অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কাবা

কাবা, কাবাঘৰ, কাবা শ্বৰীফ (الكعبة, আৰু যি নামেৰে পৰিচিত الكعبة المشرًّفة "The Primordial House"), অথবা (البيت الحرام "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৪ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কাবা, কাবাঘৰ, কাবা শ্বৰীফ (الكعبة, আৰু যি নামেৰে পৰিচিত الكعبة المشرًّفة "The Primordial House"), অথবা (البيت الحرام "The Sacred House"), এটা ডাঙৰ ঘন আকৃতিৰ ইমাৰত, যিটো চৌদি আৰৱৰ মক্কা চহৰৰ মছজিদুল হাৰাম মছজিদৰ মাজত অৱস্থিত। আচঁলতে মছজিদটো কাবাৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছে।

ইছলাম মতে কাবা ক আটাইতকৈ পৱিত্ৰ স্থান হিচাপে ভাবে।১ এইটো মুছলিম সকলৰ কিবলা, অৰ্থাৎ যি দিশে থিয় হৈ নামাজ পঢ়ে বা ছালাত আদায় কৰে, পৃথিৱীৰ যিকোনো স্থানৰ পৰা কাবা যি দিশে মুছলিম সকলে ঠিক সেই দিশে মুখ কৰি নামাজ পঢ়ে। হজ্জ আৰু উমৰা পালনৰ সময়ত মুছলিম সকলে কাবাক ঘেৰি তাওয়াফ বা প্ৰদক্ষিন কৰে।১

অৱস্থান আৰু বাস্তৱিক গঠন

কাবা ঘৰৰ ডিজাইন আৰু জোখ-মাখ
কাবা ঘৰৰ ডিজাইন আৰু জোখ-মাখছবি: translatorː MS SakibOriginalː Bjankuloski06en · CC BY-SA 4.0

কাবাৰ আকৃতি প্ৰায় এটা ঘনকৰ নিচিনা। কাবা শব্দটো আহিছে আৰৱী শব্দ মুকা'আবৰ পৰা। যাৰ অৰ্থ হৈছে ঘনৰ পৰা। এইটো কেচা পাহাৰ গ্ৰানাইটৰ দ্বাৰা নিৰ্মিত, যিটো থিয়হৈ আছে প্ৰায় ২৫ছেঃমিঃ (১০ ইঞ্চি) মাৰ্বল পাথৰৰ ভিত্তিৰ উপৰত, যিটো বাহিৰৰ পৰা ৩০ছেঃমিঃ (১ ফুট) বাহিৰ হৈ আছে।১ গঠনৰ ঠাইৰ পৰিমাণ প্ৰায় ১৩.১০ মিঃ (৪৩ ফুট) উচ্চতা, ওচৰা-ওচৰি ১১.০৩ মিঃ X ১২.৬২ মিঃ২৩ চাৰিটা কোণ কম্পাচৰ প্ৰায় চাৰি বিন্দু যথাযথভাৱে দিশ কৰা।১ কাবাৰ পূৰ্ৱ কোণ হৈছে ''ৰুকন-আল- আচওয়াদ" (কলা পাথৰ অথৱা "আল-হাজাৰুল-আচওয়াদ"), এটা উল্কাপিন্ডৰ অৱশেষ; উত্তৰ কোণ হ'ল "ৰুকন-আল-ইৰাকী" (ইৰাকী কোণ); পশ্চিমত আছে "ৰুকন-আল-ছামী" (পূৰ্ৱ-ভূমধ্য সাগৰীয় কোণ) আৰু দক্ষিণত "ৰুকন-আল-ইয়ামানী" ('ইয়েমানী কোণ')।১৩

কাবা শ্বৰীফৰ কাপোৰ

কাবা কলা চিল্কৰ উপৰত স্বৰ্ণ-খচিত কেলিগ্ৰাপি কৰা কাপোৰৰ চাদৰৰে আবৃত হৈ থাকে। কাপোৰক কিচওয়াহ নামেৰে পৰিচিত; যিটো প্ৰতিবছৰে পৰিৱৰ্তন কৰা হয়।৪৫ সুতা দি কলিমা লিখি কাপোৰ তৈয়াৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Wensinck, A. J; Ka`ba. Encyclopaedia of Islam IV p. 317
  2. ↑ Peterson, Andrew. (1996). Dictionary of Islamic Architecture.. Routledge
  3. ↑ Hawting, G.R; Ka`ba. Encyclopaedia of the Qur'an p. 76
  4. ↑ (2003). 'House of God' Kaaba gets new cloth. The Age Company Ltd
  5. ↑ The Kiswa - (Kaaba Covering). Al-Islaah Publications

সম্পৰ্কিত শ্ৰেণী

মছজিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবা” প্ৰবন্ধৰ সংশোধন ৪৫৮৬৭৯ (২৬ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।