ৰোজলিন খান এগৰাকী মুম্বাইৰ অভিনেত্ৰী আৰু পেটা মডেল।১ তেওঁ স্তন কেন্সাৰ সজাগতামূলক কাৰ্য্যকলাপৰ বাবে পৰিচিত।২
কেৰিয়াৰ
খানে টেলিভিছনৰ বিজ্ঞাপনত অভিনয় কৰে, বিশেষকৈ ফ্ৰুইটি ড্ৰিংক, মনাকো বিস্কুট আৰু কেলভিনেটৰৰ বাবে।৩
তেওঁ ধমা চৌকধি চলচ্চিত্ৰত সঞ্জয় মিশ্ৰ, মুকেশ তিৱাৰী আৰু দীপ্ৰজ ৰানাৰ সৈতে অভিনয় কৰে। ২০১৩ চনৰ ২৭ জুলাইত খানে ঘোষণা কৰে যে তেওঁ নিজাকৈ ৱেব-কমিকৰে প্ৰথমগৰাকী বলীউডৰ তাৰকা হ’ব।৪ ৪ আগষ্টত তেওঁৰ ৱেবছাইটত মুকলি কৰা হৈছিল কমিকখন। লগতে খানে সবিতা ভাভি চিনেমাৰ মুখ্য চৰিত্ৰও গ্ৰহণ কৰে।
তেওঁ২০১৮ চনত দংগল টিভিৰ ক্ৰাইম শ্ব' ক্ৰাইম এলাৰ্টৰ যোগেদি টেলিভিছন শ্ব'ত অভিনয় আৰম্ভ কৰে।৫
ফিল্মগ্ৰাফী
চলচ্চিত্ৰ
| বছৰ | শীৰ্ষ | ভূমিকা | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১২ | ধমা চৌকদি | মুখ্য অভিনেত্ৰী | হিন্দী ভাষা | |
| ২০১৩ | সবিতা ভাভি | সবিতা ভাভি | হিন্দী | কণ্ঠৰ ভূমিকা |
| ২০১৬ | জী লেনে দো একপল | মুখ্য অভিনেত্ৰী | হিন্দী ভাষা |
টেলিভিশন
| বছৰ | শীৰ্ষ | ভূমিকা | ভাষা | টোকা |
|---|---|---|---|---|
| ২০১৮ | ক্ৰাইম এলাৰ্ট | মুখ্য অভিনেত্ৰী | হিন্দী ভাষা | ৬ |
ফটো গেলাৰী



তথ্যসূত্ৰ
- ↑ (24 April 2012). Rozlyn Khan bathes in 'blood' for PETA. Hindustan Times
- ↑ (30 March 2012). Model Rozlyn Khan strips for women!. India Today
- ↑ (25 March 2014). Rozlyn Khan—the next Savita Bhabhi. Manga Mags
- ↑ Bharati Dubey, TNN. (28 July 2013). Rozlyn Khan sketched in an online porn comic. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (2 August 2018). Rozlyn Khan to make TV debut with crime show. Times of India
- ↑ (2 August 2018). Rozlyn Khan to make TV debut with crime show. business-standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোজলিন খান” প্ৰবন্ধৰ সংশোধন ৫৪৫৯৯৬ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।