অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শ্বেৰ শ্বাহ ছুৰী মছজিদ

ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী চহৰ পাটনাৰ এটা মছজিদ শ্বেৰ শ্বাহ ছুৰী মছজিদ, যাক শ্বেৰশ্বাহী মছজিদ বুলিও কোৱা হয়। ই আফগান শৈলীৰ স্থাপত্যৰ এক উদাহৰণ। শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০–১৫৪৫ চনত তেওঁৰ ৰাজত্বকালৰ স্মৃতিত এই মছজিদটো নিৰ্মাণ কৰিছিল। ই ধৱলপুৰাৰ ওচৰৰ পূৰব দৰৱাজাৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী চহৰ পাটনাৰ এটা মছজিদ শ্বেৰ শ্বাহ ছুৰী মছজিদ, যাক শ্বেৰশ্বাহী মছজিদ বুলিও কোৱা হয়। ই আফগান শৈলীৰ স্থাপত্যৰ এক উদাহৰণ।১ শ্বেৰ শ্বাহ ছুৰীয়ে ১৫৪০–১৫৪৫ চনত তেওঁৰ ৰাজত্বকালৰ স্মৃতিত এই মছজিদটো নিৰ্মাণ কৰিছিল। ই ধৱলপুৰাৰ ওচৰৰ পূৰব দৰৱাজাৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত।২

ইতিহাস

১৫৪০ চনত শ্বেৰ শ্বাহ ছুৰীৰ ৰাজত্বকালত এই মছজিদ নিৰ্মাণৰ কাম আৰম্ভ হয় আৰু ১৫৪৫ চনত এই মছজিদ নিৰ্মাণ সম্পূৰ্ণ হয়।

স্থাপত্য

আফগান স্থাপত্য শৈলীত নিৰ্মিত এই মছজিদ ভাৰতৰ বহুতো ঐতিহাসিক মছজিদৰ ভিতৰত অন্যতম আৰু পাটনাৰ এক কীৰ্তিচিহ্ন। মছজিদৰ কমপ্লেক্সৰ ভিতৰত এটা সমাধি আছে যিটো অষ্টভুজ শিলৰ ফলকেৰে আবৃত। কিন্তু শ্বেৰ শ্বাহ ছুৰী মছজিদৰ তাৰকা আকৰ্ষণ হ’ল ইয়াৰ কেন্দ্ৰীয় গম্বুজ যিটো চালৰ মাজত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে চাৰিটা সৰু গম্বুজ। এই ডিজাইনৰ অনন্য অংশটো হ'ল যে যদি আপুনি যিকোনো কোণৰ পৰা চায় তেন্তে ইয়াত মাত্ৰ তিনিটা গম্বুজহে দেখা যায়।২

তথ্যসূত্ৰ

  1. ↑ www.splendidindia.com/destinations/bihar/traveli
  2. ↑ Sershasurikimasjid

সম্পৰ্কিত শ্ৰেণী

মছজিদঐতিহাসিক কীৰ্তিচিহ্ন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰ শ্বাহ ছুৰী মছজিদ” প্ৰবন্ধৰ সংশোধন ৫৬২৮৮২ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।