অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য বুদ্ধ এণ্ড হিজ ধম্ম

দ্য বুদ্ধ এণ্ড হিজ ধম্ম গৌতম বুদ্ধৰ জীৱন আৰু দৰ্শন বিষয়ক এক গ্ৰন্থ। এই গ্ৰন্থ লেখক ভীমৰাও ৰামজী আম্বেদকাৰৰ জীৱনৰ শেষ প্ৰকাশন। কুইন (২০১৫)ৰ মতে, এই গ্ৰন্থ নৱযান বৌদ্ধ ধৰ্মৰ এক ধৰ্মীয় গ্ৰন্থ হৈ পৰিছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

দ্য বুদ্ধ এণ্ড হিজ ধম্ম গৌতম বুদ্ধৰ জীৱন আৰু দৰ্শন বিষয়ক এক গ্ৰন্থ। এই গ্ৰন্থ লেখক ভীমৰাও ৰামজী আম্বেদকাৰৰ জীৱনৰ শেষ প্ৰকাশন। কুইন (২০১৫)ৰ মতে, এই গ্ৰন্থ নৱযান বৌদ্ধ ধৰ্মৰ এক ধৰ্মীয় গ্ৰন্থ হৈ পৰিছে।১

প্ৰকাশন

গ্ৰন্থখন ১৯৫৭ চনত প্ৰকাশ কৰা হৈছিল। তাৰ আগৰ বছৰ, অৰ্থাৎ ১৯৫৬ চনৰ ৬ ডিচেম্বৰ তাৰিখে কিতাপখনৰ লেখক ভীমৰাও আম্বেদকাৰৰ মৃত্যু হৈছিল। ইংৰাজীত লিখা এই কিতাপখন একে বছৰেই হিন্দী, গুজৰাটী, তেলুগু, মাৰাঠী, মালয়ালম, বাংলা আৰু কন্নড় ভাষালৈ অনুবাদ কৰা হৈছিল।

উৎস আদিৰ দৈতে আম্বেদকাৰৰ সংগ্ৰহ কৰা লেখ আৰু বক্তৃতাৰ একাদশ সংস্কৰণৰ লগতে এই গ্ৰন্থ ১৯৭৯ চনত পুনঃ প্ৰকাশিত হ'ল।২

ভীমৰাও আম্বেদকাৰৰ মতে বৌদ্ধ ধৰ্মক সঠিকভাৱে বুজিবলৈ তিনিখন কিতাপ পঢ়াৰ প্ৰয়োজন, যাৰ মাজতে দ্য বুদ্ধ এণ্ড হিজ ধম্ম অন্যতম। আন দুখন কিতাপ হ'ল বুদ্ধ এণ্ড কাৰ্ল মাৰ্ক্স আৰু ৰিভলিউছন এণ্ড কাউণ্টাৰ-ৰেভলিউছন ইন এঞ্চিয়েণ্ট ইণ্ডিয়া।৩

জনপ্ৰিয় মাধ্যমত

হিন্দী ভাষাত মুক্তি লাভ কৰা বোলছবি, এ জাৰ্ণি অৱ সংযক বুদ্ধৰ আধাৰ দ্য বুদ্ধ এণ্ড হিজ ধম্ম।৪

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Queen, Christopher. (2015). A Companion to Buddhist Philosophy. John Wiley & Sons. পৃ. 529–531. ISBN 978-1-119-14466-3
  2. ↑ Ambedkar, Babasheb, Dr. (1979). The Buddha and His Dhamma. Dr. Babasheb Ambedkar, writings and speeches. Government of মহাৰাষ্ট্ৰ
  3. ↑ Ambedkar, B.R. Preface / unpublished. Columbia University
  4. ↑ (13 March 2013). Film on Buddha based on Ambedkar's book to be released on March 15

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য বুদ্ধ এণ্ড হিজ ধম্ম” প্ৰবন্ধৰ সংশোধন ৩৮১৪২৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।