অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জামা মছজিদ, ভিলাই

জামা মছজিদ ভাৰতৰ ছত্তীশগড়ৰ ভিলাইত অৱস্থিত ছুন্নী ইছলাম মছজিদ। ১৯৬০ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই মছজিদটোৱে এটা সময়ত ৩ হাজাৰ উপাসকে প্ৰাৰ্থনা কৰিব পাৰে আৰু ই ৰাজ্যখনৰ অন্যতম বৃহৎ মছজিদ, আৰু এছিয়াৰ অন্যতম বৃহৎ মছজিদ। আৰবী লিপিত "ইয়া আল্লাহ" শব্দৰ আকৃতিত নিৰ্মাণ কৰা এই মছজিদ বিশ্বৰ প্ৰথমটো মছজিদ।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৫ ৩৬৮ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জামা মছজিদ ভাৰতৰ ছত্তীসগঢ়ৰ ভিলাইত অৱস্থিত ছুন্নী ইছলাম মছজিদ। ১৯৬০ চনত নিৰ্মাণ সম্পূৰ্ণ হোৱা এই মছজিদটোৱে এটা সময়ত ৩ হাজাৰ উপাসকে প্ৰাৰ্থনা কৰিব পাৰে আৰু ই ৰাজ্যখনৰ অন্যতম বৃহৎ মছজিদ, আৰু এছিয়াৰ অন্যতম বৃহৎ মছজিদ। আৰবী লিপিত "ইয়া আল্লাহ" শব্দৰ আকৃতিত নিৰ্মাণ কৰা এই মছজিদ বিশ্বৰ প্ৰথমটো মছজিদ।

ইতিহাস

মছজিদ নিৰ্মাণৰ পূৰ্বে ভিলাই মুছলমানসকলে নিজ নিজ স্থানীয় অঞ্চলত নামাজ পঢ়িছিল আৰু কেৱল ঈদ-উল-ফিটৰ আৰু ঈদ আল-আধা দিনা ভিলাইৰ ছেক্টৰ-১ৰ নেহৰু হাউছ অৱ কালচাৰৰ ওচৰত সাধাৰণ নামাজ পঢ়িবলৈ গোট খাইছিল।

ভিলাই ষ্টীল প্লাণ্টৰ মুছলমান কাৰ্যবাহীসকলে এখন কমিটী গঠন কৰি ইয়াৰ পঞ্জীয়নৰ বাবে আবেদন জনায়। মধ্যপ্ৰদেশ পাব্লিক ট্ৰাষ্ট এক্ট ১৯৫১ৰ অধীনত ভিলাই নগৰ মছজিদ ট্ৰাষ্ট হিচাপে পঞ্জীয়ন কৰা হৈছিল। ভিলাই ষ্টীল প্লাণ্টে মছজিদৰ বাবে এই কমিটীক ছেক্টৰ-৬ত ১১০০ বৰ্গমিটাৰ (১২,০০০ বৰ্গফুট) জোখৰ প্লট আবণ্টন দিছিল। ১৯৬৪ চনত আৰম্ভ হোৱা এই নিৰ্মাণৰ কাম ১৯৬৭ চনত সম্পূৰ্ণ হয়। ১৯৬৭ চনৰ ৩১ মাৰ্চত নতুন মছজিদত প্ৰথম জুমাৰ নামাজ অনুষ্ঠিত হয়।

স্থাপত্য আৰু আৰ্হি

মছজিদটোৰ বিশেষ আৰ্হিয়ে ইয়াৰ কীৰ্তিচিহ্নস্বৰূপ উচ্চতাৰ জৰিয়তে ইছলামিক স্থাপত্যৰ জগতখনত এক ইতিহাস সৃষ্টি কৰিছে যিয়ে আৰবী শব্দ ইয়া আল্লাহ শব্দৰ ৰূপ গঠন কৰে। ৮০ ফুট উচ্চতাৰ মিনাৰখনে ‘ইয়া’ৰ আকৃতি দিয়াৰ বিপৰীতে ওপৰত তাছদীদৰ আকৃতিৰ ফলক থকা প্ৰথম মহলাৰ পকী বেৰবোৰে ‘আল্লাহ’ক প্ৰক্ষেপ কৰিছে। ওপৰত মাৰ্বলৰ গম্বুজটোৱে পৃথিৱীৰ এই অনন্য মছজিদৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি কৰিছে।

ইয়াৰ ডিজাইন কৰিছিল হাইদৰাবাদ, তেলংগানাৰ স্থপতিবিদ খাইৰুদ্দিন আহমদ ছিদ্দিকী১ আৰু সহযোগীসকলে।

৪.৯ মিটাৰ উচ্চতা (১৬ ফুট) গম্বুজকে ধৰি ১৮ মিটাৰ (৫৯ ফুট) উচ্চতাৰ এই মছজিদটো ৩৭ মিটাৰ (১২০ ফুট) দীঘল আৰু ৩০ মিটাৰ (১০০ ফুট) বহল। মছজিদৰ কাষতে থকা ঈদ-গাহৰ দৈৰ্ঘ্য ৭৬ মিটাৰ (২৫০ ফুট) আৰু বহল ৭০ মিটাৰ (২৩০ ফুট)। মছজিদৰ মিনাৰৰ ভিতৰত আৰু বাহিৰত মাৰ্বলৰ টাইলছ স্থাপন কৰা হৈছে। প্ৰতিষ্ঠাপক সমিতি ভিলাই নগৰ মছজিদ ট্ৰাষ্টে এই মছজিদৰ ৰক্ষণাবেক্ষণ কৰে।

ইমামসকল

আলহাজ হাফিজ ছায়েদ আজমালুদ্দিন হাইদৰে ১৯৬৮ চনৰ পৰা ২০১৩ চনলৈকে এই মছজিদৰ প্ৰথম ইমাম হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৪২ চনত পাটনাত জন্মগ্ৰহণ কৰা তেওঁৰ পৰিয়াল ১৯৫২ চনত স্থায়ীভাৱে দুৰ্গলৈ গুচি যায়। তেওঁৰ পিতৃ মৌলানা আফজালুদ্দিন হাইদৰ ১৯৫২ চনৰ পৰা জামা মছজিদ দুৰ্গৰ ইমাম হোৱা আৰু তেওঁৰ মাজাৰ ভিলাইৰ চুপেলা কাব্ৰিস্তানত আছে। আলহাজ হাফিজ ছয়েদ আজমালুদ্দিন হাইদৰ চুফী ধৰ্মৰ কাদিৰিয়া চিষ্টিয়া আশ্ৰাফিয়া অৰ্ডাৰৰ সৈতে জড়িত আৰু তেওঁ দাৰুল উলুম ইছলামিয়া নাগপুৰৰ পৰা শিক্ষিত।২৩৪

হাফিজ ইকবাল হাইদৰ আঞ্জুম হৈছে ২০১৪ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মছজিদটোৰ বৰ্তমানৰ ইমাম। তেওঁ উত্তৰ প্ৰদেশৰ ফৈজাবাদৰ জামে আশ্ৰফ, কিচাউচা শ্বৰীফৰ পৰা শিক্ষা লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Khairuddin Ahmad Siddiqui
  2. ↑ Jama Masjid - Bhilai. wikimapia.org
  3. ↑ Renowned architect Khairuddin Ahmed Siddique passes away. siasat.com
  4. ↑ Laws of India: The Madhya Pradesh Public Trusts Act, 1951. lawsofindia.org

সম্পৰ্কিত শ্ৰেণী

মছজিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামা মছজিদ, ভিলাই” প্ৰবন্ধৰ সংশোধন ৫৬৩০২৮ (১২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।