শাৰদ পূৰ্ণিমা (Sharad Purnima) হৈছে হিন্দু চান্দ্ৰবৰ্ষৰ আহিন মাহৰ পূৰ্ণচন্দ্ৰ তিথিত পালন কৰা এক কৃষি উৎসৱ। এই উৎসৱক যাক কুমাৰা পূৰ্ণিমা, কোজাগীৰি পূৰ্ণিমা, নৱণ পূৰ্ণিমা, আৰু কৌমুদী পূৰ্ণিমা বুলিও কোৱা হয়।১ মৌচুমী ঋতুৰ সমাপ্তিৰ চিহ্ন হিচাপে এই উৎসৱ পালন কৰা হয়। এই উৎসৱৰ দিনত, শিৱ পাৰ্বতি, ৰাধাকৃষ্ণ আৰু লক্ষ্মী নাৰায়ণৰ দৰে বহুতো দিব্য যুগলক চন্দ্ৰৰ সৈতে পূজা কৰা হয় আৰু ফুল আৰু পায়স (চাউল আৰু গাখীৰেৰে নিৰ্মিত মিঠা ব্যঞ্জন) আগবঢ়োৱা হয়। মন্দিৰত থকা দেৱতাসকলক সাধাৰণতে চন্দ্ৰৰ উজ্জ্বলতা বুজাবলৈ বগা ৰঙৰ বস্ত্ৰেৰে আভূষিত কৰা হয়। বহু লোকে এই দিনটোত সম্পূৰ্ণ উপবাসে থাকি পালন কৰে।
এই দিনটো দেশৰ বিভিন্ন প্ৰান্তত পৃথকভাৱে পালন কৰা হয়। ওড়িশাত, এই দিনটোতে অবিবাহিত মহিলাসকলে তেওঁলোকৰ উপযুক্ত পতি (কুমাৰা) পোৱাৰ লোকবিশ্বাস মতে উপবাস পালন কৰে। এই উৎসৱৰ আৰম্ভণিতে মহিলাসকলে নাৰিকলৰ পাতেৰে নিৰ্মিত 'কুলা' নামৰ এটা কলহত ভজা ধান আৰু নাৰিকল, কল, তিঁয়হ, তামূল, পান, কুহিয়াৰ, মধুৰিআম আদি ৭ বিধ ফলৰ সৈতে আৰতি কৰি সূৰ্যোদয়ৰ লগে লগে সূৰ্য্য দেৱতাক স্বাগতম জনাই। সন্ধিয়া তেওঁলোকে 'তুলসী'ৰ সন্মুখত ফল, দধি আৰু গুৰৰ সৈতে ৰাতিপুৱাৰ ভজা চাউলৰ খাদ্য প্ৰস্তুত কৰি উপবাস ভঙ্গ কৰে। ইয়াৰ পিছত তেওঁলোকে পূৰ্ণচন্দ্ৰৰ পোহৰত খেল আৰু নৃত্য−গীত কৰে। গুজৰাটৰ বহু অংশত, চন্দ্ৰৰ পোহৰত গৰ্বা (নৃত্যৰ এটা প্ৰকাৰ) নৃত্য কৰা হয়।
কোজাগৰী পূৰ্ণিমাত কোজাগাৰী ব্ৰত পালন কৰা হয়। দিনটোৰ উপবাসৰ পিছত ৰাতি চন্দ্ৰৰ পোহৰত এই ব্ৰত পালন কৰা হয়। সমৃদ্ধিৰ হিন্দু দেৱী লক্ষ্মীক এই দিনটোত যথেষ্ট ভাৱে আৰাধনা কৰা হয় কিয়নো ইয়াক তেওঁৰ জন্মদিন বুলি বিশ্বাস কৰা হয়।২ বৰষুণৰ দেৱতা ইন্দ্ৰৰ লগতে তেওঁৰ হাতী ঐৰাৱতকো এই দিনটোত পূজা কৰা হয়। এই শাৰদীয় পুৰ্ণিমাৰ নিশাতেই গোপীসকলৰ সৈতে ৰাধাকৃষ্ণৰ ৰাস (নৃত্যৰ ৰূপ) নৃত্যও হৈছিল বুলি বিশ্বাস কৰা হয়। এই দিব্য ৰাসত অংশগ্ৰহণ কৰিবলৈ ভগৱান শিবই গোপেশ্বৰ মহাদেৱৰ ৰূপ ধাৰণ কৰিছিল। এই নিশাৰ উজ্জ্বল বৰ্ণনা ব্ৰহ্ম পুৰানা, স্কন্দ পুৰানা, আৰু লিংগ পুৰনাতো উল্লেখ কৰা হৈছে। লগতে এই পূৰ্ণচন্দ্ৰৰ নিশা দেৱী লক্ষ্মী মানুহৰ কাৰ্য−কলাপ চাবলৈ পৃথিৱীত নামি আহে বুলিও বিশ্বাস কৰা হয়।
তথ্যসূত্ৰ
- ↑ (1976). Maharashtra State Gazetteers: Ahmednagar. Director of Government Printing, Stationery and Publications, Maharashtra State. পৃ. 282
- ↑ (October 5, 2017). Sharad Purnima 2017: Laxmi Puja or Kojagiri Purnima Date(Tithi), Significance and Bhog Rituals. NDTV.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদ পূৰ্ণিমা” প্ৰবন্ধৰ সংশোধন ৫৪৯২৩৩ (৯ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।