অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ

মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ বা অযোধ্যা মছজিদ হৈছে অযোধ্যা বিবাদ গোচৰৰ সৈতে জড়িত ৰায়দানৰ পিছতে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ধনীপুৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট স্থানত নিৰ্মাধিন এখন মছজিদ। মছজিদ আৰু সংশ্লিষ্ট কমপ্লেক্স নিৰ্মাণৰ কাম ভাৰত-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন (আই আই চি এফ)ৰ ট্ৰাষ্টৰ অধীনত।

হালনাগাদ: ২৩ জানুৱাৰী ২০২৪ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ বা অযোধ্যা মছজিদ হৈছে অযোধ্যা বিবাদ গোচৰৰ সৈতে জড়িত ৰায়দানৰ পিছতে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ধনীপুৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট স্থানত নিৰ্মাধিন এখন মছজিদ।১২

মছজিদ আৰু সংশ্লিষ্ট কমপ্লেক্স নিৰ্মাণৰ কাম ভাৰত-ইছলামিক কালচাৰেল ফাউণ্ডেশ্যন (আই আই চি এফ)ৰ ট্ৰাষ্টৰ অধীনত।৩৪ অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰত্বত ধনীপুৰ নামৰ ঠাইত এই মছজিদ নিৰ্মাণ হৈ আছে।৫

২০২১ চনৰ ২৬ জানুৱাৰীৰ পৰা নিৰ্মাণ আৰম্ভ হয়।৩ ১৮৫৭ চনৰ ভাৰতীয় স্বাধীনতা যুদ্ধৰ নেতা মৌলৱী আহমদুল্লাহ শ্বাহৰ সন্মান হিচাপে এই মছজিদটোৰ নাম আনুষ্ঠানিকভাৱে আহমদুল্লাহ শ্বাহ মছজিদ নামেৰে নামকৰণ কৰা হয় যদিও পিছলৈ মছজিদটোৰ নাম মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ নামেৰে নামকৰণ কৰা হয়।৬

অৱস্থান

ধনীপুৰ আনুষ্ঠানিকভাৱে অযোধ্যা জিলাৰ ফৈজাবাদ জিলাৰ সোহাৱাল তহচিলত অৱস্থিত এখন গাঁও। ৰাম মন্দিৰ স্থানৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত্বত মছজিদৰ বাবে নিৰ্দিষ্ট প্লটটো অৱস্থিত।৭

নিৰ্মাণ

উত্তৰ প্ৰদেশৰ ছুন্নী কেন্দ্ৰীয় ৱাকফ ব’ৰ্ডে ২০২১ চনৰ গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু গছপুলি ৰোপণ কৰি আনুষ্ঠানিকভাৱে এই প্ৰকল্পটো আৰম্ভ কৰে। মছজিদ কমপ্লেক্সত চিকিৎসালয়, সংগ্ৰহালয়, পুথিভঁৰাল, প্ৰতিদিনে সৰ্বাধিক ২০০০ লোকক খাদ্য যোগান ধৰিব পৰা সামূহিক পাকঘৰ, মছজিদৰ উপৰিও ভাৰত-ইছলামিক সাংস্কৃতিক গৱেষণা কেন্দ্ৰ আৰু প্ৰকাশন ঘৰ আছে।৮

ট্ৰাষ্টে লাভ কৰা অনুদানৰ প্ৰায় ৪০ শতাংশ হিন্দুসকলে প্ৰদান কৰাৰ বিপৰীতে মুছলমানসকলে ৩০ শতাংশ বৰঙণি আগবঢ়াইছে। মুঠ অনুদানৰ বাকী ৩০ শতাংশই কৰ্পৰেট অনুদান। ফাউণ্ডেশ্যনৰ সম্পাদক অথাৰ হুছেইনে নিশ্চিত কৰিছে যে ট্ৰাষ্টে আজিলৈকে ৪০ লাখ টকাৰ অনুদান লাভ কৰিছে আৰু ইয়াৰে ৪০ শতাংশ হিন্দু সমাজৰ বৰঙণি আগবঢ়াইছে।৯

মতানৈক্য

অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব'ৰ্ডে এই মছজিদ নিৰ্মাণ ৱাকফ আইন বিৰোধী আৰু শ্বৰীয়ত আইনৰ অধীনত অবৈধ বুলি উল্লেখ কৰিছে।১০ এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়েও দাবী কৰে যে মছজিদটো নিৰ্মাণ আৰু নামাজ পঢ়াৰ বাবে ধন দান কৰাটো ইছলামিক নীতি অনুসৰি হাৰাম (নিষিদ্ধ) যাৰ উত্তৰত মছজিদ ট্ৰাষ্টে উত্তৰ দিছিল যে “মানৱতাৰ সেৱা কৰাটো হাৰাম নহয়”।১১

মালিকীস্বত্বৰ বিবাদ

দিল্লীৰ দুগৰাকী ভগ্নীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত আবেদন দাখিল কৰি মছজিদৰ বাবে আবণ্টিত মাটিৰ লগতে চাৰিওফালৰ ২৮ একৰ মাটিৰ মালিকীস্বত্ব দাবী কৰে যিটো তেওঁলোকে বিভাজনৰ সময়ত তেওঁলোকৰ পিতৃক দিয়া বুলি কয়।১২

লগতে চওক

  • ভাৰত-ইছলামিক সাংস্কৃতিক ন্যাস

তথ্যসূত্ৰ

  1. ↑ (2023-10-13). Ayodhya mosque to be named after the Prophet; design finalised. Hindustan Times
  2. ↑ Mishra, Ishita. (2023-10-12). Proposed mosque in Ayodhya gets a new name and design. The Hindu
  3. ↑ Razak, Hanie Abdul. (2021-01-19). Construction of Ayodhya mosque to begin with flag-hoisting on Republic Day. The Siasat Daily
  4. ↑ Ayodhya Mosque Work Starts On Republic Day With Tricolour Hoisting. NDTV.com
  5. ↑ (February 7, 2020). Dhannipur near Ayodhya already has 15 mosques, local Muslims want hospital and college too. theprint.in
  6. ↑ (25 January 2021). Ahmadullah Shah: Ayodhya Mosque to be named after the maulana who died for India's Independence. The Times of India
  7. ↑ 4m10! 1m2! 2m1! 1smuhammad+bin+abdullah+masjid! 3m6! 1s0x399a1b00108555c3:0x5491802082e82db1! 8m2! 3d26.762! 4d82.002! 15sChxtdWhhbW1hZCBiaW4gYWJkdWxsYWggbWFzamlkkgEGbW9zcXVl4AEA! 16s%2Fg%2F11vr_016nd?entry=ttu Location on Google Maps. google maps
  8. ↑ Ayodhya's Dhannipur mosque project launched with unfurling of tricolour on Republic day. Hindustan Times
  9. ↑ उरमलिया, आशीष. (2022-11-11). अयोध्या मस्जिद निर्माण में सबसे ज्यादा दान हिंदुओं ने दिया: 36 महीने से एक सड़क बनी थी रोड़ा, नक्शा तक पास नहीं हो पाया. Dainik Bhaskar
  10. ↑ Ayodhya mosque against Waqf Act, illegal under Shariyat law: AIMPLB. Hindustan Times
  11. ↑ Contributing for construction and prayers at masjid in Ayodhya is haraam: Owaisi. Deccan chronicle
  12. ↑ Delhi siblings claim ownership of land offered for Ayodhya mosque, move court. The Hindu

সম্পৰ্কিত শ্ৰেণী

মছজিদইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুহাম্মাদ বিন আব্দুল্লাহ মছজিদ” প্ৰবন্ধৰ সংশোধন ৪০৩৩৫১ (২৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।