ৰেখা ৰাণা (ইংৰাজী ভাষা: Rekha Rana) এগৰাকী বলিউডৰ অভিনেত্ৰী, নাট্য শিল্পী আৰু ২০০৭ চনৰ মিছ দিল্লী, ফটোজেনিক ফেচ তথা বিউটিফুল স্মাইল খিতাপ বিজয়ী। তেওঁ দক্ষিণ আফ্ৰিকাৰ 'ষ্টাৰ এনজিঅ নামৰ এটা বেচৰকাৰী সংস্থা আৰু 'ছেভ আৱাৰ ৱমেন' অভিযানৰ ব্ৰেণ্ড এম্বেছেডৰ।১ আন্না হাজাৰেৰ ধৰ্ণাৰ বিষয়-বস্তুক লৈ নিৰ্মিত তেওঁৰ প্ৰথমখন ছবি আব হোগা ধৰ্ণা আনলিমিটেড'' ২০১২ চনৰ ১৩ এপ্ৰিলত মুক্তি লাভ কৰিছিল।২৩
প্ৰাৰম্ভিক জীৱন
ৰেখা ৰাণাৰ জন্ম ভাৰতৰ নতুন দিল্লীত হৈছিল। তেওঁ নতুন দিল্লীৰ গ্ৰীণ ফিল্ড হাইস্কুলত স্কুলীয়া জীৱন অতিবাহিত কৰিছিল। তেওঁ স্কুলত পঢ়ি থকা সময়ত নৃত্য, সন্তৰণ আৰু নাটককে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। দিল্লী কলেজ অৱ আৰ্টছ এণ্ড কমাৰ্চৰপৰা ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ অভিনয়ৰ প্ৰতি থকা হেঁপাহ বৃদ্ধি কৰিবলৈ বেৰী জন এক্টিং স্কুলত যোগদান কৰে।৪৫
কৰ্মজীৱন
২০১০ চনৰ ৰাঙছ ছিংগাপুৰ ফিল্ম ফেষ্টিভালত 'টেক কেয়াৰ' নামৰ চুটি ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। তেওঁ নাটকৰ প্ৰতিও আগ্ৰহী আছিল আৰু দিনেশ ঠাকুৰৰ 'জিছ লাহোৰ নাহি দেখীয়া ও জময়া নাহি'কে ধৰি বহুতো নাটকত মুখ্য অভিনেত্ৰী হিচাপে অংশগ্ৰহণ কৰিছিল। তেওঁ ক্ৰেচেণ্ডো প্ৰডাকচনৰদ্বাৰা নিৰ্মিত দুখন ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল।৬ কোৱা হয় যে তেওঁ হেমন্ত নীলিম দাসৰ পৰিচালনাত নিৰ্মিত 'আই হেট ভেলেণ্টাইনছ ডে' ছবিখনৰ হিন্দী আৰু তামিল সংস্কৰণতো কাম কৰিবলৈ চুক্তিবদ্ধ হৈছে। যিহেতু তেওঁ মানৱহিতৈষী কাম-কাজৰ প্ৰতি আগ্ৰহী, সেয়েহে তেওঁ ২০১০ চনৰ ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰদিনা আৰম্ভ হোৱা মহিলাৰ হেলমেট প্ৰসাৰ অভিযানত যোগদান কৰে যাতে হেলমেট পৰিধান কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা যায়।৭৮
তথ্যসূত্ৰ
- ↑ (28 March 2012). Rekha Rana The Brand Ambassador For Women'S Helme » Blog Archive » Rekha Rana The Brand Ambassador For Women'S Helmet Promotion. Rediff.com
- ↑ 'Ab Hoga Dharna Unlimited' Themed on Anna Hazare's Dharna to Release on Apr 13. Daijiworld.com
- ↑ (12 April 2012). Ab Hoga Dharna Unlimited. Exclusive News
- ↑ About. Rekha Rana
- ↑ (28 March 2012). Rekha Rana The Brand Ambassador For Women'S Helme » Tara Ek Banjaran. Rediff.com
- ↑ www.filmwalaexp.com/personality_Webpage_bv.php?R link|date=November 2019 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ (28 March 2012). Rekha Rana The Brand Ambassador For Women'S Helme » Blog Archive » Rekha Rana The Brand Ambassador For Women'S Helmet Promotion. Rediff.com
- ↑ Save Our Women Campaign. Rekha Rana
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেখা ৰাণা” প্ৰবন্ধৰ সংশোধন ৬০৩৬৯৪ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।