বালিজান বৌদ্ধ বিহাৰ (Balijan Buddhist Monastery) হৈছে অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসমৰ যোৰহাট জিলাৰ তিতাবৰ মহকুমা বালিজান শ্যাম গাঁৱত অৱস্থিত। এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৮২৭ চনত। এই বৌদ্ধ বিহাৰে বালিজান শ্যাম গাঁৱৰ বিশেষ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিধ্বনি কৰে। এই বৌদ্ধ বিহাৰত সংৰক্ষিত শিল্পৰ সামগ্ৰী আৰু পূৰ্ণৰূপে মূল্যবান স্মৃতিৰ সামগ্ৰীসমূহৰ ভিতৰত এক সোণালী কম্মাৱৰা (এখন ধৰ্মীয় পুথি) আৰু বুদ্ধৰ এক মূৰ্তি আছে। এই পুথিখন প্ৰায় ৩০০ বছৰৰ পূৰ্বে বাৰ্মাৰ সেনাপতি মিংগিমাহত বাণ্ডুলাই বালিজান বৌদ্ধ মন্দিৰক মৰম আৰু বন্ধুতা হিচাপে উপহাৰস্বৰূপ দান কৰিছিল।
বাহ্যিক সংযোগ
- TAI KHAMYANG (SHYAM) BUDDHIST PEOPLE IN TITABAR - JORHAT AREA, ASSAM, INDIA
- Balijan shyam village buddhist temple
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালিজান বৌদ্ধ বিহাৰ” প্ৰবন্ধৰ সংশোধন ৪৬৯০৭৫ (৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।