গুণভদ্ৰ (৩৯৪–৪৬৮; गुणभद्र) মধ্য ভাৰতৰ মগধৰ পৰা অহা এজন সন্ন্যাসী আৰু মহাযান বৌদ্ধ ধৰ্মৰ অনুবাদক আছিল।১ তেওঁৰ জীৱনীখন চেংগয়ু নামৰ চীনা সন্ন্যাসীৰ চুছাং জি জি নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে।
জীৱনী
গুণভদ্ৰৰ জন্ম প্ৰথমে ব্ৰাহ্মণ পৰিয়ালত হোৱা বুলি কোৱা হয় যদিও তেওঁ মহাযান গুৰুৰ অধীনত মিশ্ৰকাভিধৰ্মহৃদয় অধ্যয়ন কৰিছিল যাৰ ফলত তেওঁ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।২
প্ৰথমবাৰৰ বাবে শ্ৰীলংকা ভ্ৰমণৰ পিছত ৪৩৫ চনত গুণবৰ্মাৰ সৈতে সাগৰীয় পথেৰে চীনলৈ যাত্ৰা কৰে। সেই সময়ত দক্ষিণ চীনৰ শাসক লিউ ছঙৰ সম্ৰাট ৱেনে দুয়োকে সন্মানীয় অতিথি হিচাপে গণ্য কৰিছিল।৷ চীনত তেওঁ মহাযানৰ অন্যতম মূল সূত্ৰ লংকাৱতাৰ সূত্ৰ সংস্কৃতৰ পৰা চীনালৈ অনুবাদ কৰে আৰু ভেখানাছা সূত্ৰই "ইছাইকিয়' (এটা বৌদ্ধ কৰ্পাছ)ৰ পৰা এটা খণ্ড গঠন কৰে, যাক সাধাৰণতে জিংগো-জি কিউ বুলি জনা যায়," যিটো জিংগো-জী মন্দিৰত প্ৰদান কৰা হৈছিল।৩ লংকাৱতাৰ সূত্ৰ অনুবাদ কৰাৰ আগতে তেওঁ আন এখন গুৰুত্বপূৰ্ণ সূত্ৰ সংযুক্তাগম চীনা ভাষালৈ অনুবাদ কৰিছিল। তেওঁ আন অনুবাদ আৰু প্ৰচাৰত সক্ৰিয় হৈ থাকিল। তেওঁৰ চীনা জীৱনীত তেওঁ ত্ৰিপিটক আয়ত্ত কৰা বুলিও বিতংভাৱে উল্লেখ কৰিছে।৪
তথ্যসূত্ৰ
- ↑ Keown, Damien. (2003). A Dictionary of Buddhism. Oxford University Press. পৃ. 55. ISBN 9780191579172
- ↑ Willemen, Charles. (2013). Guṇabhadra and Bodhidharma: Remarks about Their School AffiliationI. Pacific World: Journal of the Institute of Buddhist Studies. পৃ. 33–52
- ↑ Guṇabhadra, 394-468. Buddhist Sutra "Bimashōkyō". World Digital Library
- ↑ Glass, Andrew. (2008). Guṇabhadra, Bǎoyún, and the Saṃyuktāgama. Journal of the International Association of Buddhist Studies. পৃ. 185–203
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুণভদ্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩২৩৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।