি। এই লিপিখন ভাৰতীয় উপমহাদেশৰ গুপ্ত সাম্ৰাজ্যৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। গুপ্ত যুগটো আছিল অৰ্থনৈতিক সমৃদ্ধি আৰু ধৰ্মীয় তথা বৈজ্ঞানিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সময়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৯১
সংশোধনৰ পৰামৰ্শ

গুপ্ত লিপি (কেতিয়াবা গুপ্ত ব্ৰাহ্মী লিপি বা উত্তৰ-ব্ৰাহ্মী লিপি বুলিও কোৱা হয়)১ হৈছে সংস্কৃত ভাষা ভাষা লিখিবলৈ ব্যৱহৃত এটা প্ৰাচীন লিপি। এই লিপিখন ভাৰতীয় উপমহাদেশৰ গুপ্ত সাম্ৰাজ্যৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। গুপ্ত যুগটো আছিল অৰ্থনৈতিক সমৃদ্ধি আৰু ধৰ্মীয় তথা বৈজ্ঞানিক বিকাশৰ এক গুৰুত্বপূৰ্ণ সময়। গুপ্ত লিপিৰ উদ্ভৱ ব্ৰাহ্মী লিপিৰ পৰা হৈছিল আৰু ইয়াৰ পৰা শাৰদা লিপি আৰু সিদ্ধম লিপিৰ বিকাশ ঘটে। এই লিপিসমূহৰ পৰা পিছলৈ বহুতো গুৰুত্বপূৰ্ণ ভাৰতীয় লিপিৰ জন্ম হয়। ইয়াৰ ভিতৰত আছে দেৱনাগৰী লিপি (১৯শ শতিকাৰ পৰা সংস্কৃত ভাষা লিখিবলৈ আটাইতকৈ বহুল ব্যৱহৃত লিপি), গুৰমুখী লিপি (পঞ্জাবী ভাষা ভাষাৰ বাবে), ওড়িয়া লিপি, অসমীয়া-বাংলা লিপি আৰু তিব্বতী লিপি।

বৰ্ণমালা

গুপ্ত বৰ্ণমালাত মুঠ ৩৭টা বৰ্ণ আছে। ইয়াৰ ভিতৰত ৩২টা ব্যঞ্জনবৰ্ণ আৰু ৫টা স্বৰবৰ্ণ। অসমীয়াৰ দৰে গুপ্ত লিপিতো ব্যঞ্জনবৰ্ণৰ সৈতে স্বৰমাত্ৰা সংযোগ কৰাৰ ব্যৱস্থা আছে আৰু ব্যঞ্জনবৰ্ণৰ সৈতে ব্যঞ্জনবৰ্ণ সংযোগ কৰি যুক্তবৰ্ণ গঠনৰ প্ৰচলনো দেখা যায়।২৩৪

স্বৰবৰ্ণ

Gupta allahabad a.svgঅGupta allahabad i.svgইGupta allahabad u.svgউGupta allahabad e.svgএGupta allahabad o.svgওGupta allahabad ri.svgঋ
Gupta allahabad aa.svgআGupta allahabad au.svgঔ

ব্যঞ্জনবৰ্ণ

কখগঘঙ
চছজঝঞ
টঠডঢণ
তথদধন
পফবভম
যৰলৱ
শষসহ

ইউনিক'ডত

ইউনিক'ড ষ্টেণ্ডাৰ্ডত স্পষ্টভাৱে কোৱা হোৱা নাই যে গুপ্ত লিপিক ব্ৰাহ্মীৰ শৈলীগত ভিন্নতা বুলি গণ্য কৰা হয়,৫ যদিও ব্ৰাহ্মী এনকোডিঙৰ ব্যৱহাৰ এটা পদ্ধতি।

তথ্যসূত্ৰ

  1. ↑ Sharma, Ram. Brahmi Script. দিল্লী: BR Publishing Corp, ২০০২
  2. ↑ Fischer, Steven Roger. (2004). History of Writing. Reaktion Books. পৃ. 123. ISBN 9781861895882
  3. ↑ Britannica Educational Publishing. (2010). The Culture of India. Britannica Educational Publishing. পৃ. 82. ISBN 9781615302031
  4. ↑ Proposal to Encode the Brahmi Script in ISO/IEC 10646. Unicode Consortium
  5. ↑ Unicode Consortium. (2022). The Unicode® Standard Version 15.0 – Core Specification. Unicode Consortium website

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুপ্ত লিপি” প্ৰবন্ধৰ সংশোধন ৬৩০৯৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।