ৰোশ্নি চোপ্ৰা (ইংৰাজী ভাষা: Roshni Chopra) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন ঘোষিকা আৰু এনডিটিভি ইমাজিনৰ ৰিয়েলিটী শ্ব’ দিল জীতেগী দেশী গাৰ্লৰ বিজয়ী।১ তেওঁ জী টিভিৰ ধাৰাবাহিক কচম চেৰ তিনিগৰাকী মুখ্য মহিলা চৰিত্ৰৰ অন্যতম 'পিয়া'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেও পৰিচিত।২
কৰ্মজীৱন
তেওঁ জী টিভিৰ ধাৰাবাহিক কচম চেত তিনিগৰাকী মুখ্য মহিলা চৰিত্ৰৰ অন্যতম তথা নায়িকা বাণী ৱালিয়াৰ কনিষ্ঠ ভগ্নী 'পিয়া'ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে আটাইতকৈ বেছি পৰিচিত। আৱাৰ ওন ইংলিছ হাইস্কুলৰ প্ৰাক্তন ছাত্ৰী ৰোশ্নিয়ে দূৰদৰ্শনত সম্প্ৰচাৰিত ক্ৰিকেটৰ প্ৰাক-মেচ আৰু উত্তৰ-মেচ অনুষ্ঠান ফ’ৰ্থ আম্পায়াৰৰ ঘোষিকা হিচাপেও কাম কৰিছিল।
২০১১ চনৰ ১২ আগষ্টত মুক্তি পোৱা বিক্ৰম ভাটৰ ছবি ফিৰত চোপ্ৰাই অভিনয় কৰিছিল। তেওঁ ২০০৯-১০ বৰ্ষত চনী টিভিৰ অনুষ্ঠান কমেডী চাৰ্কাছ টিন কা তডকাৰ আঁত ধৰিছিল আৰু ষ্টাৰ স্পৰ্টছৰ হিৰোজ – মোমেণ্টছ এণ্ড মেমৰিজৰ ঘোষিকা আছিল। ইয়াৰ উপৰি তেওঁ চনী টিভিৰ ভৌতিক ধাৰাবাহিক 'আহট'ৰ এটা খণ্ড 'মৌত কা খেল'ত অভিনয় কৰিছিল। তেওঁ কালৰ্ছ টিভিৰ কমেডী নাইটছ উইথ কপিলতো কাম কৰিছিল।
২০১১ চনৰ ২৯ জানুৱাৰীৰপৰা ষ্টাৰ প্লাছত সম্প্ৰচাৰিত হোৱা প্যাৰ মে টুইষ্ট নামৰ ধাৰাবাহিকখনত তেওঁক দেখা গৈছিল। ৩
তেওঁ পেৰিছত অনুষ্ঠিত হোৱা 'পেৰিছ অট কুটিৰ উইক ফল/উইণ্টাৰ ২০২৩-২০২৪'ত অংশগ্ৰহণ কৰিছিল। ৪
ব্যক্তিগত জীৱন
চোপ্ৰাৰ কনিষ্ঠ ভগ্নী দিয়া চোপ্ৰাও এগৰাকী অভিনেত্ৰী। চোপ্ৰা চলচ্চিত্ৰ নিৰ্মাতা সিদ্ধাৰ্থ আনন্দ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। তেওঁৰ দুটি সন্তান আছে। ৫৬
তথ্যসূত্ৰ
- ↑ Roshni Chopra bags Desi Girl title. Hindustan Times
- ↑ (8 March 2018). This Kasamh Se actress is set to make her digital debut. India Today
- ↑ Cannes 2023: This Indian Celeb Was Also There - Wearing Sneakers With Her Gown. NDTV.com
- ↑ (4 July 2023). Things aren't as bad here: Roshni Chopra on being in Paris amid the riots. Hindustan Times
- ↑ Mattoo, Seema. (10 July 2016). Roshni Chopra expecting her second child. The Times of India
- ↑ (29 August 2016). Roshni Chopra shares first photo of her newborn son with a lovely poem, see pic. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোশ্নি চোপ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৯৮৩৯৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।