ড্যাউ ম্যা থ্ৱিন মাতৃ ছায়ামাগী নামেৰে পৰিচিত এগৰাকী থেৰাভাদা বৌদ্ধ ধ্যান শিক্ষক, যিয়ে বিশ্বজুৰি বিভিন্ন বিপসনা ধ্যান কেন্দ্ৰ স্থাপন কৰিছে। তেওঁৰ জন্ম ১২ মাৰ্চ ১৯২৫ চন আৰু মৃত্যু ২৮ জানুৱাৰী ২০১৭চন৷১ তেওঁ ছায়াগ্যী ইউ বা খিন নামৰ এজন বিপসনা মাষ্টৰৰ জ্যেষ্ঠ শিষ্য আছিল আৰু পশ্চিমীয়া দেশত তেওঁৰ বৌদ্ধ ধ্যান শিকোৱাৰ আকাংক্ষা পূৰণ কৰিছিল।২
জীৱন আৰু কৰ্ম
১৯২৫ চনৰ ১২ মাৰ্চত ব্ৰিটিছ অধিকৃত বাৰ্মাৰ মৌলমেইনত জন্মগ্ৰহণ কৰিছিল ম্যা থ্ৱিনে। সন্তান জন্মৰ সময়ত মাকৰ মৃত্যু হোৱাৰ বাবে তেওঁ ডাঙৰ-দীঘল হৈছিল ককাক-আইতাকৰ সৈতে। তেওঁ ইউ চিত টিনক বিয়া কৰায় আৰু ইয়াৰ জৰিয়তে তেওঁৰ স্বামী ৰেংগুনৰ একাউণ্টেণ্ট জেনেৰেলৰ কাৰ্যালয়লৈ বদলি হৈ যোৱাৰ সময়ত ম্যা থ্বিনো লগত যায় আৰু তাতে ছায়াগী ইউ বা খিনৰ সংস্পৰ্শলৈ আহে। ম্যা থ্ৱিনে ১৯৫৩ চনত তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলক ধ্যান শিকোৱাৰ বাবে ছায়াগী ইউ বা খিনে প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় ধ্যান কেন্দ্ৰ (আই এম চি)ত প্ৰথম পাঠ্যক্ৰম গ্ৰহণ কৰে। যিহেতু তেওঁৰ সিঢ়া গ্ৰহণৰ গতি অতি দ্ৰুত আছিল, সেয়ে ছায়াগী উ বা খিনে পাঠ্যক্ৰমৰ পিছত প্ৰতিদিনে ম্যা থ্বিন আৰু তেওঁৰ স্বামীৰ ওচৰলৈ গৈছিল আৰু তেওঁৰ ওপৰঞ্চি পঢ়ুৱাইছিল। একে বছৰৰ মে' মাহত দ্বিতীয়টো ১০ দিনীয়া পাঠ্যক্ৰমত তেওঁ প্ৰশিক্ষণ সম্পূৰ্ণ কৰে।৩ ইয়াৰ পিছত ছায়াগী ইউ বা খিনে পূজনীয় ৱেবু ছায়াদেৱক তেওঁৰ শিক্ষা নিশ্চিত বা শুধৰণি কৰিবলৈ আই এম চিলৈ আমন্ত্ৰণ জনায়। ৱেবু ছায়াদেৱে ম্যা থ্ৱিনক লগ পোৱাৰ পিছত তিনিবাৰকৈ সাধু সাধু বুলি কৈ বুদ্ধ ধম্মাত প্ৰৱেশ কৰাত সন্মতি প্ৰকাশ কৰে।৪৫
ইয়াৰ পিছত ম্যা থ্ৱিন সদায় ছায়াগী ইউ বা খিনৰ লগে লগে আছিল, যেতিয়া তেওঁ বিদেশী আৰু বাৰ্মিজ উভয়ৰে ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাইছিল। তেওঁ ছায়াগী ইউ বা খিনৰ অগ্ৰণী শিষ্য আছিল আৰু আইএমচিৰ সহ-শিক্ষক হৈ পৰিছিল।৬৭৮ যেতিয়া স্বাধীন বাৰ্মাৰ প্ৰথম সভাপতি সাও শ্বে থাইক আইএমচিলৈ আহিছিল, তেতিয়া তেওঁ তেওঁৰ কামত বহুখিনি সহায় কৰিছিল। তেওঁ ছায়াগী ইউ বা খিনক ক’লে: “মা ম্যা থ্ৱিন সাধাৰণ শিষ্য নহয়”, আৰু তেওঁ ম্যা থ্বিনক "ছায়ামা" (লেডী টিচাৰ) উপাধিৰে সম্বোধন কৰিবলৈ আৰম্ভ কৰিলে আৰু ধ্যান কৰাৰ আগতে আৰু পিছত তেওঁক সন্মান জনোৱাৰ ব্যৱস্থা কৰিলে, যিটো এনে এজন জ্যেষ্ঠ ব্যক্তিয়ে এগৰাকী যুৱতীৰ প্ৰতি কৰাটো অতি অস্বাভাৱিক কথা আছিল।৯ ছায়াগী ইউ বা খিনে এই কথাত অনুমোদন জনায় আৰু তেওঁক "ছায়ামা" বুলিও সম্বোধন কৰিবলৈ আৰম্ভ কৰে।১০১১ পিছলৈ উপ-প্ৰধানমন্ত্ৰী ইউ লুন বাও, যিজনো আইএমচিৰ এজন নিষ্ঠাবান ধ্যান-ধাৰণাৰ প্ৰশিক্ষক আছিল, তেওঁ তেওঁক “মাতৃ” বুলি সম্বোধন কৰিছিল, যদিও তেওঁ তেওঁতকৈ বহু সৰু আছিল।১২ পিছলৈ তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁক "মাতৃ ছায়ামাগী" বুলি সম্বোধন কৰে।
১৯৭১ চনত ছায়াগী ইউ বা খিনৰ মৃত্যুৰ পিছত ম্যা থ্ৱিনক একাউণ্টেণ্ট জেনেৰেলৰ কাৰ্যালয়ৰ বিপসনা এছ'চিয়েচনৰ সভাপতি ইউ টিণ্ট য়েই এই কেন্দ্ৰটোৰ দায়িত্ব ল'বলৈ অনুৰোধ কৰে।১৩১৪ তেওঁ মান্তি হৈ তেওঁৰ গিৰিয়েক ইউ চিত তিনৰ সহায়ত তাতেই পঢ়াই থাকিল। ক্ৰমান্বয়ে বৃদ্ধি পোৱা বিদেশী ছাত্ৰ-ছাত্ৰীৰ অনুৰোধত তেওঁ বিদেশলৈ গৈয়ো বিপসনা ধ্যান শিকোৱাৰ বাবে সন্মত হয়। ১৯৭৮ চনৰ অক্টোবৰ মাহত তেওঁ আৰু তেওঁৰ স্বামীয়ে বুদ্ধৰ শিক্ষা পশ্চিমীয়া দেশত উপলব্ধ কৰাৰ বাবে তেওঁলোকৰ গুৰু ছায়াগী ইউ বা খিনৰ আকাংক্ষা পূৰণ কৰিবলৈ বাৰ্মা এৰি থৈ যায়।১৫১৬১৭ ৩০ বছৰতকৈও অধিক সময় ভ্ৰমণ আৰু পাঠদান কৰা ম্যা থ্বিনে ধ্যান-ধাৰণাৰ বাবে সুবিধা থকা পাঁচটা পেগোডা কেন্দ্ৰকে ধৰি সমগ্ৰ বিশ্বতে বিভিন্ন কেন্দ্ৰ স্থাপন কৰিছিল: ১৯৭৯ চনত যুক্তৰাজ্য, ১৯৮১ চনত পশ্চিম অষ্ট্ৰেলিয়া, ১৯৮৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ (মেৰিলেণ্ড), ১৯৮৯ চনত নিউ চাউথ ৱেলছ (চিডনীৰ ওচৰত), ১৯৮৯ চনত। আৰু অষ্ট্ৰিয়া (কাৰিনথিয়াত) ১৯৯০ চনত। ম্যানমাৰৰ বাহিৰৰ সকলো কেন্দ্ৰতে আঞ্চলিক শিক্ষক আছে যিসকলক মাতৃ ছায়ামাগিয়ে ধ্যান পাঠ্যক্ৰম চলাবলৈ অনুমোদন জনাইছিল।১৮ পাঁচোটা কেন্দ্ৰতে ধম্মা ইয়াউংচি পেগোডা আছে, যিবোৰ আইএমচি ইয়াংগনত থকা পেগোডাৰ প্ৰতিৰূপ। এছিয়া, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপ আদি দেশ ভ্ৰমণৰ সময়ত বৌদ্ধ ধৰ্মাৱলম্বীৰ পোছাক পিন্ধি ধ্যান কৰাৰ সুখ অনুভৱ কৰিব বিচৰা তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ১৯ লগতে হাজাৰ হাজাৰ লোকৰ বাবে ৪৫০ টাতকৈও অধিক দহদিনীয়া ধ্যান পাঠ্যক্ৰম অনুষ্ঠিত কৰি তেওঁ শিকাইছিল২০
১৯৯৪ চনৰ মাৰ্চ মাহত বাৰ্মা চৰকাৰে ম্যা থ্ৱিনক মহা-সাধম্মা-জোটিকা ধজা উপাধি প্ৰদান কৰে, যিটো ম্যানমাৰৰ বাহিৰত বুদ্ধ-ধম্মা শিকোৱাৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে সাধাৰণ ব্যক্তিক দিব পৰা সৰ্বোচ্চ ধৰ্মীয় উপাধি আছিল।২১ ২০১৭ চনৰ ২৮ জানুৱাৰীত তেওঁৰ মৃত্যু হয়৷৮
তথ্যসূত্ৰ
- ↑ TMT 1999, পৃ. 150-156
- ↑ Global IMC Teachers
- ↑ TMT 1999, পৃ. 58
- ↑ TAoSUBK 1999, পৃ. 87
- ↑ Webu Sayadaw and Sayagyi U Ba Khin
- ↑ Stuart 2020, পৃ. 53, 90
- ↑ TAoSUBK 1999, পৃ. 96-97, 112, 149
- ↑ Profile from IMC UK
- ↑ KAaTWtN 1989, পৃ. 60-61
- ↑ TAoSUBK 1999, পৃ. 96
- ↑ TMT 1999, পৃ. 70
- ↑ KAaTWtN 1989, পৃ. 61
- ↑ TMT 1999, পৃ. 168
- ↑ Stuart 2020, পৃ. 99
- ↑ TMT 1999, পৃ. 98, 169
- ↑ TAoSUBK 1999, পৃ. 55
- ↑ Stuart 2020, পৃ. 107
- ↑ IMC Contacts
- ↑ TMT 1999, পৃ. 299
- ↑ TMT 1999, পৃ. 307-320
- ↑ TMT 1999, পৃ. 160
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড্যাউ ম্যা থ্বিন” প্ৰবন্ধৰ সংশোধন ৪১৫৩২৯ (২৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।