অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম, আদিম বৌদ্ধ ধৰ্ম বা মূল বৌদ্ধ ধৰ্ম হ'ল বৌদ্ধ ধৰ্মৰ সেই ৰূপ যি এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ত বিভক্ত হোৱাৰ পূৰ্বে অস্তিত্বত থকা বুলি ভবা হয়। এই ৰূপৰ বাণী আৰু শিক্ষা এনে আদিম বৌদ্ধ লেখসমূহৰ সহায়ত অনুমান আৰু পুনৰ্নিৰ্মাণ কৰা হয়, যি নিজেই সাম্প্ৰদায়িক।

হালনাগাদ: ২ মে’ ২০২৩ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম,১ আদিম বৌদ্ধ ধৰ্ম২৩ বা মূল বৌদ্ধ ধৰ্ম৪৫ হ'ল বৌদ্ধ ধৰ্মৰ সেই ৰূপ যি এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ত বিভক্ত হোৱাৰ পূৰ্বে অস্তিত্বত থকা বুলি ভবা হয়।৬

এই ৰূপৰ বাণী আৰু শিক্ষা এনে আদিম বৌদ্ধ লেখসমূহৰ সহায়ত অনুমান আৰু পুনৰ্নিৰ্মাণ কৰা হয়, যি নিজেই সাম্প্ৰদায়িক।

নাম

বৌদ্ধ ধৰ্মৰ এই ৰূপৰ কেইবাটাও নাম ব্যৱহাৰত আছে:

  • প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম৭
  • আদিম বৌদ্ধ ধৰ্ম৮৯
  • মূল বৌদ্ধ ধৰ্ম১০
  • বুদ্ধৰ নিজৰ বৌদ্ধ ধৰ্ম
  • ধৰ্মানুশাসনৰ পূৰ্বৰ বৌদ্ধ ধৰ্ম১১

আদি।

কোনো কোনো বিশেষজ্ঞই এই অৱস্থাৰ পাছৰ পুৰণি বৌদ্ধ ধৰ্মৰ পৰম্পৰাসমূহক সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম আখ্যা দিয়ে।১২১৩

সময়

আছিল। তদুপৰি, অনেক সৰু সৰু ৰাজ্য আছিল।]]

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্মই বৌদ্ধ ধৰ্মৰ আতাইতকৈ পুৰণি ৰূপ সূচায়: যি গৌতম বুদ্ধই নিজেই বিশ্বাস কৰিছিল আৰু যাৰ মতে কৰ্ম কৰিছিল। ই সম্ভৱতঃ বুদ্ধৰ পৰিনিৰ্বাণৰ এশ বছৰ পাছলৈকে অস্তিত্বত আছিল।১৪ তাৰ পাছতেই সংঘৰ প্ৰথম নথিভুক্ত বিভাজন ঘটিছিল।১৫

তত্ত্বগত স্থিৰতাৰ দাবীৰ বিপৰীতে, মূল বৌদ্ধ ধৰ্ম খুব সম্ভৱ এটি গতিশীল আন্দোলন আছিল।১৬ ই সম্ভৱতঃ আন আন শ্ৰমণিক চিন্তাধাৰাকো নিজত মিলাই লৈছিল।১৭১৮ বৈদিক আৰু জৈন ধাৰণা তথা প্ৰথায়ো সম্ভৱতঃ বৌদ্ধ ধৰ্মত প্ৰভাৱ বিস্তাৰ কৰিছিল।১৯২০২১২২

গড়িষ্ঠসংখ্যক গৱেষকৰ মতে বৌদ্ধ ধৰ্মৰ প্ৰথম বিভাজন ঘটিছিল দ্বিতীয় আৰু তৃতীয় বৌদ্ধ পৰিষদৰ মাজৰ সময়ত।২৩ এই বিভাজনৰ পাছৰ প্ৰথম সম্প্ৰদায় স্থৱিৰ নিকায় আৰু মহাসাংঘিক। অৱশেষত বৌদ্ধ ধৰ্মৰ ১৮ পৃথক সম্প্ৰদায় হ'ল।২৪ পাছলৈ মহাযান সম্প্ৰদায়সমূহে হয়টো অনেক এনে ধাৰণাক সংৰক্ষিত কৰি ৰাখিলে যি "গতানুগতিক" থেৰবাদে ত্যাগ কৰিছিল,২৫ যেনে ত্ৰিকায়, বিজ্ঞানৰ ধাৰাবাহিকতাৰ ধাৰণা আৰু সন্তৰ আৰাধনাৰ দৰে ভক্তিমূলক কাৰ্য।২৬২৭

প্ৰাক-বৌদ্ধ ধৰ্মৰ শ্ৰমণ আন্দোলনৰ সৈতে সম্পৰ্ক

প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম এটি শ্ৰমণিক আন্দোলন আছিল।২৮২৯ গৌতম বুদ্ধৰ সময় আছিল ভাৰতত চহৰীকৰণৰ সময়। এই কালত অনেক শ্ৰমণৰ উদয় হৈছিল, যি আছিল বেদৰ শ্ৰেষ্ঠত্ব আৰু বামুণীয়া ৰীতি-নীতিক প্ৰশ্ন কৰা যাযাবৰী দাৰ্শনিক।৩০ তেওঁলোকৰ উদ্দেশ্য আছিল সংসাৰৰ পৰা মুক্তি লাভ কৰা।৩১৩২ এনে কৰিবলৈ তেওঁলোকে বৈৰাজ্ঞ আৰু নৈতিক কাৰ্য আদিক গুৰুত্ব দিছিল।৩৩ শ্ৰমণ আন্দোলনৰ পৰাই যোগ আৰু হিন্দু ধৰ্মৰ৩৪ অনেক সম্প্ৰদায়, যেনে অজীৱিকা, অজ্ঞান আৰু চাৰ্বাকৰ বিকাশ হৈছিল। জৈন ধৰ্মৰ উৎসও শ্ৰমণ আন্দোলন। সংসাৰ আৰু মোক্ষৰ ধাৰণাৰো শ্ৰমণ আন্দোলনৰ সৈতে সম্পৰ্ক আছে।৩৫ এই শাৰণাসমূহ পাছলৈ ভাৰতৰ প্ৰায় সকলো ধৰ্মই গ্ৰহণ কৰিলে। তৎস্বত্ত্বেও, আস্তিক হিন্দু দৰ্শনসমূহে এই আন্দোলনৰ বিৰোধ কৰিছিল, আৰু এনে সম্প্ৰদায়সমূহক নাস্তিক আখ্যা দিছিল: নাস্তিক হ'ল তেওঁ যি বেদৰ শ্ৰেষ্ঠত্ব স্বীকাৰ নকৰে।

সংসাৰ আৰু কৰ্মৰ ধাৰণা লাহে লাহে ভাৰতীয় ধৰ্মসমূহত সোমাই পৰিল। একক অস্তিত্ব যাৰ অন্তত কৰ্মৰ ভিত্তিত সকলোকে ন্যায় প্ৰদান কৰা হয় আছিল প্ৰাৰম্ভিক ধাৰণা, যি পাছলৈ হ'লগৈ কেইবাটাও অস্তিত্ব য'ত বাৰে বাৰে এনে হৈ থাকে। তাৰ লগতে উদয় হ'ল এই সংসাৰ চক্ৰৰ পৰা মুক্তিৰ চেষ্টা।৩৬ এই মুক্তিয়েই আছিল শ্ৰমণ আন্দোলনৰ উদ্দেশ্য।৩৭ স্বৰ্গ প্ৰৱেশৰ বৈদিক ৰীতি-নীতিয়েও সম্ভৱতঃ ইয়াৰ বিকাশত ভূমিকা পালন কৰিছিল: এই ৰীতি-নীতিয়ে যে অনন্ত মুক্তি প্ৰদান নকৰে, সেই ধাৰণাই অন্য পথৰ সন্ধান কৰিবলৈ শ্ৰমণসকলক প্ৰেৰিত কৰিছিল।৩৮

তথ্যসূত্ৰ

  1. ↑ Hurvitz 1976
  2. ↑ Nakamura 1989
  3. ↑ Hirakawa 1990
  4. ↑ Warder 1999
  5. ↑ Mizuno Kogen 1982, পৃ. 16
  6. ↑ Sujato 2012, পৃ.
  7. ↑ Hurvitz 1976
  8. ↑ Hirakawa 1990
  9. ↑ Nakamura 1989
  10. ↑ Warder 1999
  11. ↑ Lindtner 1997
  12. ↑ Nakamura 1989
  13. ↑ Hirakawa 1990
  14. ↑ Mun-keat 2000, পৃ. ix
  15. ↑ Mun-keat 2000, পৃ. ix
  16. ↑ Warder 2000, পৃ. 262
  17. ↑ Vetter 1988, পৃ. 101–106
  18. ↑ Vetter 1988, পৃ. 101–106
  19. ↑ Bronkhorst 1993
  20. ↑ Bronkhorst 1993
  21. ↑ Bronkhorst 1993
  22. ↑ Wynne 2007
  23. ↑ Cox 2004, পৃ. 502
  24. ↑ Warder 1999, পৃ. 5
  25. ↑ Potter 1996, পৃ. 31-32
  26. ↑ Lindtner 1997
  27. ↑ Lindtner 1999
  28. ↑ Samuel 2010, পৃ.
  29. ↑ Nilakanta Sastri 1988, পৃ. 300
  30. ↑ Warder 2004, পৃ. 32-33
  31. ↑ Samuel 2010, পৃ.
  32. ↑ Norman 1997, পৃ. 28
  33. ↑ Warder 2004, পৃ. 32-33
  34. ↑ Samuel 2008, পৃ. 8
  35. ↑ Flood Olivelle 2003, পৃ. 273-274
  36. ↑ Norman 1997, পৃ. 28-29
  37. ↑ Samuel 2010, পৃ.
  38. ↑ Samuel 2010, পৃ.

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৩৬৩৮৪৯ (২ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।