কলন মছজিদ বা কালান মছজিদ ভাৰতৰ পুৰণি দিল্লীৰ চতুৰ্দশ শতিকাৰ এটা মছজিদ।১২ খান-ই-জাহান তিলাংগানীয়ে নিৰ্মাণ কৰা সাতটা মছজিদৰ ভিতৰত ই অন্যতম।৩
ব্যুৎপত্তিবিজ্ঞান
মছজিদটোৰ নাম কলন মছজিদ অৰ্থাৎ মুখ্য মছজিদ। ইয়াক কালি মছজিদ বা ক'লা মছজিদ বুলিও কোৱা হয় যদিও ই কালান শব্দৰ অপভ্ৰংশও হ'ব পাৰে।১
ইতিহাস
১৩৮৭ চনত ফিৰোজ শ্বাহ তুগলকৰ দিনত খান-ই-জাহান মকবুল তিলাংগানীয়ে এই মছজিদটো নিৰ্মাণ কৰিছিল।১৪
স্থাপত্য
এই মছজিদটো বালিশিলেৰে নিৰ্মাণ কৰা হৈছে। ই ৪৩ মিটাৰ (১৪০ ফুট) দীঘল আৰু ৩৭ মিটাৰ (১২০ ফুট) বহল এটা দীঘলীয়া গঠন। ইয়াৰ দুটা মহলা, সৰ্বোচ্চ উচ্চতা ২০ মিটাৰ (৬৬ ফুট)।১
এটা চিৰি প্ৰথম মহলাৰ দুৱাৰমুখলৈ যায়, যাৰ মাজেৰে মছজিদত প্ৰৱেশ কৰিব লাগে। দুৱাৰমুখৰ ওপৰত এটা নিম্ন গম্বুজ আছে, যাৰ দুয়োফালে দুটা শংকু আকৃতিৰ স্তম্ভ আছে। দুৱাৰমুখৰ ওপৰত মাৰ্বলৰ ফলক এখন আছে য’ত নাছখ লিপিৰে লিখা আছে। এই শিলালিপিত মছজিদটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ তাৰিখ বৰ্ণনা কৰা হৈছে, আৰু ফিৰোজ শ্বাহৰ ৰাজত্বকালত খান জাহানে ইয়াক নিৰ্মাণ কৰিছিল।১
মছজিদটোৰ বৰ্গক্ষেত্ৰৰ পৰিকল্পনা আছে, আৰু ইয়াক চাৰিটা চতুৰ্থাংশত ভাগ কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ Stephen, Carr. (1862). The Archæology and Monumental Remains of Delhi. পৃ. 149–154
- ↑ Interior of the Kalan Masjid, in New Delhi's Nizamuddin district, India, 1965-2000. University of Washington Libraries
- ↑ Safvi, Rana. (2015-01-12). Kalan Masjid, Turkman Gate, Delhi. Rana Safvi
- ↑ Sharp, Henry. (1921). Delhi, its story and buildings. পৃ. 62–63
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলন মছজিদ” প্ৰবন্ধৰ সংশোধন ৫৬২৯১৪ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।