বৌদ্ধ ধৰ্ম
৭৩ প্ৰবন্ধ
-
বৌদ্ধ ধৰ্মত নাৰী
বৌদ্ধ ধৰ্মত নাৰীৰ অৱস্থান ধৰ্মতত্ত্ব, ইতিহাস, নৃতত্ত্ব, আৰু নাৰীবাদকে ধৰি বিভিন্ন দৃষ্টিকোণৰ পৰা আলোচনা কৰিব পাৰি। ধৰ্মতত্ত্বৰ দৃষ্টিকোণৰ পৰা সংস্কাৰৰ ভিতৰত নাৰীৰ মৰ্যাদা, বৌদ্ধ সমাজত, ঘৰত, সকলোতে নাৰীক ভাল ব্যৱহাৰ কৰা আদি অন্তৰ্ভুক্ত।বৌদ্ধ ধৰ্মত নাৰীৰ ইতিহাস, আৰু অন্যান্য ধৰ্মৰ দৰে বৌদ্ধ ধৰ্মতো…
-
ভদ্দা কুণ্ডলকেশ
ভদ্দা কুণ্ডলকেশ'(Bhadrā Kuṇṇṇḍalakeśā, সংস্কৃত: भद्रा कुंडलकेशाद, পালি: भद्दा कुंडलकेशा, চীনা: 拔陀軍陀羅拘夷國) এগৰাকী প্ৰাক্তন জৈন তপস্বী আছিল যাক গৌতম বুদ্ধৰ দুজন প্ৰধান শিষ্যৰ ভিতৰত অন্যতম শৰিপুত্ৰই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।
-
ভুমচু
ভুমচু (Bhumchu) প্ৰতিবছৰে তিব্বত, ভূটান আৰু ভাৰতৰ ছিক্কিম ৰাজ্যত উদযাপন কৰা পাৰম্পৰিক উৎসৱ। এই বৌদ্ধ উৎসৱ তিব্বতীয় চন্দ্ৰ বৰ্ষপঞ্জীৰ প্ৰথম মাহৰ চতুৰ্দশ আৰু পঞ্চদশ দিনত অনুষ্ঠিত হয়। এই দিন সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰে।
-
ভূটানৰ ধৰ্মবিশ্বাস
ভূটানৰ চৰকাৰী ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম, যিটো ভূটানৰ মুঠ জনসংখ্যাৰ ৭৪.৭% লোকে পালন কৰে। ভূটানৰ সংবিধানত উল্লেখ আছে যে, বৌদ্ধ ধৰ্ম হৈছে ৰাজ্যখনৰ “আধ্যাত্মিক ঐতিহ্য”; ভূটানত ধৰ্মৰ স্বাধীনতা ৰজাৰ দ্বাৰা নিশ্চিত কৰিছে। ভূটানৰ দ্বিতীয় ধৰ্ম হৈছে হিন্দু ধৰ্ম।
-
মংগোলীয় সন্ন্যাসী
মংগোলীয় সন্ন্যাসীসকল মংগোলিয়াত বৌদ্ধ ধৰ্মৰ মঠীয়া অনুশীলনকাৰী। মংগোলীয় সন্ন্যাসীসকলে সমগ্ৰ মংগোলিয়া আৰু অন্যান্য দেশৰ বৌদ্ধ মঠ আৰু মন্দিৰত কাম কৰে আৰু বাস কৰে।
-
মধু পূৰ্ণিমা
মধু পূৰ্ণিমা (मधुपुर्णिमा), যাক মধু পূৰ্ণিমাৰ পূৰ্ণিমা উৎসৱ বা মধু অৰ্পণ উৎসৱ বুলিও জনা যায়, এটা বৌদ্ধ ধৰ্মীয় উৎসৱ, যি বাংলাদেশৰ চট্টগ্ৰাম অঞ্চলত থকা বড়ুয়া (বৰুৱা) আৰু চাকমা আৰু থাইলেণ্ডৰ মন জাতিৰ লোকসকলে পালন কৰে। এই উৎসৱটো ভাদ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয়।
-
মাইকুচুমফাই
মাইকুচুমফাই টাই পৰিয়ালৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ। এই উৎসৱ মাঘ বিহুৰ সমসাময়িক আৰু টাই খামটি, টাই আহোম, টাই ফাকিয়াল, টাই টুৰুং, টাই আইতন আৰু টাই খাময়াংসকলে ইয়াক উদযাপন কৰে।
-
মেথিউ ৰিকা
মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।
-
যন্ত্ৰ কাপোৰ
যন্ত্ৰ কাপোৰ বা ফা যন্ত (থাই: ผ้ายันต์) হৈছে যন্ত্ৰ নামেৰে জনাজাত বৌদ্ধ গুপ্ত শিলালিপিৰে সজাই তোলা ৰঙা, ক'লা বা বগা কাপোৰ; যিবোৰ দক্ষিণ-পূব এছিয়াত মৃত বা জীৱিত ঘৰ বা ব্যক্তিৰ আধ্যাত্মিক সুৰক্ষা বিচাৰি ব্যৱহাৰ কৰা হয়।
-
শৰণ লোৱা (বৌদ্ধ ধৰ্ম)
বৌদ্ধ ধৰ্মত শৰণ বা শৰণ লোৱা এটি ধাৰ্মিক কাৰ্য, য'ত প্ৰায় এটি প্ৰাৰ্থনা গোৱা হয় অভ্যাসকালৰ আৰম্ভণিত। সূত্ৰযানত তিনি ৰত্নৰ ওচৰত শৰণ লোৱা হয়: বুদ্ধ, ধৰ্ম আৰু সংঘ। বজ্ৰযানত তিনি ৰত্ন আৰু তিনি গুড়িৰ ওচৰত শৰণ লোৱা হয়।শৰণ লোৱা হ'ল এই আকাংক্ষা যে ত্ৰিৰত্নক অন্তৰত স্থান দি জীৱন যাপন কৰা হ'ব।
-
সুন্দৰী নন্দা
সুন্দৰী, শাক্যৰ ৰাজকুমাৰী, যাৰ সম্পূৰ্ণ নাম সুন্দৰী নন্দা। তেওঁ ৰজা শুদ্ধোধন আৰু ৰাণী মহাপাজাপতি গৌতমীৰ কন্যা আছিল। তেওঁ সিদ্ধাৰ্থ গৌতমৰ, যি পিছলৈ বুদ্ধ হৈছিল, সতীয়া ভগ্নী আছিল। সতীয়া ভায়েকৰ জ্ঞান লাভৰ পিছত সুন্দৰীয়ে সন্যাস গ্ৰহণ কৰি ভিক্ষুণী হৈ পৰিছিল।
-
হয়গ্ৰীৱ (বৌদ্ধ ধৰ্ম)
চীনা, তিব্বতী আৰু জাপানী বৌদ্ধ ধৰ্মত হয়গ্ৰীৱ এজন গুৰুত্বপূৰ্ণ দেৱতা। তেওঁৰ উৎপত্তি ভাৰতত অৱলোকিতেশ্বৰ বা গুয়ায়িন বোধিসত্ত্বৰ যক্ষ পৰিচাৰক হিচাপে হৈছিল।
-
হুপ টেম
হুপ টেম (ইংৰাজী: Hup taem বা hoop taem) (থাই: ฮูปแต้ม; অৰ্থ: ছবি অঁকা) হ’ল এক ইচান লোককলাৰ শৈলী। এই দেৱাল চিত্ৰসমূহ বৌদ্ধ মন্দিৰৰ 'অৰ্ডিনেশ্বন হল' বা চিমত পোৱা যায়।