অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মক্কাৰ মছজিদ

মছজিদ আল-হাৰাম (المسجد الحرام) ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান যিটো কাবাক আগুৰি আছে। এই মছজিদখন চৌদি আৰৱৰ মক্কা চহৰত অৱস্থিত। ভিতৰত আৰু বাহিৰত নামাজৰ স্থান মিলি মছজিদৰ বৰ্তমান অৱস্থান প্ৰায় 356800 m2 জুৰি অৱস্তিত। মছজিদ সকলো সময়তেই খোলা ৰখা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মছজিদ আল-হাৰাম (المسجد الحرام) ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান যিটো কাবাক আগুৰি আছে।১ এই মছজিদখন চৌদি আৰৱৰ মক্কা চহৰত অৱস্থিত।

ভিতৰত আৰু বাহিৰত নামাজৰ স্থান মিলি মছজিদৰ বৰ্তমান অৱস্থান প্ৰায় 356800 m2 জুৰি অৱস্তিত। মছজিদ সকলো সময়তেই খোলা ৰখা হয়। হজ্জৰ সময়ত ইয়াত উপস্থিত হোৱা মানুহৰ জমায়াত পৃথিৱীৰ বৃহত্তম মানৱ সমাৱেশৰ অন্যতম।

চৌদি আৰৱত অৱস্থিত মক্কা হʼল ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আটাইতকৈ পৱিত্ৰ স্থান। মুছলমানসকল বিশ্বৰ যʼতেই নাথাকক, মক্কাৰ কাবাৰ ফালেহে মুখ কৰি দৈনিক পাঁচবাৰ প্ৰাৰ্থনা কৰে। জীৱনকালত অন্ততঃ এবাৰ মক্কালৈ আহি আল্লাহক উপাসনা কৰাটো (বা হজ্জ যাত্ৰা কৰা) মুছলমানসকলৰ কৰ্তব্যৰ ভিতৰত পৰে। ৫৭০ খ্ৰীষ্টাব্দত মক্কাতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মাদ(দঃ)ৰ জন্ম হৈছিল। অৱশ্যে পাছৰ সময়ত তেওঁ মক্কাৰ পৰা মদিনালৈ স্থানান্তৰ হ'বলগীয়া হৈছিল (হিজৰত কৰিবলগীয়া হৈছিল)। পৰৱৰ্তীসময় কালত এই মক্কাতে এক অতি বৃহৎ মছজিদ সজা হয়। মছজিদৰ প্ৰায় কেন্দ্ৰস্থলতে আছে ঘনক আকৃতিৰ বিখ্যাত কাবা, যʼত এক ডাঙৰ কৃষ্ণ শিল আছে৷ প্ৰবাদ মতে এই কৃষ্ণ শিলছটা বিশ্বৰ প্ৰথম মানৱ আদমক দিয়া হৈছিল আৰু আল্লাহৰ নিৰ্দেশত কাবা নিৰ্মাণ কৰা হৈছিল৷ বিশ্বৰ ষাঠিখন দেশৰ প্ৰায় ৬ লাখ পুণ্যাৰ্থী প্ৰতিবছৰে এই মছজিদ দৰ্শন কৰিবলৈ আৰু হজ্জ কৰিবলৈ মক্কালৈ আহে।২

লগতে পঢ়ক

  1. মছজিদে নববী, মদিনা।
  2. মছজিদ আল আকছা, জেৰুজালেম।

তথ্যসূত্ৰ

  1. ↑ The 40 Steps Towards the Grave of the Prophet Muhammad صلى الله عليه و آله و صحبه وسلم . The Virtues of Madinah. #1 | Muwatta.com - The People of Madina. muwatta.com
  2. ↑ বিশ্ব ঐতিহ্য,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ২২৮ ৰ সহযোগত

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্মমছজিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মক্কাৰ মছজিদ” প্ৰবন্ধৰ সংশোধন ৩৮২৪৪০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।