অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাধা কেচ্চাৰ

ৰাধা কেচ্চাৰ (Radha Kessar) এগৰাকী ভাৰতীয় গণিতজ্ঞ যি 'সসীম গোটৰ উপস্থাপন তত্ত্ব' (Representation theory of finite groups) সম্পৰ্কে কৰা গৱেষণাৰ বাবে জনাজাত। তেখেতে লণ্ডত বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। ২০০৯ চনত লণ্ডন গাণিতিক সমাজৰ পৰা তেখেতে "বাৰৱিক বঁটা" অৰ্জন কৰে।

হালনাগাদ: ৮ জুলাই ২০২৪ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ৰাধা কেচ্চাৰ (Radha Kessar) এগৰাকী ভাৰতীয় গণিতজ্ঞ যি 'সসীম গোটৰ উপস্থাপন তত্ত্ব' (Representation theory of finite groups) সম্পৰ্কে কৰা গৱেষণাৰ বাবে জনাজাত। তেখেতে লণ্ডত বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক। ২০০৯ চনত লণ্ডন গাণিতিক সমাজৰ পৰা তেখেতে "বাৰৱিক বঁটা" অৰ্জন কৰে।

শিক্ষা আৰু কৰ্মজীৱন

  • কেচ্চাৰে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ১৯৯১ চনত স্নাতক ডিগ্ৰী লাভ কৰে।
  • ১৯৯৫ চনত তেখেতে অহাইঅ' ষ্টেইট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণা-শীৰ্ষক আছিল: 'Blocks And Source Algebras For The Double Covers Of The Symmetric Groups'। ৰোনাল্ড ছ'ল'মন আছিল তেখেতৰ তত্ত্বাৱধায়ক।
  • কেচ্চাৰে য়ালে বিশ্ববিদ্যালয় আৰু মাইন্নেছ'টা বিশ্ববিদ্যালয়ত অনাবাসিক সহযোগী অধ্যাপকৰ পদত অধ্যাপনা কৰে। তাৰ পাছত তেখেতে ইউনিভাৰ্ছিটি কলেজ, লণ্ডনত 'ৱেৰ জুনিয়ৰ গৱেষক সদস্য' হিচাপে কৰ্মনিৰ্বাহ কৰে। তাত দায়িত্ব পালন কৰি ৰাধা কেচ্চাৰ ২০০২ চনত অহাইঅ' ষ্টেট বিশ্ববিদ্যালয়লৈ ঘূৰি আহে আৰু সহযোগী অধ্যাপক হিচাপে যোগদান কৰে।
  • ২০০৫ চনত কেচ্চাৰে এবাৰডন বিশ্ববিদ্যালয়লৈ যায়। আৰু ২০১২ চনৰ চেপ্টেম্বৰত পুনৰ চিটি, ইউনিভাৰ্ছিটি অৱ লণ্ডনলৈ উভতি যায়।১

গ্ৰন্থ

মাইকেল এচ্চবেকাৰ আৰু বব অলিভাৰৰ সৈতে তেখেতে 'বীজগণিত আৰু ট'প'লজিত একীকৰণ প্ৰণালী'(Fusion Systems in Algebra and Topology) নামৰ গ্ৰন্থখন লিখে। গ্ৰন্থখন ২০১১ চনত কেমব্ৰিজ বিশ্ববিদ্যালয় প্ৰেছৰ পৰা প্ৰকাশিত হয়।

স্বীকৃতি

ভৱিষ্যতৰ চিটি কলেজৰ সহকৰ্মী জোচেফ চোৱাঙৰ সৈতে যুটীয়াভাৱে কেচ্চাৰে ২০০৯ চনত বাৰৱিক বঁটা লাভ কৰে। তেওঁলোকৰ গৱেষণাপত্ৰৰ নাম আছিল-"Symmetric Groups, Wreath Products, Morita Equivalences and Broué's Abelian Defect Conjecture".

সদস্য

  • ২০০৮ চনৰ পৰা এতিয়ালৈকে ৰাধা কেচ্চাৰে চিটি ইউনিভাৰ্চিটি অৱ লণ্ডনক 'লণ্ডন গাণিতিক সমাজ'ত প্ৰতিনিধিত্ব কৰি আহিছে।
  • এডিনবাৰ্গ গাণিতিক সমাজৰ তেখেত এগৰাকী সাধাৰণ সদস্য। (২০০৭-বৰ্তমানলৈকে)১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ radha. city university of london

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধা কেচ্চাৰ” প্ৰবন্ধৰ সংশোধন ৪২৫১৬৬ (৮ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।