অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

চতুৰাৰ্য সত্য

বৌদ্ধ ধৰ্মত চতুৰাৰ্য সত্য (সংস্কৃত: catvāri āryasatyāni; cattāri ariyasaccāni) হ'ল "আৰ্যসকলৰ সত্য" বা "আধ্যাত্মিকভাৱে যোগ্যসকলৰ সত্য"। এই চাৰি সত্য হ'ল: * দুঃখ সংসাৰৰ এটি স্বাভাৱিক গুণ। সমুদায়: দুঃখৰ কাৰণ টান (পালি ভাষাত তন্‌হা, হেঁপাহ, ইচ্ছা আদি)।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৫ ৪৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বৌদ্ধ ধৰ্মত চতুৰাৰ্য সত্য (সংস্কৃত: catvāri āryasatyāni; cattāri ariyasaccāni) হ'ল "আৰ্যসকলৰ সত্য" বা "আধ্যাত্মিকভাৱে যোগ্যসকলৰ সত্য"।১২ এই চাৰি সত্য হ'ল:

  • দুঃখ সংসাৰৰ এটি স্বাভাৱিক গুণ।৩৪৫
  • সমুদায়: দুঃখৰ কাৰণ টান (পালি ভাষাত তন্‌হা, হেঁপাহ, ইচ্ছা আদি)।৬৭৮ ই দুঃখৰ কাৰণেই নহয়, আমাক দুঃখৰ সৈতে বান্ধি ৰখা কাৰকো হ'ব পাৰে, বা দুঃখৰ পৰা মুক্তিৰ প্ৰচেষ্টাৰ ফলো হ'ব পাৰে।৯
  • নিৰোধ: দুঃখ শেষ কৰিবলৈ টান কমাব লাগিব,১০১১১২ বা বাধিত কৰিব লাগিব।১৩
  • মাগ্গ: অষ্টাংগিক আৰ্য মাৰ্গেৰে (পালি ভাষাত আৰিয় অট্ঠাংগিকা মাগ্গ) টান আৰু দুঃখক সীমিত কৰিব পৰা যায়।১৪১৫১৬

ভূমিকা

এই চাৰি সত্য অনেক ৰূপত পুৰণি বৌদ্ধ শাস্ত্ৰত উল্লিখিত।১৭ এইকেইটাক সাধাৰণতে গৌতম বুদ্ধৰ প্ৰথম শিক্ষা বোলা হয়। বৌদ্ধ ধৰ্মৰ আতাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষা বুলি দাবী কৰা হোৱা এই সত্যসমূহৰ১৮ প্ৰতীকী আৰু প্ৰস্তাৱনামূলক ভূমিকা আছে।১৯ প্ৰতীকী ৰূপত এই সত্যই বুদ্ধৰ জাগৰণ আৰু মুক্তি সূচায়, আৰু এই কথা সূচায় যে বুদ্ধৰ অনুগামীসকলেও একেধৰণৰ আধ্যাত্মিক অনুভৱ লাভ কৰিব পাৰিব।২০ প্ৰস্তাৱনাৰ ৰূপত, এই চাৰি সত্যই পালি ধৰ্মশাস্ত্ৰ আৰু আগৰ মিশ্ৰিত সংস্কৃত বৌদ্ধ শাস্ত্ৰৰ ধাৰণাগত ৰূপৰেখা বুজায়।২১ তাত ই বহল "শিক্ষাৰ জাল"ৰ বা "ধম্ম আব্যুহ"ৰ এটি অংশ২২ যাৰ সকলো সদস্যকে একেলগে অধ্যয়ন কৰা উচিত।২৩ ই এটি ধাৰণাগত কাঠামো প্ৰদান কৰে বৌদ্ধ চিন্তা প্ৰকাশ কৰিবলৈ, যাক ব্যক্ৰিগতভাৱে বুজিব বা "অনুভৱ" কৰিব লাগিব।২৪

অৰ্থ

প্ৰস্তাৱনা হিচাপে, এই চাৰি সত্যৰ কোনো নিশ্চিত সংজ্ঞা নাই। ই বৌদ্ধ ধৰ্মৰ প্ৰাথমিক অভিমুখীতা প্ৰকাশ কৰে:২৫ অনাৰক্ষিত সংবেদনশীল সংস্পৰ্শ টান আৰু অস্থায়ী অৱস্থা তথা বস্তু ধৰি ৰখাৰ কাৰণ,২৬ যি দুঃখ।২৭২৮২৯৩০৩১ এই টানেই আমাক সংসাৰত বান্ধি ৰাখে, আৰু তাৰ লগতেই দুঃখ বাৰম্বাৰ আমাৰ কাষলৈ আহে। ই জীৱন আৰু মৃত্যুৰ অন্তহীন চক্ৰক বুজায়, কিন্তু লগতে আকৰ্ষণ আৰু প্ৰত্যাখ্যানৰ চক্ৰকো বুজায় যিয়ে অহং-মনক বৰ্তাই ৰাখে। এই চক্ৰক শেষ কৰাৰ এটি উপায় আছে:৩২ নিৰ্বাণ প্ৰাপ্তি, টানৰ অন্ত, যাৰ পাছত পুনৰ্জন্ম আৰু তাৰ লগত অহা দুঃখৰ আৰু কেতিয়াও উদয় নহয়।৩৩ ইয়াক লাভ কৰিবলৈ অষ্টাংগিক আৰ্য মাৰ্গ অনুসৰণ কৰিব লাগিব: সংবেদনশীল সংস্পৰ্শেৰে হোৱা স্বয়ংক্ৰিয় প্ৰতিক্ৰিয়াক বাধিত কৰি, অনুশাসন বৃদ্ধি কৰি আৰু ধ্যান কৰি।৩৪৩৫

স্থান

চতুৰাৰ্য সত্যৰ ভূমিকা আৰু গুৰুত্ব সময়ৰ সৈতে বিকশিত হ'ল, আৰু ইয়াক লাহে লাহে বুদ্ধৰ প্ৰথম শিক্ষা হিচাপে মান্যতা প্ৰদান কৰা হ'ল।৩৬ এনে হ'ল যেতিয়া প্ৰজ্ঞা, বা "মুক্তিদায়ী অন্তৰ্দৃষ্টি"ক নিজতেই মুক্তিদায়ী জ্ঞান কৰিবলৈ লোৱা হ'ল৩৭৩৮ ধ্যানৰ লগত বা ধ্যানৰ স্থানত।৩৯ প্ৰজ্ঞাই সূত্ৰসমূহত বিশেষ স্থান লাভ কৰিলে, আৰু এই চতুৰাৰ্য সত্যই তাক প্ৰতিনিধিত্ব কৰে, বুদ্ধৰ প্ৰবোধনৰ কাহিনীৰ অংশ হিচাপে।৪০৪১

এই চতুৰাৰ্য সত্য পঞ্চম শতিকালৈ থেৰবাদৰ এক অতিকৈ গুৰুত্বপূৰ্ণ অংগ হৈ পৰিল।৪২৪৩ থেৰবাদত বিশ্বাস কৰা হয় যে এই চাৰি সত্যৰ জ্ঞান নিজতেই মুক্তিদায়ী।৪৪ এই সত্যকেইটাৰ মহত্ব মহাযানত তুলনামূলকভাৱে কম, য'ত প্ৰজ্ঞাৰ উচ্চতৰ উদ্দেশ্যা শূন্যতা আৰু বোধিসত্ত্ব মাৰ্গ এই যাত্ৰাত গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰা হয়।৪৫ মহাযানত এই চাৰি সত্যৰ পুনৰ্ব্যাখ্যা প্ৰদান কৰা হ'ল, এই কথা বুজাবলৈ যে কিদৰে মুক্ত জীৱো "এই জগতত ব্যাপকভাৱে কাৰ্যক্ষম হ'ব পাৰে"।৪৬ ঊনবিংশ শতিকাত পশ্চিমীয়া ঔপনিৱেশিকতাবাদীসকলৰ বৌদ্ধ ধৰ্ম আৱিষ্কাৰ আৰু বৌদ্ধ আধুনিকতাবাদৰ উত্থানৰ লগতে পাশ্চাত্যত এই চাৰি সত্যক বৌদ্ধ ধৰ্মৰ মূল শিক্ষা হিচাপে প্ৰচাৰ কৰা হ'ল।৪৭৪৮ কেতিয়াবা কেতিয়াবা এই সত্যকেইটাৰ নতুন ব্যাখ্যা পাশ্চাত্যত দেখা যায়, যি পৰম্পৰাগতভাৱে এছিয়াত পোৱা ব্যাখ্যাতকৈ পৃথক।৪৯৫০৫১

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Williams Tribe Wynne, পৃ. 41
  2. ↑ [a] Four Noble Truths: BUDDHIST PHILOSOPHY, Encyclopaedia Britannica, Quote: "Although the term Four Noble Truths is well known in English, it is a misleading translation of the Pali term Chattari-ariya-saccani (Sanskrit: Chatvari-arya-satyani), because noble (Pali: ariya; Sanskrit: arya) refers not to the truths themselves but to those who recognize and understand them. A more accurate rendering, therefore, might be “four truths for the [spiritually] noble” [...]"; [b]Arhat (Buddhism), Encyclopædia Britannica
  3. ↑ Four Noble Truths: BUDDHIST PHILOSOPHY, Encyclopaedia Britannica, Quote: "The first truth, suffering (Pali: dukkha; Sanskrit: duhkha), is characteristic of existence in the realm of rebirth, called samsara (literally “wandering”)."
  4. ↑ Anderson 2004, পৃ. 295–297. Quote: "This, bhikkhus, is the noble truth that is suffering. Birth is suffering; old age is suffering; illness is suffering; death is suffering; sorrow and grief, physical and mental suffering, and disturbance are suffering. [...] In short, all life is suffering, according to the Buddha’s first sermon."
  5. ↑ Anderson 2004, পৃ. 295–297. Quote: "This, bhikkhus, is the noble truth that is suffering. Birth is suffering; old age is suffering; illness is suffering; death is suffering; sorrow and grief, physical and mental suffering, and disturbance are suffering. [...] In short, all life is suffering, according to the Buddha’s first sermon."
  6. ↑ Four Noble Truths: BUDDHIST PHILOSOPHY, Encyclopaedia Britannica, Quote: "The second truth is the origin (Pali and Sanskrit: samudaya) or cause of suffering, which the Buddha associated with craving or attachment in his first sermon."
  7. ↑ Anderson 2004, পৃ. 295–297. Quote: "The second truth is samudaya (arising or origin). To end suffering, the four noble truths tell us, one needs to know how and why suffering arises. The second noble truth explains that suffering arises because of craving, desire, and attachment."
  8. ↑ Anderson 2004, পৃ. 295–297. Quote: "The second truth is samudaya (arising or origin). To end suffering, the four noble truths tell us, one needs to know how and why suffering arises. The second noble truth explains that suffering arises because of craving, desire, and attachment."
  9. ↑ Brazier 2001
  10. ↑ Batchelor 2012, পৃ. 95–97
  11. ↑ Anderson 2004, পৃ. 295–297, Quote: "The third truth follows from the second: If the cause of suffering is desire and attachment to various things, then the way to end suffering is to eliminate craving, desire, and attachment. The third truth is called nirodha, which means “ending” or “cessation.” To stop suffering, one must stop desiring."
  12. ↑ Anderson 2004, পৃ. 295–297, Quote: "The third truth follows from the second: If the cause of suffering is desire and attachment to various things, then the way to end suffering is to eliminate craving, desire, and attachment. The third truth is called nirodha, which means “ending” or “cessation.” To stop suffering, one must stop desiring."
  13. ↑ Brazier 2001
  14. ↑ Anderson 2004, পৃ. 295–297, Quote: "This, bhikkhus, is the noble truth that is the way leading to the ending of suffering. This is the eightfold path of the noble ones: right view, right intention, right speech, right action, right livelihood, right effort, right mindfulness, and right concentration.[..] The Buddha taught the fourth truth, maarga (Pali, magga), the path that has eight parts, as the means to end suffering."
  15. ↑ Anderson 2004, পৃ. 295–297, Quote: "This, bhikkhus, is the noble truth that is the way leading to the ending of suffering. This is the eightfold path of the noble ones: right view, right intention, right speech, right action, right livelihood, right effort, right mindfulness, and right concentration.[..] The Buddha taught the fourth truth, maarga (Pali, magga), the path that has eight parts, as the means to end suffering."
  16. ↑ Norman 2003, পৃ. 219, 222
  17. ↑ Anderson 1999, পৃ. 56, Quote: "There are different grammatical forms in which the four noble truths appear throughout the canonical corpus; there is no one formula for the four noble truths."
  18. ↑ Anderson 1999, পৃ. 55, Quote: "As the context of the Buddha's first talk on dhamma, the four noble truths are recognized as perhaps the most important teaching of the Buddha."
  19. ↑ Anderson 1999, পৃ. 223–231
  20. ↑ Anderson 1999, পৃ. 56
  21. ↑ Anderson 1999, পৃ. 55, Quote: "The four noble truths are an important part of the Buddha's biography that is recorded partially in the Pali Tipitaka as well as in the Tripitaka recorded in Buddhist Hybrid Sanskrit. [... They] were at the center of a specific set of teaching about the Buddha, his teachings, and the path."
  22. ↑ Anderson 2001, পৃ. 86
  23. ↑ Anderson 2001, পৃ. 85
  24. ↑ Makransky 1997, পৃ. 27–28
  25. ↑ Gethin 1998, পৃ. 59
  26. ↑ Nyanatiloka 1980, পৃ. 65
  27. ↑ Khantipalo 2003, পৃ. 41
  28. ↑ Ajahn Sumedho, The First Noble Truth
  29. ↑ Nyanatiloka 1980, পৃ. 65
  30. ↑ Emmanuel 2015, পৃ. 30
  31. ↑ Emmanuel 2015, পৃ. 30
  32. ↑ Warder 1999, পৃ. 45–46
  33. ↑ Buswell Lopez 2003, পৃ. 304
  34. ↑ Raju 1985, পৃ. 147–151
  35. ↑ Eliot 2014, পৃ. 39–41
  36. ↑ Anderson 1999, পৃ. 55, Quote: "However, the four noble truths do not always appear in the stories of the Buddha's enlightenment where we might expect to find them. This feature may indicate that the four noble truths emerged into the canonical tradition at some point and slowly became recognized as the first teaching of the Buddha, [...]."
  37. ↑ Bronkhorst 1993, পৃ. 99–100, 102–111
  38. ↑ Anderson 1999, পৃ.
  39. ↑ Bronkhorst 1993, পৃ. 99–100, 102–111
  40. ↑ Gombrich 1997, পৃ. 99–102
  41. ↑ Bronkhorst 1993, পৃ. 93–111
  42. ↑ Anderson 1999, পৃ. 55–56
  43. ↑ Anderson 1999, পৃ. 230–231
  44. ↑ Carter 1987, পৃ. 3179
  45. ↑ Carter 1987, পৃ. 3179–3180
  46. ↑ Makransky 1997, পৃ. 346–347
  47. ↑ Harris 2006, পৃ. 72–73
  48. ↑ Anderson 2001, পৃ. 196
  49. ↑ Keown 2009, পৃ. 60–63, 74–85, 185–187
  50. ↑ Konik 2009, পৃ. ix
  51. ↑ Konik 2009, পৃ. ix

সম্পৰ্কিত শ্ৰেণী

বৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চতুৰাৰ্য সত্য” প্ৰবন্ধৰ সংশোধন ৪৬৭৩৮০ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।