অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

তেলুগু লিপি

তেলুগু লিপি (তেলুগু: తెలుగు లిపి), ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ লগতে অন্য কেইবাখনো চুবুৰীয়া ৰাজ্যত কথিত তেলুগু ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা লিখন পদ্ধতি। এই লিপি ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত৷ ই ভাৰত গণৰাজ্যৰ এক অন্যতম স্বীকৃত লিপি।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪৩৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

তেলুগু লিপি (তেলুগু: తెలుగు లిపి), ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ লগতে অন্য কেইবাখনো চুবুৰীয়া ৰাজ্যত কথিত তেলুগু ভাষা লিখাৰ বাবে ব্যৱহাৰ কৰা লিখন পদ্ধতি। এই লিপি ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত৷ ই ভাৰত গণৰাজ্যৰ এক অন্যতম স্বীকৃত লিপি। কিছুমান সংস্কৃত গ্ৰন্থ আৰু গণ্ডী ভাষাত লিখিত গ্ৰন্থতো তেলুগু লিপি বহুলভাৱে ব্যৱহাৰ কৰা হয়। পূৰ্বাঞ্চলৰ চালুক্য যুগত এই লিপিয়ে প্ৰাধান্য লাভ কৰিছিল যাক ভেংগী চালুক্য যুগ বুলিও কোৱা হয়। কানাড়া লিপিৰ সৈতেও এই লিপিৰ ব্যাপক সাদৃশ্য দেখা যায়।

ইতিহাস

মৌৰ্য ৰজাসকলে ব্যৱহাৰ কৰা ব্ৰাহ্মী লিপিয়ে অৱশেষত কৃষ্ণা নদীৰ বদ্বীপত উপনীত হৈছিল আৰু ইয়াৰ ফলত ভট্টিপ্ৰলু লিপিৰ জন্ম হ'ব বুলি ভগৱান বুদ্ধৰ ধ্বংসাৱশেষত পোৱা এটা কলহত পোৱা গৈছে।১২ নিকটবৰ্তী ঘণ্টাশালা আৰু মাছুলিপট্টনম (টলেমিৰ প্ৰাচীন মাইছলো আৰু পেৰিপ্লাছৰ মাছলিয়া) বন্দৰৰ পৰা পূব এছিয়ালৈ বৌদ্ধ ধৰ্মই বিস্তাৰ লাভ কৰিছিল৷৩ কদম্ব বংশই বিকশিত কৰা কদম্ব লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছিল আৰু সপ্তম শতিকাৰ পিছলৈ ইয়াৰ পৰাই তেলুগু-কানাড়া লিপি বিকশিত হৈছিল।৪৫৬ তাৰ পিছত প্ৰায় ১৩০০ খ্ৰীষ্টাব্দৰ ভিতৰত তেলুগু আৰু কানাড়া লিপি পৃথক হৈছিল।৪৭৮ মুছলমান ইতিহাসবিদ আৰু পণ্ডিত আল-বিৰুণীয়ে তেলুগু ভাষা আৰু লিপি দুয়োটাকে "আন্ধ্ৰি" বুলি উল্লেখ কৰিছিল।৯

স্বৰবৰ্ণ

তেলুগু লিপিত ষোল্লটা স্বৰবৰ্ণ ব্যৱহাৰ কৰা হয়৷ প্ৰত্যেকটো স্বৰবৰ্ণৰ স্বতন্ত্ৰ ৰূপ আৰু ব্যঞ্জনবৰ্ণৰ সৈতে ব্যৱহাৰ কৰা বিশেষ চিহ্ন (স্বৰচিহ্ন) দুয়োটা থাকে। ভাষাটোৱে চুটি আৰু দীঘল স্বৰবৰ্ণৰ মাজত পাৰ্থক্য বৰ্তাই ৰাখে।

স্বতন্ত্ৰకৰ সৈতে (ক)ISOIPAস্বতন্ত্ৰకৰ সৈতে (ক)ISOIPA
అకaఆకాā
ఇకిiఈకీī
ఉకుuఊకూū
ఋకృr̥,ౠకౄr̥̄,
ఌకౢl̥,ౡకౣl̥̄,
ఎకెeఏకేē
ఐకైai
ఒకొoఓకోō
ఔకౌau

স্বৰবৰ্ণটো শব্দ বা শব্দাংশৰ আৰম্ভণিতে ব্যৱহাৰ হ’লে, বা নিজৰ মাজতে সম্পূৰ্ণ শব্দাংশ হ’লে স্বতন্ত্ৰ ৰূপটো ব্যৱহাৰ কৰা হয় যেনে ক, উ, অ আদি। ব্যঞ্জনবৰ্ণৰ লগত (বিন্দুযুক্ত বৃত্তেৰে প্ৰতিনিধিত্ব কৰা) ব্যঞ্জনবৰ্ণৰ ৰূপটো যোগ কৰি ব্যঞ্জন-স্বৰ বৰ্ণৰ গঠন কৰা হয় (উদাহৰণ: ক, কৃ, মো)। అ বৰ্ণটোৰ কোনো চিহ্ন ৰূপ নাই, কাৰণ এই স্বৰবৰ্ণটো ইতিমধ্যে সকলো ব্যঞ্জনবৰ্ণৰ অন্তৰ্নিহিত। আন স্বৰচিহ্নবোৰ ব্যঞ্জনবৰ্ণৰ লগত যোগ কৰি স্বৰবৰ্ণৰ উচ্চাৰণলৈ সলনি কৰা হয়।

উদাহৰণ:

ఖ + ఈ (ీ) → ఖీ+ →జ + ఉ (ు) → జు+ →

ব্যঞ্জনবৰ্ণ

আখৰযুক্ত ৰূপISOIPAআখৰযুক্ত ৰূপISOIPAআখৰযুক্ত ৰূপISOIPAআখৰযুক্ত ৰূপISOIPAআখৰযুক্ত ৰূপISOIPA
క్కkaఖ్ఖkhaగ్గgaఘ్ఘghaఙ్ఙṅa
చ్చcaఛ్ఛchaజ్జjaఝ్ఝjhaఞ్ఞña
ట్టṭaఠ్ఠṭhaడ్డḍaఢ్ఢḍhaణ్ణṇa
త్తtaథ్థthaద్దdaధ్ధdhaన్నna
ప్పpaఫ్ఫphaబ్బbaభ్భbhaమ్మma
య్యyaర్రraల్లlaవ్వvaళ్ళḷa
శ్శśaష్షṣaస్సsaహ్హhaఱ్ఱṟa

ব্যঞ্জনবৰ্ণৰ সংহতি আৰু উৎপাদিত ব্যঞ্জনবৰ্ণত উপলিপি আখৰ ব্যৱহাৰ কৰা হয়।

প্ৰান্তীয় আৰু প্ৰাচীন ব্যঞ্জনবৰ্ণ

ইয়াৰ উপৰিও ౘ (ĉa) আৰু ౙ (ẑa) বৰ্ণকেইটা খুব কমেইহে /t͡sa, d͡za/ ৰ বাবে ব্যৱহাৰ কৰা হয়, ইয়াৰ পৰিৱৰ্তে সাধাৰণতে <c, j> ৰ বাবে ব্যৱহাৰ কৰা হয়। তেলুগু ভাষাত ইহঁতক ক্ৰমে দন্ত্য চ আৰু দন্ত্য জ বুলি কোৱা হয়।১০ যোৱা শতিকাৰ ভিতৰত তেলুগু ভাষাত বাণ্ডি ৰ নামেৰে জনাজাত ఱ (ṟa) আখৰটো বাদ দিয়া হৈছে। এই আখৰটোক ర (ৰ)ৰ বিপৰীতে বাণ্ডি ৰ বুলি কোৱা হয় যিটোক ৰেফ বুলি কোৱা হয়।

+ প্ৰান্তীয় বৰ্ণ
আখৰISOIPA
ఴḻa
ౚḏa

কণ্ঠস্বৰযুক্ত দন্তমূলীয় ব্যঞ্জনধ্বনিৰ আখৰ কিছুমান শিলালিপিত পোৱা গৈছে, ইয়াক কম্পনজাত ব্যঞ্জনধ্বনি ఱ (ṟa)ৰ পৰা আন্তঃস্বৰীয়ভাৱে খুব কমেইহে পৃথক কৰা হৈছিল বুলি ভবা হয়; ইয়াৰ বেছিভাগেই নাসিক ধ্বনিৰ সৈতে পোৱা যায় যেনে మూన్ౚు (mūnḏu)।১১

ইউনিক'ড

১৯৯১ চনত তেলুগু লিপিক ইউনিক’ড মানদণ্ডত যোগ কৰা হয় আৰু প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হয়৷

তেলুগু ইউনিক’ড U+0C00 ৰ পৰা U+0C7F পৰ্যন্ত আছে।

কাতাকানাৰ দৰে ধ্বনিদলীয় লিপি, য‘ত এটা শব্দাংশৰ গ্লাইফৰ বাবে কেৱল এটা ইউনিক‘ড বিন্দু ব্যৱহাৰ কৰা হয় তাৰ তুলনাত তেলুগুৰ দৰে লিপিত জটিল ফণ্ট নিৰ্মাণ নীতি অনুসৰণ কৰি এটা শব্দাংশৰ গ্লাইফৰ বাবে একাধিক ইউনিক‘ড বিন্দু ব্যৱহাৰ কৰা হয়৷১২১৩

তথ্যসূত্ৰ

  1. ↑ Antiquity of Telugu language and script: www.hindu.com/2007/12/20/stories/200712205482060
  2. ↑ Ananda Buddha Vihara
  3. ↑ The Great Stupa at Nagarjunakonda in Southern India-【佛学研究网】 佛教文化网 中国佛教网 中国佛学网 佛教信息网 佛教研究 佛学讲座 禅学讲座 吴言生说禅
  4. ↑ Indian Epigraphy: A Guide to the Study of Inscriptions in the Indo-Aryan Languages, by Richard Solomon, Oxford University Press, 1998, pp. 35, 40–41
  5. ↑ The Blackwell Encyclopedia of Writing Systems by Florian Coulmas, p. 228
  6. ↑ Handbook of Literacy in Akshara Orthography, R. Malatesha Joshi, Catherine McBride (2019), p. 29
  7. ↑ Murthy, K.N.; Rao, G.U. (April 2002). Telugu Script
  8. ↑ Diringer, David. (1948). The Alphabet: A Key to the History of Mankind. পৃ. 381
  9. ↑ Al-biruni. English translation of 'Kitab-ul Hind'. National Book Trust
  10. ↑ Telugu alphabet, pronunciation and language
  11. ↑ (2012). Proposal to encode 0C5A TELUGU LETTER RRRA
  12. ↑ (February 8, 2018). Developing OpenType Fonts for Telugu Script. Microsoft Learn
  13. ↑ (2007). The Unicode Standard, Version 5.0: Chapter 9, South Asian Scripts-I. Addison-Wesley. ISBN 978-0-321-48091-0

সম্পৰ্কিত শ্ৰেণী

লিপিএছীয় লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তেলুগু লিপি” প্ৰবন্ধৰ সংশোধন ৬৩১৯৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।