হাজং ভাষা এটা ভাৰত-আৰ্য ভাষা পৰিয়াল, যাৰ তিব্বত-বৰ্মী ভাষাৰ সৈতেও সম্পৰ্ক আছে। হাজং ১৯৫,০০০ থলুৱা হাজং জনগোষ্ঠীৰ মানুহে কয়, ভাৰতৰ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, পশ্চিমবংগত আৰু বাংলাদেশৰ ময়মনচিং জিলাত। হাজং ভাষাক অসমীয়া লিপিত লিখা হয়। যদিও হাজং পূৰ্বতে তিব্বত-বৰ্মী পৰিয়ালৰ আছিল, ই ভাষিকভাৱে অসমীয়া আৰু বাংলাৰ সৈতে সান-মিহলি হ'ল।১
হাজং ভাষাৰ ফৈদ
- দশকানীয়া
- কৰাইবাৰীয়া
- ছুছঙী
- বাৰোহাজাৰী
- মেচপাৰীয়া
নিকনি (গোত্ৰ)
হাজংসকল পূৰ্বতে মাতৃতান্ত্ৰিক জনগোষ্ঠীয় লোক আছিল। প্ৰাচীন কালৰে পৰা সমাজৰ বিকাশ হৈ ত্ৰুমে একো একোটা সমাজিক গোট ৰূপত গোষ্ঠীৱদ্ধ বংশ পৰিচয় দি অহাৰ গোত্ৰ বা যি টোটেম্ প্ৰথা মানৱ সমাজত প্ৰচলিত হৈ আহিছে, সেই প্ৰথা হাজং সমাজত মাতৃ বংশীয় ধাৰাৰে চলি আহে। মাতৃ বংশীয় এই পৰম্পৰা প্ৰথাটো হাজং ভাষাত নিকনি বুলি জনাজাত। হাজংসকল আৰ্য হিন্দুৰ সংস্পৰ্শলৈ আহি বা সংস্কৃতায়ণৰ ফলত মাতৃ বংশীয় সমাজ ব্যৱস্থা এই নিকনিৰ পৰম্পৰা ত্ৰুমে পৰিহাৰ কৰি আহিবলৈ ধৰে। বংশৰ পৰিচয় আৰু মৰ্যাদাৰ মূল আছিল মাতৃ বংশীয় 'নিকনি'ধাৰা। একে নিকনিৰ মাজত বৈবাহিক সম্বন্ধ নিষিদ্ধ; প্ৰতিটো পৰিয়ালে উৎসৱ পৰ্ব পালন কৰাৰ আগতে নিকনিৰ অধিষ্ঠিত দেৱ-দেৱীলৈ পূজা-সেৱা আগবঢ়োৱাটো অপৰিহাৰ্য নিয়ম। পূজাত নিকনি অধিষ্ঠাত্ৰী দেৱী বা দেৱী অনুসৰি হাঁহ,পাৰ, কুকুৰা,কাছ আদি নিৰ্দিষ্ট প্ৰাণী বলি দিব লাগিছিল। সম্প্ৰতি এই প্ৰথা হাজং সমাজত বিলুপ্তিৰ পথত। সেই কাৰণে নিকনিৰ সঠিক সত্য পোৱা নাযায়। মাতৃ বংশীয় এই নিকনি নামসমূহ হ'লঃ। ১.আকছি গাও, ২.কেন্দেলা গাও, ৩.কাছেগাও, ৪.কাটাগাও, ৫.বগাগাও, ৬.বালিহাতা, ৭.তাৰাগাও, ৮.শিমলা গাও, ৯.দিফৰাগাও, ১০.কাটলেগাও, ১১.মালাগাও, ১২.ডিংজোৰ, ১৩.পুৰাকাছি, ১৪.পুৰাচুঙা ১৫.চৰাবৰী, ১৬.গৰভূই, ১৭.শালিভূই, ১৮.ভৰাগাও, ১৯.চেলাগাও, ২০.টকলেগাও আদি। এই নিকনিবোৰ কিছুমান উদ্ভিদ,গছ আৰু প্ৰাণীৰ নামবাচক শব্দ। গাও মানে শৰীৰ বা দেহ। বংশানুক্ৰমিক মানি অহা মাতৃবংশীয় ধাৰাৰ নিকনিৰ লগত ব্যক্তিৰ তেজ আৰু শৰীৰৰ অবিচ্ছেদ্য সম্বন্ধ আছে বুলি বিশ্বাস কৰা হয়।
লিখন পদ্ধতি
হাজং ভাষা অসমীয়া তথা লেটিন লিপি ব্যৱহাৰ কৰি লিখা হয়।২ কিন্তু যদিও এই লিপি ভাৰতত ব্যৱহাৰ হয়, বাংলাদেশত অনেকে হাজং ভাষাৰ বাবে বাংলা লিপি ব্যৱহাৰ কৰে, বাংলাদেশত বঙালী ভাষাতেই ঘাইকৈ শিক্ষাৰ প্ৰচলন হোৱাৰ বাবে।৩ প্ৰতি লিপিতেই এটি অনন্য চিন যোগ কৰা হয়, বন্ধ, পিছৰ, ঘূৰণীয়া নোহোৱা স্বৰ বৰ্ণ /ɯ/, যাক লেটিন লিপিত "â" আৰু অসমীয়া–বঙালী লিপিত "অৗ" (ব্যঞ্জন বৰ্ণৰ পিছত থাকিলে "কৗ" আদি) লিখা হয়।৪
ধ্বনি তত্ত্ব
হাজং ভাষাত ২২টা ব্যঞ্জন ধ্বনি, ২টা ব্যঞ্জন ধ্বনিৰ কিছু গুণ থকা ধ্বনি /w/ আৰু /j/, আৰু ৬টা স্বৰধ্বনি আছে। স্বৰধ্বনিকেইটা হ'ল /a/, /i/, /u/, /e/, /o/, আৰু /ɯ/। এয়া অলপ দ্ব্যৰ্থক যে শেষৰ স্বৰটো এটি ধ্বনি নে [a]ৰ সহস্বানিকীহে মাথোঁ।৪ অতিৰিক্ত স্বৰ /ɯ/ অন্য ভাৰতীয়-আৰ্য ভাষাত পোৱা নাযায়। ই তিব্বত-বৰ্মী ভাষাগোষ্ঠীৰ পৰা অহা।৫ হাজং ধ্বনিতত্ত্বত কিছু স্বৰসহযোগ আৰু শেষৰ ব্যঞ্জন ধ্বনি শব্দহীন কৰা দেখা যায়।৪
ব্যাকৰণ
হাজং ভাষা এটি প্ৰাচ্য ভাৰতীয় ভাষা বাবে ইয়াৰ ব্যাকৰণৰ অন্য তেনে ভাষাসমূহ, বিশেষকৈ বাংলা ভাষাৰ সৈতে সাদৃশ্য আছে, বাক্য গাঁথনি আদি দিশত। এটি পাৰ্থক্য হ'ল, হাজং ভাষাত বাংলা বা অসমীয়াৰ দৰে ক্ৰিয়াৰ ৰূপ সলনি কৰা নহয়, ইয়াক গ্ৰিয়াৰ্চনে বিংশ শতাব্দীৰ পৰা লক্ষ কৰিছে।৬
উল্লেখযোগ্য যে ১৯০০ৰ পৰা হাজং ভাষাত লক্ষ্য কৰা সকলো বৈশিষ্ট্য এতিয়া নাখাটে।
হাজং ভাষাত প্ৰকৰণৰ সামৰণিও অন্য ভাৰতীয়-আৰ্য ভাষাৰ লগত নিমিলে, তাৰ সলনি তিব্বত-বৰ্মী ভাষাসমূহৰ লগতহে মিলে।৬৭ তলৰ তালিকাখন ফিলিপ্সৰ পৰা লোৱা:৭
| আই-পি-এত হাজং | অসমীয়াত |
|---|---|
| buri-rɯ | বুঢ়ী মানুহজনী |
| buri-rɯ ge | বুঢ়ী মানুহজনীক |
| buri la | বুঢ়ী মানুহজনীৰ |
| buri ni | বুঢ়ী মানুহজনীক/ত |
| buri bʰaʲ | বুঢ়ী মানুহজনীক |
| buri t̪ʰiki | বুঢ়ী মানুহজনীৰ পৰা |
| buri diɯ | বুঢ়ী মানুহজনীৰ দ্বাৰা |
হাজং ভাষাত খণ্ডবাক্যৰ উদাহৰণ
| হাজং খণ্ডবাক্য | লেটিন লিপিত হাজং | অৰ্থ |
|---|---|---|
| কুমায় জায়? | kumay jay? | ক'লৈ যোৱা? |
| কেংকৗ আছে? | Kengka ase? | কেনে আছা? |
| তয় আহিলে? ভিতুৰ ভায় আয়। | Toy ahile? Bhiturbhay ai. | তুমি আহিলা? ভিতৰলৈ আহা। |
| তলা আহাৰা ভালা হুছে। | Tola ahara bhala huse. | তুমি অহা ভাল হৈছে। |
| ভাত খাছে? | Bhat khase? | ভাত খালা? |
| চা খাব'? | Ca khabo? | চাহ খাবা? |
| তয় কুন গাওলা? | Toy kun gawla? | তুমি কোন গাঁৱৰ? |
| ময় তাঙাবাৰিলৗ। | Moy Tangabarilâ. | মই তাঙাবাৰীৰ। |
| এলা তয় কুমায় থাকে? | Ela toy kumay thake? | এতিয়া তুমি ক'ত থাকা? |
| তলা ঘৰৰা কুমায়? | Tola ghorra kumay? | তোমাৰ ঘৰ ক'ত? |
| মলা ঘৰৰা হাৱাখানানি। | Mola ghorra Hawakhanani. | মোৰ ঘৰ হাৱাখানাত আছে। |
| ইদৗ মগে বুজিয়ৗ দি। | Idâ Moge bujiyâ di. | এইটো মোক বুজায় দিয়া। |
| ইদৗনি লিখিক। | Idâni likhik. | ইয়াত লিখা। |
| ময় জাং। | Moy jang. | মই যাওঁ। |
| আবাৰ লাক পাব'। | Abar lak pabo. | পুনৰ লগ পাম। |
আৰু পঢ়ক
- Haldar, Gopal. 1986. A comparative grammar of East Bengali dialects. Calcutta: Puthipatra.
তথ্যসূত্ৰ
- ↑ Sustainable Development Networking Programme
- ↑ Script Source
- ↑ Ahmad, S., A. Kim, S. Kim, and M. Sangma. (2005). The Hajong of Bangladesh: A sociolinguistic survey. www.sil.org/resources/publications/entry/42943, p. 13
- ↑ Guts, Y. (2007). Phonological description of the Hajong language. Masters Thesis. Amsterdam, Vrije Universiteit
- ↑ Guts, Y. (2007). Phonological description of the Hajong language. Masters Thesis. Amsterdam, Vrije Universiteit; p 59
- ↑ Grierson, G. A. (1903-28). Linguistic survey of India. Repr. Delhi 1967. Calcutta, Motilal Banarsidass, p 215
- ↑ Phillips, V. C. (2011). "Case Marking in Hajong." In G. Hyslop, S. Morey and M. Post, Eds. North East Indian Linguistics: Volume 3. Delhi, Cambridge
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাজং ভাষা” প্ৰবন্ধৰ সংশোধন ৬২২৪৩৭ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।