অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জাপানী বৌদ্ধ ধৰ্ম

জাপানী বৌদ্ধ ধৰ্ম বা নিহন বুক্ক্য হৈছে জাপানত প্ৰচলিত বৌদ্ধ বিশ্বাস। জাপান দেশত প্ৰায় ষষ্ঠ শতিকাৰ পৰাই বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈ আহিছে। নিহন বুক্ক্যৰ পৰা অনেক বৌদ্ধ পৰম্পৰাৰ সৃষ্টি হৈছে। এই বৌদ্ধ পৰম্পৰাৰ কেইবাটায়ো নিজৰ উৎস চীনা বৌদ্ধ ধৰ্ম বুলি গণ্য কৰে।

হালনাগাদ: ২ মে’ ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জাপানী বৌদ্ধ ধৰ্ম বা নিহন বুক্ক্য হৈছে জাপানত প্ৰচলিত বৌদ্ধ বিশ্বাস। জাপান দেশত প্ৰায় ষষ্ঠ শতিকাৰ পৰাই বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈ আহিছে।১২৩ নিহন বুক্ক্যৰ পৰা অনেক বৌদ্ধ পৰম্পৰাৰ সৃষ্টি হৈছে। এই বৌদ্ধ পৰম্পৰাৰ কেইবাটায়ো নিজৰ উৎস চীনা বৌদ্ধ ধৰ্ম বুলি গণ্য কৰে। ঐতিহাসিকভাৱে জাপানী বৌদ্ধ ধৰ্মৰ জাপানী সমাজ-জীৱন আৰু সংস্কৃতিৰ ওপৰত ভালেমান প্ৰভাৱ দেখা যায়। বৰ্তমানেও এই প্ৰভাৱ স্পষ্টকৈ মন কৰিব পাৰি।৪

বিশ্বাসী লোকৰ অনুমান

জাপান চৰকাৰৰ সাংস্কৃতিক বিষয়ক সংস্থাৰ অনুমান অনুযায়ী, ২০১৮ চনৰ শেষৰ ফালে জাপানত প্ৰায় ৮৪ নিযুত বৌদ্ধ ধৰ্মৰ বিশ্বাসী লোক আছে। ই জাপানৰ জনসংখ্যাৰ ৬৭%। এই সংখ্যা অনুযায়ী, বৌদ্ধ ধৰ্ম জাপানত দ্বিতীয় আতাইতকৈ জনপ্ৰিয় ধৰ্ম। প্ৰথম স্থানত আছে শ্বিণ্ট' ধৰ্ম। ৬৭% লোকে বিশ্বাস কৰা স্বত্বেও দ্বিতীয় স্থানত থকাৰ কাৰণ হ'ল: জাপানী মানুহে সাধাৰণতে একাধিক ধৰ্মত বিশ্বাস কৰে।৫ বিশেষকৈ, শ শ বছৰৰ পৰা জাপানত শ্বিণ্ট' ধৰ্ম আৰু বৌদ্ধ ধৰ্ম একেলগেই মানি থকা হৈছে। এসময়ত এটাক নমনাকৈ আনটোক মনা অসম্ভৱেই হৈ পৰিছিল।৬ শ্বিণ্ট' কামিসকলক বৌদ্ধ সৃষ্টিতত্ত্বৰ অংশ গণ্য কৰা হৈছিল। মেইজি কালতহে জাপানী জাতীয়তাবাদীয়ে শ্বিণ্ট' ধৰ্ম আৰু জাপানী বৌদ্ধ ধৰ্মক পৃথক কৰিলে।৭

আন আন সমীক্ষাত পিচে সংখ্যাটোৰ ভালেমান তাৰতম্য দেখা যায়। পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষা অনুযায়ী, ২০১০ চনত ৩৬.২% জাপানী লোকহে বৌদ্ধ ধৰ্মাৱলম্বী আছিল।৮ জাপানী সাধাৰণ সামাজিক সমীক্ষা অনুযায়ী এই অনুমান কেৱল ২০%হে আছিল, ২০১৭ চনত। ২০১৩ চনৰ জাপানী জাতীয় চৰিত্ৰ সমীক্ষা অনুযায়ী ৭০% লোকে কোনো ধৰ্মকেই স্বীকাৰ নকৰিছিল।৯ আন এক সমীক্ষা অনুযায়ী, প্ৰায় ৬০% জাপানী মানুহৰ ঘৰত এটি বুৎচুডান বা বৌদ্ধ মঠ আছে।১০

২০১২ চনৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষা অনুযায়ী, জাপানী বৌদ্ধ সম্প্ৰদায় বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ, চীন আৰু থাইলেণ্ডৰ পাছতেই।১১

জাপানী বৌদ্ধ সম্প্ৰদায়

জাপানী বৌদ্ধ ধৰ্ম বৈচিত্ৰ্যপূৰ্ণ। প্ৰাচীন কালৰে পৰা এই ধৰ্মৰ অনেক সম্প্ৰদায় আছে। জাপানী বৌদ্ধ সম্প্ৰদায়সমূহক পুৰণি আৰু নতুন শ্ৰেণীত ভাগ কৰিব পৰা যায়।

পুৰণি সম্প্ৰদায়

পুৰণি জাপানী বৌদ্ধ সম্প্ৰদায়সমূহক আকৌ নাৰা আৰু ৰহস্যমূলক শ্ৰেণিত ভাগ কৰিব পৰা যায়। নাৰা সম্প্ৰদায়সমূহৰ সম্বন্ধ জাপানৰ পুৰণি ৰাজধানী নাৰাৰ সৈতে আছে। এই সম্প্ৰদায়সমূহে নাৰাত বিখ্যাত "দক্ষিণৰ ৰাজধানীৰ ৭ মহান মন্দিৰ"ৰ স্থাপনা কৰিছিল। এই মন্দিৰসমূহক জাপানী ভাষাত নাণ্ট' শ্বিচি ডাইজি (南都七大寺) বোলা হয়। ৬ নাৰা সম্প্ৰদায় হ'ল:১২

  • আসংগ আৰু বাসুনন্ধুৰ হ'চ্চ সম্প্ৰদায়
  • বাসুবন্ধুৰ ক'চ সম্প্ৰদায়
  • নাগাৰ্জুন আৰু আৰ্যদেৱৰ চান্ৰণ সম্প্ৰদায়
  • একৱানৰ জজিৎচু সম্প্ৰদায়
  • বোধিসেনে জাপানত চিনাকি কৰোৱা ডুশ্বুনৰ কেগন সম্প্ৰদায়
  • জিয়ানঝেনে জাপানত চিনাকি কৰোৱা ডাঅ'শ্বুৱানৰ ৰিচ্‌শ্বু সম্প্ৰদায়

নাৰা সম্প্ৰদায়সমূহৰ উপৰিও পুৰণি সম্প্ৰদায় আছে। সেই সম্প্ৰদায়সমূহক ৰহস্যমূলক সম্প্ৰদায় বোলা হয়। সেইকেইটা হ'ল:১৩

  • চাইচৰ টেণ্ডাই সম্প্ৰদায়
  • কুকাইৰ শ্বিঙন বৌদ্ধ ধৰ্ম
  • এন ন' গ্যজাৰ শ্বুগেণ্ড সম্প্ৰদায়

নতুন সম্প্ৰদায়

কামাকুৰা কালত অনেক শ্বিন বুক্ক্য' বা নতুন সম্প্ৰদায়ৰ সৃষ্টি হ'ল। মুখ্য এনে সম্প্ৰদায়:১৪

  • জডু শ্বু
  • য়ুজু নেম্বুৎচু
  • জড' শ্বিঞ্চু
  • ৰিঞ্জাই
  • চট
  • নিচিৰেণ
  • জি শ্বু
  • ফুকে শ্বু
  • শ্বিঙন ৰিচ্‌শ্বু

তথ্যসূত্ৰ

  1. ↑ Bowring, Richard John. (2005). The religious traditions of Japan, 500–1600. Cambridge University Press. পৃ. 15–17. ISBN 0-521-85119-X
  2. ↑ Dykstra, Yoshiko Kurata; De Bary, William Theodore. (2001). Sources of Japanese tradition. Columbia University Press. পৃ. 100. ISBN 0-231-12138-5
  3. ↑ Bowring, Richard John. (2005). The religious traditions of Japan, 500–1600. Cambridge University Press. পৃ. 16–17. ISBN 0-521-85119-X
  4. ↑ Asia Society Buddhism in Japan, accessed July 2012
  5. ↑ Science.Jrank. Syncretism. science.jrank.org/pages/11387/Syncretism-Syncret link|date=May 2026 |bot=InternetArchiveBot |fix-attempted=yes }}
  6. ↑ Japan Times. Japan's Shinto-Buddhist religious medley. www.japantimes.co.jp/news/2007/09/04/reference/j
  7. ↑ University of Pittsburg. State Shinto. www.japanpitt.pitt.edu/glossary/state-shinto
  8. ↑ (December 18, 2012). Global Religious Landscape: Buddhists. Pew Research Center
  9. ↑ Iwai, Noriko. (11 October 2017). Measuring religion in Japan: ISM, NHK and JGSS. JGSS Research Center
  10. ↑ Japanese Saints: Mormons in the Land of the Rising Sun, John Patrick Hoffmann, Lexington Books, 2007 p. 37
  11. ↑ (December 2012). The Global Religious Landscape. Pew Research Center
  12. ↑ Deal & Ruppert (2015) pp. 56-57
  13. ↑ Garner David. Tantric Buddhism in Japan: Shingon, Tendai, and the Esotericization of Japanese Buddhisms. oxfordre.com/religion/view/10.1093/acrefore/9780
  14. ↑ On Mark Productions. SECTS & SCHOOLS OF JAPANESE BUDDHISM & SHINTOISM. www.onmarkproductions.com/html/sects-schools-rel

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্মজাপান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাপানী বৌদ্ধ ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৬০৩৯৬৭ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।