অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আজেব মেছফিন

আজেব মেছফিন হাইলে (Azeb Mesfin Haile; জন্ম: ২১ ডিচেম্বৰ ১৯৬৬) ইথিঅ'পিয়াৰ এগৰাকী ৰাজনীতিবিদ যি ২০০১ চনৰ পৰা ২০১২ চনলৈকে ইথিঅ'পিয়াৰ দ্বিতীয় প্ৰথম মহিলা আছিল৷ তেওঁ ইথিঅ'পিয়াৰ নেচনেল ইনিচিয়েটিভ ফৰ মেণ্টেল হেল্থৰ প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক।

হালনাগাদ: ২১ জুলাই ২০২৫ ২৩১ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আজেব মেছফিন হাইলে (Azeb Mesfin Haile; জন্ম: ২১ ডিচেম্বৰ ১৯৬৬)১ ইথিঅ'পিয়াৰ এগৰাকী ৰাজনীতিবিদ যি ২০০১ চনৰ পৰা ২০১২ চনলৈকে ইথিঅ'পিয়াৰ দ্বিতীয় প্ৰথম মহিলা আছিল৷ তেওঁ ইথিঅ'পিয়াৰ নেচনেল ইনিচিয়েটিভ ফৰ মেণ্টেল হেল্থৰ প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক।২ ২০০৯ চনৰ আৰম্ভণিতে এনডাউমেণ্ট ফাণ্ড ফৰ দ্য ৰিহেবিলিটেচন অৱ টিগ্ৰেৰ মুৰব্বী আবাদি জেমুৱে তেওঁক চিইঅ' হিচাপে নিযুক্তি দিয়ে।৩ ৪

জীৱন

টিগ্ৰে অঞ্চলৰ ৱেলকাইতত জন্মগ্ৰহণ কৰা আজেবৰ পূব চুডানৰ গাদাৰিফত ডাঙৰ-দীঘল হৈছিল। তেওঁ এজন আমহাৰা কৃষক পিতৃ মেছফিন হাইলে আৰু এগৰাকী তিগ্ৰা মাতৃ কনজিত গোলাৰ কন্যা৫৷ তেওঁৰ মাতৃৰ ফালৰ পৰা ককাক গোলা গোছুৱে দ্বিতীয় ইটালো-ইথিওপিয়া যুদ্ধৰ সময়ত (১৯৩৫–১৯৩৬) ইটালীৰ আস্কাৰী হিচাপে কাম কৰিছিল। দেশত তেওঁৰ এই কাৰ্য্যৰ বাবে গোলাক ইথিওপিয়াৰ দেশপ্ৰেমিকসকলে হত্যা কৰে। সৰুৰে পৰাই আজেবক তেওঁৰ পেহীয়েক মানিয়াহলোছ গোলাই ডাঙৰ-দীঘল কৰিছিল যি এই "ফিতাৱৰাৰী"ৰ কন্যা যিটো ইটালীৰ আক্ৰমণকাৰীয়ে গোছুক দিয়া উপাধি অৰ্থাৎ অগ্ৰণী সেনাপতি; সামন্ত যুগৰ সামৰিক উপাধি।৬৭ ২০০৫ চনত তেওঁৰ ঘৰুৱা ৱেলকাইট আৰু হুমেৰাক প্ৰতিনিধিত্ব কৰি হাউছ অৱ পিপলছ ৰিপ্ৰেজেণ্টেটিভছ (ইথিওপিয়াৰ সংসদৰ নিম্ন সদন)লৈ নিৰ্বাচিত হয় আৰু ইয়াৰ সামাজিক পৰিক্ৰমা স্থায়ী সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁৰ ভূমিকা কেতিয়াবা বিতৰ্কিত হৈ আহিছে৷ ৮ তেওঁ ২০০৭ চনৰ ১৫ জানুৱাৰীত ৱাশ্বিংটন ডিচিৰ জৰ্জটাউন বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা এইচ আই ভি/এইডছৰ সংক্ৰমণৰ বিৰুদ্ধে কৰা প্ৰচেষ্টাৰ বাবে আফ্ৰিকাৰ প্ৰথম মহিলাসকলক সন্মান জনোৱাৰ বাবে আয়োজিত বিশেষ অনুষ্ঠানত নিৰ্বাসিত ইথিঅ'পিয়ানসকলৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল।৯

তেওঁ "এইচ আই ভি/এইডছৰ বিৰুদ্ধে মহিলাৰ ইথিঅ'পিয়ান মিত্ৰজোঁট" সংস্থা আৰম্ভ কৰে আৰু মহিলাৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে, ক্ষতিকাৰক পৰম্পৰাগত পদ্ধতি আৰু এইচ আই ভি/এইডছৰ বিৰুদ্ধে যুঁজিবলৈ সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে।১০

তথ্যসূত্ৰ

  1. ↑ Tigray. House of Peoples' Representatives
  2. ↑ David Smith. (30 March 2012). Ethiopian PM Meles Zenawi's death sparks fears of turmoil. The Guardian
  3. ↑ Azeb Mesfin Vice President of OAFLA
  4. ↑ "First Lady Makes it to EFFORT's Helm", Addis Fortune, published March 2009 (accessed 5 May 2010)
  5. ↑ (2013-09-08). Azeb Mesfin, MP and Widow of Meles Zenawi. Addis Fortune
  6. ↑ Verdier, Isabelle. (1997). Ethiopia The Top 100 People. Indigo Publications. পৃ. 90. ISBN 978-2-905760-12-8
  7. ↑ ECADF. (2011-12-06). Azeb Mesfin: The woman from Gadarif
  8. ↑ Gelaw, Abebe, "The 'Queen of Mega' in Parliament," Ethiomedia, 24 January 2006. (accessed 30 September 2006)
  9. ↑ Mays, Kate, "Group Objects to University Giving Award to 'First Lady', Protests Disrupt MLK Jr Commemoration," Ethiomedia, 18 January 2007. Retrieved January 18, 2007
  10. ↑ Ethiopian Coalition of Women against HIV

সম্পৰ্কিত শ্ৰেণী

ইথিঅ'পিয়াৰ ব্যক্তিইথিঅ’পিয়াৰ নাৰী অধিকাৰ কৰ্মীমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজেব মেছফিন” প্ৰবন্ধৰ সংশোধন ৫২৫৬৮৭ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।