অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জং জলপ্ৰপাত

জং জলপ্ৰপাত (Jung falls (Nuranang falls)) হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম। ইয়াক বং বং জলপ্ৰপাত বুলিও কোৱা হয়। ইয়াৰ উচ্চতা ১০০ মিটাৰ। ই দেশৰ এই অংশৰ আটাইতকৈ সৌন্দৰ্যশালী জলপ্ৰপাতবোৰৰ ভিতৰত এটা যদিও বহুতো ভ্ৰমণকাৰীৰে এই জলপ্ৰপাতটোৰ বিষয়ে নাজানে।

হালনাগাদ: ৩০ অক্টোবৰ ২০২২ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জং জলপ্ৰপাত (Jung falls (Nuranang falls)) হৈছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত থকা নুৰানাং জলপ্ৰপাতৰ জনপ্ৰিয় নাম।১ ইয়াক বং বং জলপ্ৰপাত বুলিও কোৱা হয়। ইয়াৰ উচ্চতা ১০০ মিটাৰ। ই দেশৰ এই অংশৰ আটাইতকৈ সৌন্দৰ্যশালী জলপ্ৰপাতবোৰৰ ভিতৰত এটা যদিও বহুতো ভ্ৰমণকাৰীৰে এই জলপ্ৰপাতটোৰ বিষয়ে নাজানে। ই জং চহৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ দূৰত টাৱাং আৰু ব’মডিলা সংযোগী পথত অৱস্থিত। এই জলপ্ৰপাতৰ কাষতে জং জলবিদ্যুৎ প্ৰকল্প আছে, য’ত স্থানীয় ব্যৱহাৰৰ বাবে বিদ্যুৎ উৎপাদিত হয়।

জং অঞ্চলত অৱস্থিত বাবে ইয়াক জং জলপ্ৰপাত বুলি কোৱা হয়।২

নুৰানাং নদী ছেলা পাছৰ উত্তৰাঞ্চলৰ পৰা উৎপন্ন হৈ যি ঠাইত আহি টাৱাং নদীত জঁপিয়াই পৰিছে ঠিক তাতে এই ৰাজকীয় জলপ্ৰপাতটোৰ উৎপত্তি হৈছে২।

কয়লা চিনেমাখনৰ তনহাই তনহাই গীতটো বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতক লৈ চলচ্চিত্ৰায়ন কৰাৰ পাছতে এই জলপ্ৰপাতটো চৰ্চালৈ আহিছিল। ১৯৯৭ চনত এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ ইয়াত সম্পন্ন হৈছিল। বলীউডৰ চলচ্চিত্ৰত দেখুওৱা অৰুণাচলৰ এইটো প্ৰথম দৃশ্যগ্ৰহণ আছিল আৰু দ্বিতীয়টো আছিল ২০২০ চনত হিয়া দিয়া নিয়াৰ "মিঠা মিঠা" নামৰ এটা গান।

লগতে চাওঁক

  1. অৰুণাচল প্ৰদেশ
  2. টাৱাং জিলা
  3. ছেলা পাছ

তথ্যসূত্ৰ

  1. ↑ Nuranang Waterfall Jang, Tawang. tawang.nic.in/
  2. ↑ Jung Waterfalls. www.gosahin.com/

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ পৰ্যটনস্থলীঅৰুণাচল প্ৰদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জং জলপ্ৰপাত” প্ৰবন্ধৰ সংশোধন ৩৩৬২৬৬ (৩০ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।