অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰেণু চি. লস্কৰ

ৰেণু চক্ৰৱৰ্তী লস্কৰ (জন্ম-১৯৩২) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্বলৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰেণু চক্ৰৱৰ্তী লস্কৰ (জন্ম-১৯৩২) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান গণিতজ্ঞ। তেখেতে লেখ তত্ত্বলৈ বিশেষ বৰঙনি আগবঢ়াইছে। ক্লেমছন বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞানৰ তেখেতে "এমৰিটা অধ্যাপক"। ১৯৬২ চনত তেখেতে ইলিঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ বিষয়ত গৱেষণা কৰি ডক্তৰেট ডিগ্ৰী লাভ কৰে। উল্লেখনীয় যে, এইখন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰা তেখেত প্ৰথমগৰাকী ভাৰতীয় মহিলা। ১

লস্কৰে "ডমিনেছন নাম্বাৰ" আৰু "বৃত্তীয় চাপ লেখ"ৰ তত্ত্বলৈও অৱদান আগবঢ়াইছে। পাউল আৰড'ছ সৈতে তেখেতে চাৰিখন গৱেষণাপত্ৰ লিখিছে। য'ত তেখেতক "আৰড'ছ সংখ্যা" হিচাপে 'এক' দিয়া হয়।২ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, খড়্গপুৰৰ তেখেত প্ৰথমগৰাকী মহিলা অধ্যাপক। ১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰেণু চি. লস্কৰৰ জন্ম হৈছিল ভাৰতৰ বিহাৰত। পৰিয়ালৰ সহযোগিতা আৰু সমৰ্থনৰ জোৰত তেখেতে পঢ়াশলীয়া আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰে। সেইছোৱা সময়ত নাৰীশিক্ষাক সমাজত বৰকৈ উৎসাহিত কৰা হোৱা নাছিল। তাৰ কাৰণ আছিল ভাৰতত প্ৰচলিত কেতবোৰ সাংস্কৃতিক পৰম্পৰা। তেনে এক সময়তে ৰেণুৱে গণিতৰ প্ৰতি থকা আকৰ্ষণ অনুভৱ কৰিছিল। ১৯৫৫ চনত তেখেতে বি.আৰ. আম্বেদকাৰ বিহাৰ বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ১৯৫৮ চনত তেখেত জ্যেষ্ঠ ভ্ৰাতৃৰ অনুৰোধমৰ্মে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ডক্তৰেট ডিগ্ৰীৰ বাবে পঢ়া-শুনা কৰিবলৈ যায়। আৰ্বানা-কেম্পেইনত থকা ইলঅ'নয়ছ বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ১৯৬২ চনত ডক্তৰেট ডিগ্ৰী গ্ৰহণ কৰে। হেনৰি ৰয় ব্ৰাহানা আছিল তেখেতৰ গৱেষণাৰ তত্ত্বাৱধায়ক-উপদেষ্টা। এইখন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰা তেখেত প্ৰথমগৰাকী ভাৰতীয় মহিলা। তাৰপাছত তেখেত ভাৰতলৈ ঘূৰি আহে আৰু খড়্গপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে। সেইখন প্ৰতিষ্ঠানৰ তেখেতৰ প্ৰথমগৰাকী মহিলা অধ্যাপক আছিল। তাৰ তিনি বছৰৰ পিছত তেখেত আমেৰিকালৈ ঘূৰি যায় আৰু প্ৰথমে নৰ্থ কেৰোলিনা আৰু পাছলৈ ক্লেমছন বিশ্ববিদ্যালয়ত ১৯৬৮ চনত যোগদান কৰে। ১

শৈক্ষিক জীৱন

গণিতৰ ক্ষেত্ৰখনত মহিলাৰ বাবে থকা সকলো সুবিধাই ৰেণু লস্কৰে পূৰ্ণোদ্যমেৰে গ্ৰহণ কৰে আৰু এইখন ক্ষেত্ৰত কেতবোৰ নতুন মান নিৰ্ধাৰণ কৰে। তেখেত "বিমূৰ্ত গণিত" বিষয়ত সৰ্বাধিক সংখ্যক প্ৰবন্ধ লিখা মহিলা গণিতজ্ঞ। মেথছাইনেটৰ মতে তেখেতৰ প্ৰকাশিত প্ৰবন্ধৰ সংখ্যা এশতকৈও অধিক। এই সাফল্যৰ বাবে কিছু কৃতিত্ব দিব পাৰি তেওঁৰ সহযোগিতা নেটৱৰ্কটোক। তেওঁৰ লগত সহযোগী হিচাপে কাম কৰা ব্যক্তিৰ ভিতৰত ৰাজ চন্দ্ৰ বোস, পাউল আৰডোছ আদি প্ৰধান। তেখেতে গৱেষক ছাত্ৰ-ছাত্ৰীৰ উপদেশদাতা হিচাপেও কিছু সফলতা লাভ কৰিছে। ১৯৮৬ চনত লস্কৰ আৰু ষ্টিভ হেডেটনিয়েমিয়ে ক্লেমছন বিশ্ববিদ্যালয়ত বিমূৰ্ত গণিত সম্পৰ্কে নাতিদীৰ্ঘ সন্মিলন এখন অনুষ্ঠিত কৰিছিল। এইখন সন্মিলনলৈ প্ৰত্যেক বছৰে বিভিন্ন দেশৰ গণিতানুৰাগীৰ আগমন ঘটে। ৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Renu Laskar: Changing Obstacles into Opportunities - AWM Association for Women in Mathematics. google.com
  2. ↑ Erdös Number Project - The Erdös Number Project- Oakland University. oakland.edu
  3. ↑ History of Mathematical Sciences at Clemson University. clemson.edu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞগণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞভাৰতীয় শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেণু চি. লস্কৰ” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৮৫ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।