ভানাজা আয়েংগাৰ (মৃত্যু-২০০১) আছিল এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু শিক্ষাবিদ।১ অন্ধ্ৰপ্ৰদেশত থকা তিৰুপতিস্থিত পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়মৰ তেখেত উপাচাৰ্য আছিল।২ "অন্ধ্ৰ মহিলা সভা স্কুল অৱ ইনফৰমেটিকছ"ৰ তেখেত এগৰাকী অন্যতম প্ৰতিষ্ঠাতা আছিল।৩ ১৯৮৭ চনত ভাৰত চৰকাৰে তেখেতক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা "পদ্মশ্ৰী" আগবঢ়ায়।৪
জীৱনী
অবিভক্ত অন্ধ্ৰপ্ৰদেশত জন্মলাভ কৰা, ভানাজা আয়েংগাৰে তেওঁৰ প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰিছিল হাইদৰাবাদত।৫ ১৯৫০ চনত তেখেতে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিতত উচ্চ শিক্ষা গ্ৰহণ কৰে। তাৰপিছত তেখেতে য়'গোশ্লাভিয়া, চেক শ্ল'ভাকিয়া আৰু হাংগাৰী ভ্ৰমণ কৰে।৬ ওছমানিয়া বিশ্ববিদ্যালয়ত তেখেতে এগৰাকী অধ্যাপক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। সেইখন বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ইউনিভাৰ্ছিটি কলেজ ফ'ৰ অমেন আৰু ওছমানিয়া ওমেন'ছ কলেজ আৰু নিজাম কলেজত কৰ্মত নিয়োজিত হয়।৬
ওছমানিয়াত কাৰ্যনিৰ্বাহৰ সময়ত তেখেতে ১৯৫৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গণিতত ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে। ওছমানিয়া বিশ্ববিদ্যালয়ত তেখেতে এগৰাকী ৰিডাৰ, অধ্যাপক, গণিতৰ বিভাগৰ মুৰব্বীৰ দায়িত্ব পালন কৰাৰ লগতে "ইউনিভাৰ্ছিটি কলেজ ফ'ৰ অমেন"ৰ অধ্যক্ষাৰ আসনতো অধিষ্ঠিত হৈছিল।৫ তাৰ লগতে তেখেতে উপাচাৰ্যৰ পদতো কিছুসময়ৰ কাৰণে বহে।৬ যেতিয়া ১৯৮৩ চনত শ্ৰী পদ্মাৱতী মহিলা বিশ্ববিদ্যালয়ম স্থাপিত হয়, তেখেতেক সেইখন শিক্ষানুষ্ঠানৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হয়। এইটো পদত তেখেত ১৯৮৬ চনলৈকে থাকে।৭ ওছমানিয়া বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ তেখেত এগৰাকী প্ৰতিষ্ঠাপক সদস্য।৬ "অন্ধ্ৰ মহিলা সভা"ৰ তেখেত এগৰাকী আজীৱন সদস্যা। পাছলৈ তেখেত এই অনুষ্ঠানটোৰ উপ-সভাপতি আৰু সভাপতি হয়গৈ। ১৯৯৪ চনৰ পৰা মৃত্যু পৰ্যন্ত তেখেত এই পদত অধিষ্ঠিত হৈ থাকে।৬ শিক্ষা সম্পৰ্কে তেখেতে বহুকেইটা প্ৰবন্ধ লিখিছে।২৮
বঁটা আৰু স্বীকৃতি
১৯৮৭ চনত ভাৰত চৰকাৰে ভানাজা আয়েংগাৰক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে।৪ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ পৰা তেখেতে শ্ৰেষ্ঠ শিক্ষকৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও ৰাজীৱ গান্ধী ন্যাসৰ তেখেত এগৰাকী সভ্য।৬
মৃত্যু
২০০১ চনত ভানাজা আয়েংগাৰে শেষনিশ্বাস ত্যাগ কৰে। তেখেতৰ স্বামী মোহিত সেনে (এগৰাকী বাওঁপন্থী বুদ্ধিজীৱী) দুবছৰৰ আগতে মৃত্যুক সাৱটি লৈছিল।৯
তথ্যসূত্ৰ
- ↑ (18 May 2003). A man called Mohit Sen. The Hindu
- ↑ (2015). Kameswaramma Kuppuswamy Memorial Lecture. Indian Institute of World Culture
- ↑ (2015). AMS School of Informatics. AMS School of Informatics
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (2015). Vanaja Iyengar. Inflibnet
- ↑ (2015). Prof (Smt) Vanaja Iyengar –Founder AMSSOI. Bispindia
- ↑ (2015). Mohit Sen (An Autobiography). Exotic India
- ↑ A. Ranganathan; Madhav Pundalik Pandit; Saligrama Krishna Ramachandra Rao. (1986). Sir William Jones: Savant Extraordinary and Cultural Envoy, Issues 64–71. Indian Institute of World Culture
- ↑ (4 May 2003). Veteran communist leader Mohit Sen dead. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানাজা আয়েংগাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০০৯৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।