বুদাই বা পু টাই১২ এজন চীনা লোক দেৱতা। তেওঁৰ নামৰ অৰ্থ কাপোৰৰ দম। আৰু এই নাম তেওঁ অনবৰতে কঢ়িয়াই ফুৰে কাপোৰৰ বেগৰ পৰা আহিছে। তেওঁক সাধাৰণতে বুদ্ধৰ অৱতাৰ মৈত্ৰেয় বুলি গণ্য কৰা হয়। তেওঁক সকলো সময়তে হাঁহি থকা দেখা যায়, সেয়ে চীনা ভাষাত তেওঁৰ আন এটা নাম হল লাফিং বুদ্ধ বা হাঁহিমুখীয়া বুদ্ধ(笑佛 Xiào Fó).১৩ পাশ্চাত্যৰ ফালে বুদাইক ভুলক্ৰমে বুদ্ধ বুলি গণ্য কৰা হয়। সেয়ে ফেট বুদ্ধ বা শকত বুদ্ধ(胖佛 Pàng Fó)৪ বোলে।
জাপানী ভাষাত তেওঁৰ নাম হোতেই। তেওঁ বৌদ্ধ ধৰ্ম, তাও ধৰ্ম আৰু শিন্ত ধৰ্মৰ সংস্কৃতিৰ লগত জড়িত। তেওঁক বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীৰ বাহিৰেও মানুহৰ ঘৰত, ব্যৱসায়িক প্ৰতিষ্ঠান আদিত দেখা পোৱা যায়। বুদাই সুখ আৰু সমৃদ্ধিৰ দেৱতা হিচাপে গণ্য কৰা হয়। জাপানত হোতেই সপ্ত সৌভাগ্যদাতা দেৱতাৰ অন্যতম।
বৰ্ণনা
বুদাইক সাধাৰণতে এজন তপা, শকত আৱত আৰু ঢিলা চোলা পিন্ধা মানুহ হিচাপে উপস্থাপন কৰা হয়।১৩৫ তেওঁ লগতে বৌদ্ধ প্ৰাৰ্থনা মালা পিন্ধে বা লগত লৈ ফুৰে। তেওঁ লগতে এটা কাপোৰৰ বেগ কঢ়িয়াই ফুৰে।৩ তেওঁ সাধাৰণতে লৰা ছোৱালীৰ লগত মনোৰঞ্জন কৰি থকা দেখুওৱা হয়।৩
ইতিহাস
চীনা ইতিহাস মতে, বুদাই এজন চান বৌদ্ধ ভিক্ষু আছিল (禅chán)।৬ তেওঁ ৯০৭-৯২৩ খ্ৰীষ্টাব্দৰ কালছোৱাত পিছৰ লিয়াং সাম্ৰাজ্যৰ কালত চীন দেশত বাছ কৰিছিল। তেওঁ ঝেজিয়াঙৰ স্থানীয় লোক আছিল আৰু তেওঁৰ বৌদ্ধ নাম কীয়েইচি আছিল (契qiècǐ)।২ তেওঁ এজন সৎ আৰু মৰমিয়াল প্ৰকৃতিৰ লোক আছিল।

আন এক মত মতে বুদাই শাক্য মুনি গৌতম বুদ্ধ সময়ৰ। তেওঁ অংগীদা নামৰ এক ভিক্ষু আছিল, যাৰ অৰ্থ বেগ।৭ লোককথা মতে, তেওঁ এজন ভাৰতীয় সাপ ধৰোতা আছিল আৰু বিষাক্ত সাপ ধৰি তেওঁ মানুহক সাপে কামোৰাৰ পৰা বচাইছিল। বুদাই আৰু অংগীদা দেখিবলৈ প্ৰায়ে একে হাঁহিমুখীয়া আৰু বেগ লৈ ফুৰে।
বিশ্বাস আৰু বুদাইৰ উপাসনা
চান বৌদ্ধ
এওঁলোকৰ মতে বুদাই এজন ভ্ৰমণ প্ৰিয় আৰু তেওঁ সৰু দুখীয়া লৰা ছোৱালীক মিঠৈ বিলাই ফুৰে। এদিন এজন ভিক্ষুয়ে তেওঁক চানৰ অৰ্থ সুধিলে। বুদাইয়ে নিজৰ বেগ থৈ ওলোটাই তেওঁক সুধিলে যে এজনে চানৰ পৰা কি পায়। তাৰ পিছত তেওঁ বেগটো লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলে।
ফ্ৰা শংকাদচাই
থাইলেণ্ডত বুদাইক ফ্ৰা শংকাদচাই বা শংকাদচাই (থাই ভাষা: พระสังกัจจายน์). Phra Sangkadchai) হিচাপে গণ্য কৰা হয়। তেওঁ এজন পালি বৌদ্ধ আছিল। ধৰ্মৰ সঠিক বাখ্যা আগবঢ়োৱা বাবে গৌতম বুদ্ধয়ে তেওঁৰ প্ৰশংসা কৰিছিল।

ফ্ৰা শংকাদচাই আৰু বুদাই দুয়োকে থাই আৰু চীনা মন্দিৰত দেখা যায়। শংকাদচাই ঘাইকৈ থাই আৰু বুদাই চীনা মন্দিৰত দেখা যায়। দুয়োৰে সামান্য পাৰ্থক্য আছে,
- ফ্ৰা শংকাদচাইৰ অলপ চুলি থাকে কিন্তু বুদাই সম্পূৰ্ণ তপা।
- ফ্ৰা শংকাদচাইৰ পোছাক বৌদ্ধ শৈলীৰ আৰু বুদাইড চীনা শৈলীৰ।
লোকবিশ্বাস
এক জনপ্ৰিয় বিশ্বাস মতে, বুদাইৰ পেটত ঘঁহিলে সমৃদ্ধি, সৌভাগ্য আৰু ৰিদ্ধি আহে। সেয়ে ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ইয়াক দেখা যায়।
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Cook, Francis Dojun. (2002). How To Raise an Ox. Wisdom Publications. পৃ. 166 note 76. ISBN 9780861713172
- ↑ The Laughing Buddha. About.com
- ↑ The Laughing Buddha. Religionfacts.com
- ↑ Peterson, Christopher. (July 17, 2012). When Did the Buddha Become Fat?. Psychology Today
- ↑ (2008-11-16). Hotei. Uwec.edu
- ↑ Seo, Audrey Yoshiko; Addiss, Stephen. (2010). The Sound of One Hand: Paintings and Calligraphy by Zen Master Hakuin. Shambhala Publications. পৃ. 205. ISBN 9781590305782
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুদাই” প্ৰবন্ধৰ সংশোধন ৬৩১৫২৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।