মহিলা ৰাজনীতিবিদ
৫৩ প্ৰবন্ধ
-
ফিলছান আবদি
ফিলছান আব্দুল্লাহী আহমেদ (জন্ম ১৯৯২), ফিলছান আবদি বুলিও কোৱা হয়, ছোমালি অঞ্চলৰ এগৰাকী ইথিঅ'পিয়ান কৰ্মী আৰু ৰাজনীতিবিদ। তেখেতে নাবাদ প্ৰকল্পৰ প্ৰতিষ্ঠাপক, যিটো ছমালি অঞ্চলত, সোমালি আৰু অৰোমো সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু শান্তিৰ প্ৰসাৰৰ বাবে এটা উপগ্ৰহ টেলিভিছন ষ্টেচন।
-
ফীবি আছিয়ো
ফিবি মুগা আছিয়ো (১২ ছেপ্টেম্বৰ ১৯৩২ – ১৬ জুলাই ২০২৫) কেনিয়াৰ এগৰাকী ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ মহিলা উন্নয়ন পুঁজিৰ (ইউনিফেম) ৰাষ্ট্ৰদূত আছিল। ১৯৮৮ চনৰপৰা ১৯৯২ চনলৈকে তেওঁ ইউনিফেমৰ ৰাষ্ট্ৰদূত আছিল।
-
বসন্তী হেমব্ৰাম
বসন্তী হেমব্ৰাম (ইংৰাজী: Basanti Hembram) বিজু জনতা দলক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০১৯ চনত তেওঁ ওড়িশাৰ কাৰাঞ্জিয়াৰ পৰা ৮৭৬৩ টা ভোটত জয়ী হৈ বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।
-
বেগম আকবৰ জেহান আবদুল্লা
বেগম আকবৰ জেহান আব্দুল্লা (১৯১৬ – ১১ জুলাই ২০০০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ শ্বেখ আব্দুল্লাৰ পত্নী আছিল। আকবৰ জেহান আছিল মাইকেল হেনৰী নেডৌ ওৰফে হেৰীৰ ঘৰত জন্মগ্ৰহণ কৰা এজন ক্ৰ'ৱেচিয়ান কাশ্মীৰী; হেৰী শ্ৰীনগৰৰ নেডাউছ হোটেলকে ধৰি ভাৰতীয় হোটেল শৃংখলৰ ইউৰোপীয় মালিক আৰু তেওঁৰ কাশ্মীৰী পত্নী…
-
বেবা আইডেলছন
বেবা আইডেলছন (Beba Idelson; ১৪ অক্টোবৰ ১৮৯৫ – ৫ ডিচেম্বৰ ১৯৭৫) আছিল এগৰাকী জায়নিষ্ট কৰ্মী আৰু ইজৰাইলৰ ৰাজনীতিবিদ।
-
ভায়োলেট আলভা
ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল। তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।
-
মাৰিয়া উইটনাৰ
মাৰিয়া উইটনাৰ (গাজদাগ-উইটনাৰ; ৯ জুন ১৯৩৭ – ১৪ ছেপ্টেম্বৰ ২০২২) ১৯৫৬ চনৰ হাংগেৰিয়ান বিপ্লৱত অংশগ্ৰহণ কৰা এগৰাকী হাংগেৰী বিপ্লৱী আৰু ৰাজনীতিবিদ আছিল।
-
মিচাল ৰ'জিন
মিচাল ৰ'জিন ( Michal Rozin; জন্ম: ২৫ জুন ১৯৬৯) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ যিয়ে ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে মেৰেটজৰ বাবে নেচেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত পুনৰ ২০২১ চনৰ পৰা ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিনাক্ষী লেখী
মীনাক্ষী লেখী (Menakshi Lekhi; জন্ম: ৩০ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২১ চনৰ ৭ জুলাইৰ পৰা ২০২৪ চনৰ ১০ জুনলৈকে ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতিৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাও।
-
মেৰাভ মিকেলি
মেৰাভ মিকেলি (מרב מיכאלי) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মেৰিনা বাৰাম্পামা
মেৰিনা বাৰাম্পামা (জন্ম ১৯৬৯) এগৰাকী বুৰুণ্ডিয়ান ৰাজনীতিবিদ। ২০০৬ চনৰ ৮ ছেপ্টেম্বৰত এলিছ এঞ্জোমুকুণ্ডাৰ ঠাইত দ্বিতীয় উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। হুছেইন ৰাজাবুক সমৰ্থন কৰাৰ বাবে তেওঁক বৰ্খাস্ত কৰাৰ সময়লৈ ছমাহ ধৰি সেই পদত থাকিল।
-
মৈথিলী ঠাকুৰ
মৈথিলী ঠাকুৰ (Maithili Thakur; জন্ম:-২৫ জুলাই ২০০০) ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোকসংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত নেপথ্য কণ্ঠশিল্পী আৰু এগৰাকী ভাৰতীয় ৰাজনীতিক।তেওঁ হিন্দী, মৈথিলী, ভোজপুৰী, আৱাধি, মগাহী আৰু অন্যান্য ভাৰতীয় ভাষাৰ মৌলিক গীত, কাভাৰ আৰু পৰম্পৰাগত লোকসংগীত গায়।
-
মৰিয়ম উৱাইছ
মৰিয়ম উৱাইছ (Maryam Hajiya Uwais)নাইজেৰিয়াৰ এগৰাকী ব্যৱসায়ী, অধিবক্তা, মানৱ অধিকাৰ কৰ্মী আৰু ৰাজনীতিবিদ। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে তেওঁ ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীৰ সামাজিক বিনিয়োগৰ বিশেষ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মৰিয়াম চাবি তলাতা
মাৰিয়াম চাবি তালাতা জিমে ইয়েৰিমা (জন্ম ৭ জুলাই ১৯৬৩), বেনিনৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০২১ চনৰ পৰা বেনিনৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আৰু পাৰাকৌৰ পৌৰসভাৰ কাউন্সিলাৰ আছিল।
-
লিজা হান্না
লিজা ৰেনে শান্তি হান্না (Lisa Rene Shanti Hanna; জন্ম: ২০ আগষ্ট ১৯৭৫) এগৰাকী জামাইকাৰ ৰাজনীতিবিদ আৰু সৌন্দৰ্য্য ৰাণী যি ১৯৯৩ চনৰ বিশ্বসুন্দৰীৰ মুকুট পিন্ধিছিল আৰু এই খিতাপ দখল কৰা তৃতীয়জন জামাইকান হিচাপে পৰিগণিত হৈছিল।
-
লুচিয়া উইটবুই
লুচিয়া উইটবুই (জন্ম ২১ মাৰ্চ ১৯৬১) নামিবিয়াৰ এগৰাকী শিক্ষক আৰু ৰাজনীতিবিদ আৰু ২০২৫ চনৰপৰা নামিবিয়াৰ চতুৰ্থ উপ-ৰাষ্ট্ৰপতি। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে তেওঁ ২০০৯ চনৰপৰা ২০২৫ চনলৈকে ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আছিল।
-
শ্বামছুন্নহৰ মাহমুদ
শ্বামছুন্নহৰ মাহমুদ (Shamsunnahar Mahmud, প্ৰায় ১৯০৮ — ১০ এপ্ৰিল, ১৯৬৪) ২০ শতিকাৰ আৰম্ভণিৰ সময়ৰ বংগৰ এগৰাকী লেখক, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। বেগম ৰকেয়াৰ নেতৃত্বত তেওঁ বংগৰ নাৰী অধিকাৰ আন্দোলনৰ এগৰাকী নেত্ৰী আছিল।
-
শ্বেলী ইয়াচিমোভিচ
শ্বেলী ৰেচেল ইয়াচিমোভিচ (Shelly Rachel Yachimovich, জন্ম: ২৮ মাৰ্চ ১৯৬০) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, যি তিনিটা কাৰ্যকাল বিৰোধীৰ চৰকাৰী নেতা, নেচেটৰ সদস্য আৰু বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
সুস্মিতা বাউৰী
সুস্মিতা বাউৰী (জন্ম ৫ জানুৱাৰী ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, যিয়ে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্কচিষ্ট) (CPI(M))-ৰ প্ৰাৰ্থী হিচাপে পশ্চিমবঙ্গৰ বিষ্ণুপুৰ লোকসভা সমষ্টিৰ পৰা ১৪তম আৰু ১৫তম লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ সন্ধ্যা বাউৰী আৰু নীমাই চৰণ বাউৰীৰ কন্যা।
-
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি
সুৰাষ্ট্ৰী কৰ্ম ত্ৰিমূৰ্তি (Surastri Karma Trimurti; ১১ মে’ ১৯১২ – ২০ মে’ ২০০৮, যাক সাধাৰণতে এছ. কে. ত্ৰিমূৰ্তি বুলি জনা যায়) আছিল এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু শিক্ষয়িত্ৰী। ত্ৰিমূৰ্তিয়ে ডাচ ইষ্ট ইণ্ডিজৰ বিপক্ষে ইণ্ডোনেছিয়াৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।
-
সৰোজিনী হেমব্ৰাম
সৰোজিনী হেমব্ৰাম (ইংৰাজী: Sarojini Hembram; ১ অক্টোবৰ ১৯৫৯) ওড়িশা ৰাজ্যৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ বিজু জনতা দলৰ (BJD) এগৰাকী সক্ৰিয় কৰ্মকৰ্তা। ২০০৯ চনত বাংৰিপোছি (ওড়িশা বিধান সভা সমষ্টি)ৰ পৰা ওড়িশা বিধানসভালৈ নিৰ্বাচিত হৈ ওড়িশা চৰকাৰৰ বস্ত্ৰ, হস্ততাঁত আৰু হস্তশিল্পৰ মন্ত্ৰী হয়।
-
হৰিণী অমৰাছুৰীয়া
হৰিণী নিৰেকা অমৰাছুৰীয়া (জন্ম ৬ মাৰ্চ ১৯৭০)(Harini Nireka Amarasuriya) এগৰাকী শ্ৰীলংকান সমাজবিজ্ঞানী, শিক্ষাবিদ, কৰ্মী আৰু ৰাজনীতিবিদ যি ২০২৪ চনৰ পৰা শ্ৰীলংকাৰ ১৬ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰুথ হাবৱে
ৰুথ হাবৱে, (জন্ম তাৰিখ অজ্ঞাত, মৃত্যু: ১৯৯৬ চন) এগৰাকী কেনিয়াৰ সমাজ কৰ্মী আৰু ৰাজনীতিবিদ আছিল।