বৌদ্ধ ধৰ্ম
৭৩ প্ৰবন্ধ
-
প্ৰজ্ঞাপাৰমিতা
মহাযান পন্থীয় বৌদ্ধধৰ্মৰ মতে প্ৰজ্ঞাপাৰমিতাৰ অৰ্থ হ'ল 'জ্ঞানৰ পৰিপূৰ্ণতা'। প্ৰজ্ঞাপাৰমিতাই নিখুঁত ভাৱে বাস্তৱক চোৱাৰ পথটোক বুজাই, লগত এটা সূত্ৰক বুজাই। প্ৰজ্ঞাপাৰমিতা শব্দটো সংস্কৃতৰ দুটা শব্দ যোগ হৈ হোৱা; প্ৰজ্ঞা যাৰ অৰ্থ হ'ল জ্ঞান আৰু পাৰমিতা যাৰ অৰ্থ হৈছে নিখুঁততা বা পৰিপূৰ্ণতা।
-
প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম
প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম, আদিম বৌদ্ধ ধৰ্ম বা মূল বৌদ্ধ ধৰ্ম হ'ল বৌদ্ধ ধৰ্মৰ সেই ৰূপ যি এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ত বিভক্ত হোৱাৰ পূৰ্বে অস্তিত্বত থকা বুলি ভবা হয়। এই ৰূপৰ বাণী আৰু শিক্ষা এনে আদিম বৌদ্ধ লেখসমূহৰ সহায়ত অনুমান আৰু পুনৰ্নিৰ্মাণ কৰা হয়, যি নিজেই সাম্প্ৰদায়িক।
-
বৌদ্ধ আধুনিকতাবাদ
বৌদ্ধ আধুনিকতাবাদ, আধুনিক বৌদ্ধ ধৰ্ম, বৌদ্ধ ধৰ্ম, নব্য বৌদ্ধ ধৰ্ম বা নৱযানে বৌদ্ধ ধৰ্মৰ আধুনিক পুনৰ্ব্যাখ্যাৰ ওপৰত আধাৰিত আন্দোলনসমূহক বুজায়। ডেভিড মেকমাহানৰ মতে, বৌদ্ধ ধৰ্মৰ আধুনিকতাবাদ আন ধৰ্মৰ আধুনকতাবাদৰ দৰেই।
-
শীল (বৌদ্ধ ধৰ্ম)
শীল বা বৌদ্ধ নৈতিকতা হ'ল বুদ্ধ আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলে পালন কৰিবলগীয়া নৈতিক নিয়ম। ই অষ্টাংগিক আৰ্য মাৰ্গৰ তিনি ভাগৰ এভাগ। আন দুটি ভাগ হ'ল প্ৰজ্ঞা আৰু সমাধি। শীল এক আচৰণ বিধি য'ত সমন্বয় আৰু আত্মসংযমত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰ প্ৰেৰণা অহিংসা বা হিংসাৰ পৰা মুক্তি।
-
অজাতশত্ৰু
অজাতশত্ৰু ( বৌদ্ধ পৰম্পৰাৰ পালি ভাষাত অজাতশত্তু (পালি: Ajātasattu]) আৰু সংস্কৃত ভাষাত অজাতশত্ৰু (সংস্কৃত: Ajātaśatru) বা জৈন পৰম্পৰাত কুণিকা আৰু কুনিয়া) খ্ৰীষ্টপূৰ্ব ৪৯২ৰপৰা ৪৬০ চনলৈকে ৰাজত্ব কৰিছিল, বা প্ৰায় ৪০৫ৰ পৰা... ৩৭৩ খ্ৰীষ্টপূৰ্ব।
-
অৱদান গ্ৰন্থ
অৱদান (সংস্কৃত; পালি: অপদান) হৈছে অতীতৰ জীৱনৰ গুণী কৰ্মক পৰৱৰ্তী জীৱনৰ পৰিঘটনাৰ সৈতে সম্পৰ্কিত কৰা এক প্ৰকাৰৰ বৌদ্ধ সাহিত্যক দিয়া নাম। ৰিচাৰ্ড চেলমনে ইয়াক "সাধাৰণতে বুদ্ধই বৰ্ণনা কৰা কাহিনী, যিয়ে কোনো বিশেষ ব্যক্তিৰ পূৰ্বৰ জীৱনৰ কাৰ্য আৰু তেওঁৰ বৰ্তমান জীৱনত সেই কাৰ্যৰ ফল উন্মোচন কৰি কৰ্মৰ…
-
আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ
আৰম্ভণিৰ বৌদ্ধ গ্ৰন্থ, আৰম্ভণিৰ বৌদ্ধ সাহিত্য বা আৰম্ভণিৰ বৌদ্ধ প্ৰৱচন হৈছে আৰম্ভণিৰ বৌদ্ধ পৰম্পৰাসমূহে লগে লগে সমভাগ কৰা বৌদ্ধ লেখ। আতাইতকৈ অধিক অধ্যয়ন হোৱা এনে গ্ৰন্থ হ'ল প্ৰথম চাৰি পালি নিকায়, আৰু সংশ্লিষ্ট চীনা আগম।
-
কাহ্নপাদ
কাহ্নপাদ (প্ৰায় দশম শতিকা) বা কাহ্নপা বা কনহপা বা কহ্নিলপা বা কৃষ্ণপদ বা কৃষ্ণচাৰ্য্য আছিল ৮৪জন বৌদ্ধ মহাসিদ্ধসকলৰ ভিতৰৰ এজন অন্যতম মহাসিদ্ধ। অসমীয়া সাহিত্যৰ আদিম নিদৰ্শন চৰ্যাপদৰ কবি গোটৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ আৰু সৰ্বাধিক ১৩টা শ্লোকৰ লেখক।
-
গুণভদ্ৰ
গুণভদ্ৰ (৩৯৪–৪৬৮; गुणभद्र) মধ্য ভাৰতৰ মগধৰ পৰা অহা এজন সন্ন্যাসী আৰু মহাযান বৌদ্ধ ধৰ্মৰ অনুবাদক আছিল। তেওঁৰ জীৱনীখন চেংগয়ু নামৰ চীনা সন্ন্যাসীৰ চুছাং জি জি নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে।
-
চতুৰাৰ্য সত্য
বৌদ্ধ ধৰ্মত চতুৰাৰ্য সত্য (সংস্কৃত: catvāri āryasatyāni; cattāri ariyasaccāni) হ'ল "আৰ্যসকলৰ সত্য" বা "আধ্যাত্মিকভাৱে যোগ্যসকলৰ সত্য"। এই চাৰি সত্য হ'ল: * দুঃখ সংসাৰৰ এটি স্বাভাৱিক গুণ। সমুদায়: দুঃখৰ কাৰণ টান (পালি ভাষাত তন্হা, হেঁপাহ, ইচ্ছা আদি)।
-
জাপানী বৌদ্ধ ধৰ্ম
জাপানী বৌদ্ধ ধৰ্ম বা নিহন বুক্ক্য হৈছে জাপানত প্ৰচলিত বৌদ্ধ বিশ্বাস। জাপান দেশত প্ৰায় ষষ্ঠ শতিকাৰ পৰাই বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈ আহিছে। নিহন বুক্ক্যৰ পৰা অনেক বৌদ্ধ পৰম্পৰাৰ সৃষ্টি হৈছে। এই বৌদ্ধ পৰম্পৰাৰ কেইবাটায়ো নিজৰ উৎস চীনা বৌদ্ধ ধৰ্ম বুলি গণ্য কৰে।
-
দক্ষিণ-পূব এছিয়াত বৌদ্ধ ধৰ্ম
দক্ষিণ-পূব এছিয়াত বৌদ্ধ ধৰ্মত বৌদ্ধ ধৰ্মৰ বিভিন্ন পৰম্পৰা অন্তৰ্ভুক্ত হৈছে, যাৰ মাজত দুটা প্ৰধান পৰম্পৰা আছে: মহাযান বৌদ্ধ ধৰ্ম আৰু থেৰাৱাদা বৌদ্ধ ধৰ্ম। ঐতিহাসিকভাৱে, মহাযান ধৰ্মৰ এই অঞ্চলত এক প্ৰধান স্থান আছিল, কিন্তু আধুনিক সময়ত, অধিকাংশ দেশে থেৰাৱাদা পৰম্পৰা অনুসৰণ কৰে।
-
দ্য বুদ্ধ এণ্ড হিজ ধম্ম
দ্য বুদ্ধ এণ্ড হিজ ধম্ম গৌতম বুদ্ধৰ জীৱন আৰু দৰ্শন বিষয়ক এক গ্ৰন্থ। এই গ্ৰন্থ লেখক ভীমৰাও ৰামজী আম্বেদকাৰৰ জীৱনৰ শেষ প্ৰকাশন। কুইন (২০১৫)ৰ মতে, এই গ্ৰন্থ নৱযান বৌদ্ধ ধৰ্মৰ এক ধৰ্মীয় গ্ৰন্থ হৈ পৰিছে।
-
বদৰা তিত্থ বিহাৰ
বদৰা তিত্থ বিহাৰ (বদৰাতীথ, পদৰসিত্ত) হৈছে বৰ্তমান ভাৰতৰ আধুনিক তামিলনাডু ৰাজ্যৰ এখন ঐতিহাসিক থেৰাবাদ বৌদ্ধ বিহাৰৰ নাম।
-
বিনায়ক-টেন
বিনায়ক-টেন(毘那夜迦天), গনপতেই, কাংগিটেন, কাংকি-টেন, শ্ব'-টেন, ডাইশ্ব'-টেন, ডাইশ্ব'-কাংগিটেন, টেনচন, কাংগি-জিজাইটেন, শ্ব'ডেন চামা, ৱিনায়কটেন বা জবিটেন জাপানী বৌদ্ধ ধৰ্মৰ শ্বিংগন আৰু টেণ্ডাই শাখাৰ এজন টেন বা দেৱ। তেওঁক হিন্দু ধৰ্মৰ দেৱতা গণেশৰ জাপানী ৰূপ বুলি অনেকে গণ্য কৰে।
-
আফগানিস্তানত বৌদ্ধ ধৰ্ম
আফগানিস্তানত বৌদ্ধ ধৰ্মৰ প্ৰৱেশ ঘটিছিল খ্ৰীষ্টিপূৰ্ব তৃতীয় শতিকাত, যেতিয়া মৌৰ্য বংশৰ সম্ৰাট অশোকে বৰ্তমানৰ আফগানিস্তান অঞ্চল দখল কৰিছিল। ২৬৮ৰ পৰা ২৩২ চনলৈ শাসন কৰা সম্ৰাট অশোকৰ শাসনতেই খ্ৰীষ্টপূৰ্ব ২৬০ত কাণ্ডাহাৰৰ চিল জেনাত বৌদ্ধ বাণী থকা শিলালিপি নিৰ্মাণ কৰা হৈছিল।
-
আভুকানা বুদ্ধ মূৰ্তি
আভুকানা বুদ্ধ মূৰ্তি ( Avukana Buddha statue) উত্তৰ মধ্য শ্ৰীলংকাৰ কেকিৰাৱাৰ ওচৰত প্ৰতিষ্ঠিত হৈছে। ১৪ মিটাৰ (৪৬ ফুট)তকৈ অধিক উচ্চতাৰ এই প্ৰতিমূৰ্তিটোত বুদ্ধই “অভয় মুদ্ৰা’’ৰ দৰেই আশ্বাস দিবলৈ হাত তুলি থকা ভংগীত নিৰ্মাণ কৰা হৈছে।
-
কুমাৰজীৱ
কুমাৰজীৱ (৩৩৪-৪১৩ খ্ৰীষ্টাব্দ) কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ প্ৰথমে সৰ্বাস্তিবাদ মতবাদৰ শিক্ষালাভ কৰে আৰু পৰবৰ্তীকালত মহাযান বৌদ্ধধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নাগাৰ্জুনৰ মধ্যমক দৰ্শন সম্বন্ধে শিক্ষালাভ কৰে।
-
খেমা
খেমা (পালি: खेमा (খেমা); সংস্কৃত: क्षेमा (ক্ষেমা)) আছিল এগৰাকী বৌদ্ধ ভিক্ষুনী বা নান, যি বুদ্ধৰ অন্যতম শীৰ্ষ মহিলা শিষ্য আছিল। বুদ্ধৰ দুগৰাকী প্ৰধান মহিলা শিষ্যৰ ভিতৰত তেওঁক প্ৰথম বুলি গণ্য কৰা হয়, দ্বিতীয় গৰাকী হ'ল উপ্পালবন্ন।
-
চাৰিজন স্বৰ্গীয় ৰজা
চাৰিজন স্বৰ্গীয়ৰজা হৈছে চাৰিগৰাকী বৌদ্ধ দেৱতা। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত বিশ্বৰ চাৰিটা মুখ্য দিশৰ একো একোটাৰ চোৱাচিতাৰ ভাৰ ন্যস্ত থকা বুলি বিশ্বাস কৰা হয়। চীনা সাহিত্যত তেওঁলোকক সামূহিকভাৱে "ফেং ট্যাও য়ু শ্বুন" বা "ছিদা টিয়ানৱাং" বুলি আখ্যা দিয়া হয়।
-
ছান্নি ইয়াকুমা
ছান্নি ইয়াকুমা, যাক কেতিয়াবা দাহা আতা ছান্নিয়াচ বুলিও জনা যায়, সিংহলীসকলৰ পৰম্পৰাগত ভূত-প্ৰেত বিতাৰণৰ অনুষ্ঠান। এই অনুষ্ঠানত ১৮টা মুখা পিন্ধা নৃত্য থাকে, প্ৰতিটো নৃত্যত মানুহক আক্ৰান্ত কৰা কোনো বিশেষ ৰোগ বা ৰোগৰ চিত্ৰণ কৰা হয়।
-
ড্যাউ ম্যা থ্বিন
ড্যাউ ম্যা থ্ৱিন মাতৃ ছায়ামাগী নামেৰে পৰিচিত এগৰাকী থেৰাভাদা বৌদ্ধ ধ্যান শিক্ষক, যিয়ে বিশ্বজুৰি বিভিন্ন বিপসনা ধ্যান কেন্দ্ৰ স্থাপন কৰিছে। তেওঁৰ জন্ম ১২ মাৰ্চ ১৯২৫ চন আৰু মৃত্যু ২৮ জানুৱাৰী ২০১৭চন৷ তেওঁ ছায়াগ্যী ইউ বা খিন নামৰ এজন বিপসনা মাষ্টৰৰ জ্যেষ্ঠ শিষ্য আছিল আৰু পশ্চিমীয়া দেশত তেওঁৰ বৌদ্ধ…
-
তানখন
তানখন বৌদ্ধ বিহাৰসমূহত ওলোমাই ৰখা এখন পৱিত্ৰ কাপোৰ৷ বৌদ্ধ বিহাৰসমূহত এই তানখন নামে ঠেক অথচ দীঘল কাপোৰ এখন ওলোমাই থোৱাৰ অন্তৰালত এক কাহিনী আছে৷
-
দশৰথ জাতক
দশৰথ জাতক হৈছে গৌতম বুদ্ধৰ পূৰ্বৰ জীৱনৰ বিষয়ে বৌদ্ধ সাহিত্যত পোৱা এক জাতক কাহিনী। পালি কেননৰ সুত্ত পিটকৰ খুদ্দাকা নিকায়াত ইয়াক ৪৬১সংখ্যক জাতক কাহিনী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই কাহিনী প্ৰাচীন ভাৰতীয় মহাকাব্য ৰামায়ণৰ আধাৰত গঢ় লৈ উঠিছে।
-
দীক্ষাভূমি
দীক্ষাভূমি যাৰ বানান দীক্ষভূমি বুলিও কোৱা হয়, ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ নাগপুৰ চহৰত অৱস্থিত নৱায়ন বৌদ্ধ ধৰ্মৰ এক পৱিত্ৰ কীৰ্তিচিহ্ন য'ত বি আৰ আম্বেদকাৰে তেওঁৰ প্ৰায় ৪ লাখ অনুগামীৰ সৈতে, বেছিভাগেই দলিত, ১৯৫৬ চনৰ ১৪ অক্টোবৰত অশোক বিজয়ৰ দিনত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে দশমী।
-
নাং কোৱাক
নাং কোৱাক (Nang Kwak) হৈছে থাই লোককথাৰে জড়িত এগৰাকী বোধিসত্ত্ব, কুলদেৱী বা ঐশ্বৰিক আত্মা ৷ দেৱীয়ে সৌভাগ্য, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে কোনো ব্যৱসায়ৰ প্ৰতি গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
-
পোহৰ মন্ত্ৰ
পোহৰ মন্ত্ৰ, যাক অমোঘপাশ (অবিফল ৰছী ফান্দ) মন্ত্ৰ বুলিও কোৱা হয়, বৌদ্ধ ধৰ্মৰ শিংগন আৰু কেগন পন্থাৰ এক গুৰুত্বপূৰ্ণ মন্ত্ৰ যদিও বৌদ্ধধৰ্মৰ অন্যান্য বজ্ৰযান পন্থাত ইয়াৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই।
-
বাংলাদেশত বৌদ্ধ ধৰ্ম
বাংলাদেশত বৌদ্ধ ধৰ্ম বৌদ্ধ ধৰ্ম তৃতীয় বৃহত্তম ধৰ্ম আৰু বাংলাদেশৰ জনসংখ্যাৰ প্ৰায় ০.৬১%। কোৱা হয় যে বুদ্ধই এসময়ত পূব বংগৰ এই অঞ্চললৈ গৈ নিজৰ শিক্ষা প্ৰচাৰ কৰিছিল আৰু বিশেষকৈ চট্টগাম সংমণ্ডলত স্থানীয় লোকসকলক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত সফল হৈছিল।
-
বুদাই
বুদাই বা পু টাই এজন চীনা লোক দেৱতা। তেওঁৰ নামৰ অৰ্থ কাপোৰৰ দম। আৰু এই নাম তেওঁ অনবৰতে কঢ়িয়াই ফুৰে কাপোৰৰ বেগৰ পৰা আহিছে। তেওঁক সাধাৰণতে বুদ্ধৰ অৱতাৰ মৈত্ৰেয় বুলি গণ্য কৰা হয়।
-
বুদ্ধদত্ত
বুদ্ধদত্ত থেৰা দক্ষিণ ভাৰতৰ চোলা ৰাজ্যৰ উৰাগাপুৰা চহৰৰ পঞ্চম শতিকাৰ থেৰাবাদ বৌদ্ধ সাহিত্যিক। তেওঁৰ বহুতো গ্ৰন্থ ভূতমংগলগাম মঠত ৰচনা কৰিছিল আৰু তেওঁৰ পৃষ্ঠপোষক আছিল কলম্ব বংশৰ অক্কুটাবিক্কান্ত (কলম্ভকুলবংশ জাতে আক্কুটাভিক্কমনামে কোলাৰাজিনি কলৰাথম সমানুসন্তে)।