ভাৰতীয় মহিলা গণিতজ্ঞ
২৩ প্ৰবন্ধ
-
টি. এ. সৰস্বতী আম্মা
টেকাথ আমায়ানকট্টুকুৰুচ্চি কালাথিল সৰস্বতী (Tekkath Amayankottukurussi Kalathil Sarasvati) চমুকৈ টি. এ. সৰস্বতী আম্মা (জন্ম: ২৬ ডিচেম্বৰ ১৯১৮ – ১৫ আগষ্ট ২০০০) এগৰাকী ভাৰতীয় শিক্ষাবিদ, পণ্ডিত, গৱেষক, গণিতজ্ঞ। তেখেতৰ জন্ম হৈছিল কেৰালাৰ পালাক্কাড় জিলাৰ চেৰপুলাচ্চেৰীত।
-
ইন্দুলতা শুক্লা
ইন্দুলতা শুক্লা (জন্ম- ৭ মাৰ্চ, ১৯৪৪) হৈছে অংকৰ এগৰাকী ভূতপূৰ্ব অধ্যাপক। উৰিষ্যাস্থিত সম্বলপুৰ বিশ্ববিদ্যালয়ত তেখেতে তিনি দশকতকৈও অধিক কাল অধ্যাপনা কৰিছিল। তেখেতৰ জন্ম হৈছিল বাড়িপাড়াত।
-
কান্তা গুপ্তা
চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬) আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়। বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।
-
ভামা শ্ৰীনিবাসন
ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়।
-
মংগলা নাৰ্লিকাৰ
মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।
-
ৰামন পৰিমালা
ৰামন পৰিমালা (জন্ম ২১ নৱেম্বৰ, ১৯৪৮) এগৰাকী ভাৰতীয় গণিতজ্ঞ। বীজগণিতৰ ক্ষেত্ৰত অৱদানৰ বাবে তেখেতে সুনাম অৰ্জন কৰিছে। বৰ্তমান তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এমৰী বিশ্ববিদ্যালয়ত গণিতৰ কলা আৰু বিজ্ঞান বিশিষ্ট অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ৰেণুকা ৰবিন্দ্ৰন
ৰেনুকা ৰবিন্দ্ৰন (জন্ম নাম: ৰেনুকা ৰাজগোপালন) ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী মহিলা ডিন আছিল।
-
অজিৎ ইকবাল সিং
অজিৎ ইকবাল সিং (জন্ম ১৯৪৩)হৈছে এগৰাকী ভাৰতীয় অংকবিদ। তেখেতৰ বিশিষ্টতা হৈছে "কাৰ্যকৰী বিশ্লেষণ" আৰু "হৰাত্মক বিশ্লেষণ"। ভাৰতীয় বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদৰ শীৰ্ষতম অনুষ্ঠান "ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী"ৰ(INSA) তেখেত এগৰাকী সভ্য।
-
অপৰ্ণা হিগিনছ্
অপৰ্ণা ডব্লিউ হিগিনছ্ (Aparna W. Higgins) এগৰাকী গণিতজ্ঞ। গণিতৰ বিষয়ত গৱেষণা কৰিবলৈ নতুন চাম গণিতজ্ঞক উৎসাহিত কৰাৰ ক্ষেত্ৰত তেখেতে অগ্ৰণী ভূমিকা পালন কৰিছে। তেখেতৰ মূল গৱেষণাক্ষেত্ৰ "সাধাৰণ বীজগণিত" যদিও শেহতীয়াকৈ লেখ তত্ত্ব, গ্ৰাফ পেবলিং, আৰু ৰেখা লেখ আদিৰ বিষয়তো তেখেতে গৱেষণাৰ পৰিসৰ বঢ়াইছে।
-
ঊষাদেৱী ভোছলে
ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে। তেখেতে moduli spaces of bundlesত অধ্যয়ন কৰিছে।
-
কবিতা ৰামানন
কবিতা ৰামানন হৈছে এগৰাকী সম্ভাৱিতা তত্ত্ববিদ। তেখেতে ব্ৰাউন বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক গণিতৰ অধ্যাপক।
-
গীতা ভেংকটৰমণ
গীতা ভেংকটৰমণ (Geetha Venkataraman, জন্ম: ২৯ আগষ্ট ১৯৬৭) এগৰাকী ভাৰতীয় মহিলা গণিতজ্ঞ। গীতা ভেংকটৰমণ বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ "স্কুল অব লিবাৰেল ষ্টাডিজ"ৰ এগৰাকী গণিতৰ অধ্যাপক। ইয়াৰ পূৰ্বে তেওঁ ১৯৯৩ চনৰ ছেপ্তেম্বৰৰ পৰা ২০১০ চনলৈ চেইণ্ট ষ্টিফেন্স কলেজ, দিল্লীৰ গণিত বিভাগত অধ্যাপনা কৰিছিল।
-
নীলাঞ্জনা দত্ত
নীলাঞ্জনা দত্ত হ'ল এগৰাকী ভাৰতীয় বংশোদ্ভত ব্ৰিটিছ অংকবিদ। তেওঁৰ বিষয় হৈছে কোৱাণ্টাম তথ্য তত্ত্ব। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ "প্ৰায়োগিক গণিত আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞান" বিভাগত তেওঁ এই বিষয়টোত ৰিডাৰ হিচাপে নিযুক্ত। ইয়াৰ উপৰি তেওঁ পেম্ব্ৰক মহাবিদ্যালয়ৰো এগৰাকী সভ্য।
-
বাসন্তী এন. ভাটনায়ক
বাসন্তী এন. ভাটয়ানকএগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতৰ গৱেষণাই "সুষম অসম্পূৰ্ণ ব্লক ডিজাইন"(balanced incomplete block design), "দ্বিখণ্ডিত লেখ"(bivariegated graph),"গ্ৰেচফুল লেখ"(graceful graph), "লেখ সমীকৰণ", আৰু "কম্পনাংক বিভাজন"ক(frequency partition) সামৰি লয়।
-
বৈজয়ন্তী চাৰী
বৈজয়ন্তী চাৰী (Vyjayanthi Chari; জন্ম: ১৯৫৮) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে ৰিভাৰচাইডত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত গণিত বিষয়ত অধ্যাপনাৰত। তেখেতে উপস্থাপন-তত্ত্ব আৰু কোৱাণ্টাম বীজগণিত সম্পৰ্কে গৱেষণা কৰিছে।
-
ভানাজা আয়েংগাৰ
ভানাজা আয়েংগাৰ (মৃত্যু-২০০১) আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু শিক্ষাবিদ। অন্ধ্ৰ প্ৰদেশত থকা তিৰুপতিস্থিত পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়মৰ তেখেত উপাচাৰ্য আছিল। "অন্ধ্ৰ মহিলা সভা স্কুল অৱ ইনফৰমেটিকছ"ৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা আছিল।
-
ভি. লক্ষ্মীবাই
ভেংকটৰমন লক্ষ্মীবাই (V. Lakshmibai) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে বষ্টনস্থিত নৰ্থ-ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ত গণিতৰ অধ্যাপক। তেখেতে বীজগণিতীয় জ্যামিতি, বীজগণিতীয় গোটৰ তত্ত্ব, উপস্থাপন তত্ত্ব আদি সম্পৰ্কে গৱেষণা কৰিছে।
-
মিথিলী ৰামস্বামী
মিথিলী ৰামস্বামী (জন্ম: ৬ জুন ১৯৫৪) এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেওঁ বেংগালুৰুস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ টিআইএফআৰ প্ৰযোজ্য গণিত কেন্দ্ৰত গণিতৰ অধ্যাপিকা হিচাপে কৰ্মৰত। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে কাৰ্যবিশ্লেষণ, আংশিক বিভেদ সমীকৰণ আৰু নিয়ন্ত্ৰণ তত্ত্ব।
-
সীমা নন্দা
সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে।
-
সুজাতা ৰামদ'ৰাই
সুজাতা ৰামদ'ৰাই (জন্ম-১৯৬২) হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো (Canada Research Chair) অধিকাৰী।তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল…
-
হেমা শ্ৰীনিবাসন
হেমা শ্ৰীনিবাসন (জন্ম ১৯৫৯) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেত পৰিৱৰ্তিত বীজগণিত আৰু বীজগণিতীয় জ্যামিতিত বিশেষজ্ঞা। ভাৰতীয় বংশোদ্ভূত এইগৰাকী অংকবিদে মিছৌৰী বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপনা কৰি আছে। শ্ৰীনিবাসন আছিল ভাৰতীয় বিজ্ঞান প্ৰতিভাৰ এগৰাকী বৃত্তিভোগী ছাত্ৰী(১৯৭৫)।
-
ৰাধা কেচ্চাৰ
ৰাধা কেচ্চাৰ (Radha Kessar) এগৰাকী ভাৰতীয় গণিতজ্ঞ যি 'সসীম গোটৰ উপস্থাপন তত্ত্ব' (Representation theory of finite groups) সম্পৰ্কে কৰা গৱেষণাৰ বাবে জনাজাত। তেখেতে লণ্ডত বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। ২০০৯ চনত লণ্ডন গাণিতিক সমাজৰ পৰা তেখেতে "বাৰৱিক বঁটা" অৰ্জন কৰে।
-
ৰেণু চি. লস্কৰ
ৰেণু চক্ৰৱৰ্তী লস্কৰ (জন্ম-১৯৩২) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্বলৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।